ETV Bharat / bharat

Pomegranate Peels Benefits: আৱৰ্জনা বুলি গণ্য কৰা ডালিমৰ বাকলিৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

author img

By

Published : Apr 12, 2023, 1:59 PM IST

সাধাৰণতে আমি আৱৰ্জনা বুলি গণ্য কৰা ডালিমৰ বাকলিৰ আছে অনেক উপকাৰিতা ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাম ইয়াৰ কেইটিমান এনে উপকাৰিতা যাৰ পিচত হয়তো আপুনি ডালিমৰ বাকলিক কেতিয়াও ডাষ্টবিনত পেলাই নিদিয়ে ৷

Do not consider pomegranate peels as useless many secrets of your health are hidden in it
আৱৰ্জনা বুলি গণ্য কৰা ডালিমৰ বাকলিৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

মানুহে ডালিমৰ বাকলিক আৱৰ্জনা বুলি গণ্য কৰি ডাষ্টবিনত পেলাই দিয়ে, কিন্তু ডালিমৰ বাকলি কিমান উপকাৰী সেই কথাও জানি আপুনি আচৰিত হ’ব । ডালিমৰ বাকলি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী (Benefits of Pomegranate Peels)।

ডালিমৰ গুটিয়ে আমাৰ শৰীৰৰ যিদৰে উপকাৰ সাধন কৰে । ঠিক একেদৰেই ইয়াৰ বাকলিও আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ইয়াৰ ভিতৰত বহুতো গোপন উপকাৰিতা লুকাই আছে, যিসমূহ জানিলে আপুনিও ডালিমৰ বাকলি কেতিয়াও আৱৰ্জনা বুলি ভাবি পেলাই নিদিয়ে । আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক জনাম যে কিদৰে আৰু কি কামত আপুনি ডালিমৰ বাকলি ব্যৱহাৰ কৰিব পাৰে (Pomegranate Peels)।

স্বাস্থ্যৰ বাবে অতি উপকাৰী

আপোনাৰ স্বাস্থ্যৰ বাবে ডালিমৰ গুটি অতি উপকাৰী (Benefits of Pomegranate Peels)। যিসকলে দৈনিক ডালিম খায় তেওঁলোকে কেতিয়াও ৰক্তহীনতাত ভুগিব নোৱাৰে ৷ যিসকলৰ ৰক্তহীনতা থাকে, যদি তেওঁলোকক এমাহলৈকে অবিৰতভাৱে ডালিমৰ ৰস দিয়া হয়, তেন্তে সেই অভাৱ সম্পূৰ্ণ হয়। ইয়াৰ বাহিৰেও ই আপোনাৰ পেটটো সদায় সুস্থ কৰি ৰাখে । ডালিমে পেটৰ সৈতে জড়িত ৰোগ নিৰাময় কৰাৰ লগতে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে (Healthy tips)। ই আমাৰ শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে ।

বাকলিবোৰ শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি লওক

যেতিয়া আপুনি ডালিম খায় তেতিয়া ডালিমৰ গুটিবোৰ বাকলিৰ পৰা গুচাই লোৱাৰ পিচত ইয়াক শুকুৱাই ল’ব । ইয়াৰ পিচত ইয়াৰ গুড়ি তৈয়াৰ কৰি এই গুড়ি পানীৰ সৈতে বা শুকানকৈ দৈনিক সেৱন কৰক । ইয়াৰ লগে লগে আপুনি আপোনাৰ শৰীৰত বহু পৰিৱৰ্তন দেখিব ।

এইক্ষেত্ৰত প্ৰভাৱিত ডালিমৰ বাকলি

যদি আপুনি দৈনিক এই গুড়ি সেৱন কৰে, তেন্তে আপোনাৰ ছালখন অতি সুস্থ হৈ উঠিব । ইয়াৰ বাহিৰেও ডিঙিৰ বিষত বহুত সকাহ লাভ কৰিব আৰু ই ওজন কমোৱাৰ বাবে আটাইতকৈ উপকাৰী ।

পাচনতন্ত্ৰ শক্তিশালী কৰে

ডালিমৰ বাকলিয়ে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰে । কাণৰ সমস্যা থকাসকলৰ বাবেও ই অতি উপকাৰী । যিসকলৰ কাণত বিষ বা আন কোনো সমস্যা আছে, সেই সকলোবোৰ নিৰাময় হয় ।

লগতে পঢ়ক: Tips to stay healthy: ৩টা উপায়েৰে দূৰ কৰক ৫০ বছৰৰ পিচত মহিলাৰ হাৰ্ট এটেক-ষ্ট্ৰোকৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.