ETV Bharat / bharat

Kitchen Hacks: ফ্ৰীজ বেয়া হ’লে এতিয়া আৰু চিন্তা নকৰিব! শাক-পাচলি এনেদৰে কৰক সংৰক্ষণ বহুদিনলৈ সতেজ হৈ থাকিব

হঠাৎ ফ্ৰীজটো বেয়া হ’লে শাক-পাচলি মজুত ৰখাৰ টেনচন বাঢ়ি যায় । যদি হঠাৎ ফ্ৰীজ বেয়া হৈ গৈছে আৰু আপুনি শাক-পাচলি সতেজ কৰি ৰাখিব বিচাৰে তেন্তে এই ঘৰুৱা উপায়বোৰ অনুসৰণ কৰিব পাৰে ।

author img

By

Published : Jun 22, 2023, 8:30 PM IST

Do not worry if the fridge is damaged, store vegetables like this, they will remain fresh
ফ্ৰীজ বেয়া হ’লে এতিয়া আৰু চিন্তা নকৰিব! শাক-পাচলি এনেদৰে কৰক সংৰক্ষণ বহুদিনলৈ সতেজ হৈ থাকিব

গ্ৰীষ্মকালত খাদ্য সামগ্ৰী সোনকালে নষ্ট হয় । অত্যধিক তাপ আৰু আৰ্দ্ৰতাৰ বাবে খাদ্য সামগ্ৰীত ৰাসায়নিক বিক্ৰিয়াও হ’বলৈ আৰম্ভ কৰে । মে’-জুন মাহত যদি গাখীৰ বা শাক-পাচলি কিছু সময়ৰ বাবে বাহিৰত থৈ দিয়া হয়, তেন্তে কিছু সময়ৰ পাছত গোন্ধ ওলাবলৈ আৰম্ভ কৰে । গাখীৰ ফাটি যায় । কেতিয়াবা এনেকুৱাও হয় যে গৰমৰ বাবে ফ্ৰীজটোও কাম কৰা বন্ধ হৈ পৰে আৰু বেয়া হৈ যায় ।

হঠাৎ ফ্ৰীজটো বেয়া হ’লে শাক-পাচলি মজুত ৰখাৰ টেনচন বাঢ়ি যায় । যদি হঠাৎ ফ্ৰীজ বেয়া হৈ গৈছে আৰু আপুনি শাক-পাচলি সতেজ কৰি ৰাখিব বিচাৰে তেন্তে এই ঘৰুৱা উপায়বোৰ নিশ্চয় এবাৰ চেষ্টা কৰি চাব পাৰে ৷

পাতজাতীয় শাক-পাচলিৰ বাবে টিপছ

হঠাতে ফ্ৰীজ বেয়া হোৱাৰ বাবে আপোনাৰ পাতজাতীয় শাক-পাচলি নষ্ট হোৱাৰ বাবে আপুনি চিন্তিত নেকি ? সংৰক্ষণ কৰাৰ পূৰ্বে পৰিষ্কাৰ কৰি ধুই লওক । টোপোলা বা প্লাষ্টিকৰ বাকচত থৈ খোলাকৈ থৈ দিব । মাজতে ইয়াৰ ওপৰত পানী ছটিয়াই থাকিব ।

শাক-পাচলি এনেদৰে সংৰক্ষণ কৰক

যদি আপুনি কেপচিকাম, বীন বা অন্যান্য শাক-পাচলি ফ্ৰীজৰ বাহিৰত ৰাখিব বিচাৰে, তেন্তে পুৰণি পদ্ধতি অনুসৰণ কৰক । শাক-পাচলি পৰিষ্কাৰ কৰি তাৰ পিছত পৰিষ্কাৰ কপাহী কাপোৰত ৰাখিব । কাপোৰত থোৱাৰ আগতে তিয়াই লওক আৰু তাৰ পিছত শাক-পাচলিখিনি ৰাখিব । এনে ঠাইত ৰাখক য’ত উষ্ণতা স্বাভাৱিক হৈ থাকে । এই কাপোৰখন মাজত পানী দি তিয়াই থাকিব ।

বিলাহী কেনেকৈ দীৰ্ঘদিনলৈ সংৰক্ষণ কৰিব

বিলাহী বাহিৰতো ৰাখিব পাৰি, কিন্তু ফ্ৰীজত ৰখাটোৱেই উত্তম । যদি আপুনি ফ্ৰীজ নষ্ট হোৱাৰ পিছতো সতেজ কৰি ৰাখিব বিচাৰে তেন্তে নহৰুৰ উপায় ব্যৱহাৰ কৰি চাব পাৰে । ইয়াৰ বাবে য'ত আপুনি বিলাহী ৰাখিছে তাত তাৰ লগত নহৰুৰ কলি কেইটামান ৰাখক ।

আলু সংৰক্ষণৰ টিপছ

আলু বা পিঁয়াজ ফ্ৰীজত নাৰাখিলেও গৰমত ৰাখিবলৈ কিছুমান বস্তুৰ ধ্যান ৰখাটো প্ৰয়োজনীয় । আলু আৰু পিঁয়াজৰ বাবে বিশেষ যত্ন লওক যাতে আপুনি ইয়াক ৰখা ঠাইখন বেছি গৰম নহয় ।

লগতে পঢ়ক: Lychee Lemonade: ৰোগ প্ৰতিৰোধ ক্ষমতা-হজম শক্তি বৃদ্ধি কৰিবলৈ গ্ৰীষ্মকালত খাওক লিচুৰে তৈয়াৰী এইবিধ পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.