নেশ্যনেল ডেস্ক, 18 অক্টোবৰ : অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আজিৰে পৰা ঘৰুৱা বিমানসমূহ 100 শতাংশ যাত্ৰীৰে চলাচলৰ অনুমতি প্ৰদান কৰিছে ৷ ইয়াৰ লগতে মন্ত্ৰালয়ে দেশৰ এয়াৰলাইনছ তথা বিমান বন্দৰসমূহত সেইসমূহ প্ৰট’কল পালনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে, যাৰ দ্বাৰা সাংসদসকলক বিশেষ অধিকাৰ প্ৰদান কৰা হয় ৷ প্ৰট’কল ভংগ হোৱা কিছু ঘটনা মন্ত্ৰালয়ৰ দৃষ্টিগোচৰ হোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰালয়ে ৷
মন্ত্ৰালয়ে চলিত বৰ্ষৰ 21 ছেপ্তেম্বৰত এক বিবৃতিযোগে কৈছিল যে, বিমান বন্দৰসমূহত সাংসদসকলক লৈ সময়ে সময়ে নিৰ্দেশ জাৰি কৰা হৈছে ৷ প্ৰট’কল অনুসৰি সাংসদসকলক দেশৰ সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংৰক্ষিত লাউঞ্জৰ সুবিধা প্ৰদান কৰিব লাগিব ৷ তেওঁলোকক চাহ-কফি বা পানী বিনামূলীয়াকৈ যোগান ধৰিব লাগিব ৷ 2007 চনত জাৰি কৰা প্ৰট’কলৰ নিৰ্দেশনাত এই কথা সন্নিৱিষ্ট আছিল ৷
ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু অন্যান্য বিমানবন্দৰ পৰিচালকসকলে সংসদ ভৱনৰ কাৰ পাৰ্কৰ বাবে সাংসদসকলক জাৰি কৰা পাছৰ ওপৰত ভিত্তি কৰি ভিআইপি কাৰ পাৰ্কিং এলেকাত সাংসদসকলৰ বাহন ৰখাৰ সুবিধা প্ৰদান কৰিব লাগে ।
প্ৰাক্তন অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ২১ নৱেম্বৰ ২০১৯ ত লোকসভাত জনাইছিল যে, সকলো ঘৰুৱা, ব্যক্তিগত বিমানবন্দৰ আৰু বিমান সেৱাই এই প্ৰট’কল অনুসৰণ কৰা উচিত । প্ৰট’কলৰ অধীনত এয়াৰলাইনছবোৰত এজন ডিউটি মেনেজাৰ বা জ্যেষ্ঠ কৰ্মচাৰী থাকিব লাগিব ৷ যিয়ে সাংসদসকল বিমানবন্দৰত উপস্থিত হ'লে চেক-ইনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাত সহায় কৰে ।
প্ৰট’কল অনুসৰি, সকলো কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (CISF) কৰ্মচাৰীক সঠিক প্ৰশিক্ষণ দিব লাগে যাতে পৰিচয় পত্ৰ বা বৰ্ডিং কাৰ্ডৰ সৈতে পৰিচয় ষ্টিকাৰ আৰু নিৰাপত্তা পৰীক্ষাৰ সময়ত সাংসদসকলক সঠিক সৌজন্য আৰু অগ্ৰাধিকাৰ ৰখাৰ সন্মান কৰিব পাৰি ।
লগতে পঢ়ক : কেৰালাত মহাপ্ৰলয় : মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি