নিউজ ডেস্ক, 28 জুন: পানীপথ চহৰৰ ১৩-১৭ খণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । এটা কুকুৰে চিকিৎসালয়ৰ কোঠাৰ পৰা নিশা লৈ গ’ল এটা নৱজাতক (Dog killed newborn baby) । তথ্য অনুসৰি কেঁচুৱাটো দুদিন আগতে জন্ম হৈছিল । যোৱা নিশা, পৰিয়ালৰ সদস্যসকল শিশুটিৰ সৈতে চিকিৎসালয়ৰ ৱাৰ্ডত শুই থকাৰ সময়তে এটা কুকুৰে শিশুটোক কামুৰি লৈ গৈছিল (Dog took newborn baby from the hospital)।
কিছু দেৰি পাচত যেতিয়া পৰিয়ালৰ লোকে কেঁচুৱাটোক নেদেখে, লগে লগে হুৱাদুৱা লাগে ৷ বিচাৰ-খোচাৰ আৰম্ভ কৰাত দেখে যে, এটা কুকুৰে কামুৰি লৈ গৈ আছে কেঁচুৱাটো ৷ পৰিয়ালৰ লোকে কোনোমতে কুকুৰৰ মুখৰ পৰা কেঁচুৱাটো কাঢ়ি আনে আৰু ততালিকে চিকিৎসকৰ কাষলৈ লৈ যায় ৷ কিন্তু চিকিৎসকে কেঁচুৱাটো মৃত ঘোষণা কৰে (Dog killed baby in Panipat) ৷
জানিব পৰা মতে, সুশান্ত চিটিৰ 3 নং গেটৰ সমীপত থকা আৰ্ট এণ্ড মাডাৰ কেয়াৰ হাস্পতালত সংঘটিত হৈছে এই ঘটনা ৷
যোৱা 25 জুনত ইয়াতেই জন্ম হৈছিল নৱজাতকটিৰ ৷ মহিলা হাস্পতালখনৰ প্ৰথম মহলাত থকা সাধাৰণ কক্ষত মাতৃৰ সৈতে থকা অৱস্থাতে কুকুৰে লৈ যায় নৱজাতকটিক ৷ সেই সময়ত কোঠাটিত আছিল প্ৰসূতিগৰাকীৰ স্বামী আৰু শাহু-শহুৰ ৷ সকলো নিদ্ৰামগ্ন হৈ থকাৰ মাজতে এই কাণ্ড সংঘটিত হয় ৷ এই সমগ্ৰ ঘটনাই চিকিৎসালয়খনৰ ভূমিকাক উদঙাই দিছে ৷
লগতে পঢ়ক : দুষ্কৃতিকাৰীয়ে এশ বছৰ পুৰণি মন্দিৰত পেলাই থৈ গ'ল মৰা কুকুৰ