ETV Bharat / bharat

Rahul Gandhi disqualify issue : অযোগ্য ঘোষণাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া

author img

By

Published : Mar 25, 2023, 2:58 PM IST

সাংসদ পদ খাৰিজ কৰাৰ পাছতে ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰে (Rahul Gandhi press conference)। পুনৰবাৰ প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ সম্পৰ্কক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে । সদনৰ নিয়মক লৈও উদ্বেগ প্ৰকাশ গান্ধীৰ । উচ্চ আদালতৰ কাষ চাপিব কংগ্ৰেছ দল ।

Rahul Gandhi disqualify issue
অযোগ্য ঘোষণাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে (Rahul Gandhi disqualified from Lok Sabha)। ৱায়ানাড় সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য হোৱা ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সাংসদ পদ খাৰিজ কৰাৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিলে ৰাহুল গান্ধীয়ে (Rahul Gandhi first reaction after disqualification)। অৱশ্যে তেওঁ নিজৰ স্থিতিতে অটল আছে ।

ৰাহুল গান্ধীৰ মতে তেওঁক অযোগ্য ঘোষণা কৰিলেও বা কাৰাগাৰলৈ প্ৰেৰণ কৰিলেও প্ৰশ্ন কৰিয়ে থাকিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ব্যৱসায়ী গৌতম আদানিৰ সম্পৰ্কক লৈ তেওঁ প্ৰশ্ন কৰিয়ে থাকিব (Rahul Gandhi on Modi and Adani relation)। আনহাতে আদানিৰ শ্বেল কোম্পানীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে আৰু সেইবোৰত বিনিয়োগ কৰা ২০,০০০ কোটি টকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ।

ৰাহুল গান্ধীয়ে কয় যে তেওঁ সদনত আদানিৰ শ্বেল কোম্পানীৰ প্ৰমাণ দেখুৱাইছিল আৰু আদানি-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজৰ সম্পৰ্কৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । আনকি মোডী, আদানি আৰু অষ্ট্ৰেলিয়াৰ ষ্টেট বেংকৰ অধ্যক্ষৰ সৈতে তেওঁলোকৰ কথিত ঘনিষ্ঠতাৰ প্ৰমাণ হিচাপে এখন ফটোও প্ৰকাশ কৰিছিল ।

ৰাহুল গান্ধীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে আদানিৰ কোম্পানীত বিনিয়োগ কৰা ২০,০০০ কোটি টকাৰ বিষয়ে কোনেও কিয় প্ৰশ্ন কৰা নাই । ৰাহুল গান্ধীৰ মতে আদানি আন্তঃগাঁথনিৰ ব্যৱসায়ত জড়িত আছিল কিন্তু তেওঁৰ ওচৰত টকা নাছিল । ৰাহুল গান্ধীৰ প্ৰশ্ন তেওঁৰ হাতলৈ টকাখিনি ক'ৰ পৰা আহিছিল ? এই ক্ষেত্ৰত এজন চীনা নাগৰিক জড়িত থকা বুলিও প্ৰশ্ন কৰে ৰাহুল গান্ধীয়ে (Rahul Gandhi reacts on Adani Shell company)।

ৰাহুল গান্ধীৰ মতে তেওঁৰ ভাষণ প্ৰত্যাহাৰ কৰাৰ পাছত সকলো যুক্তি উল্লেখ কৰি অধ্যক্ষলৈ তেওঁৰ স্থিতি স্পষ্ট কৰিছিল । ৰাহুল গান্ধীৰ মতে অভিযোগবোৰ তেওঁৰ নিজৰ নহয় । সংবাদ মাধ্যমত প্ৰবন্ধৰ ৰূপত উপলব্ধ তথ্যৰ ভিত্তিত হে তেওঁ অভিযোগ উত্থাপন কৰিছিল ।

সংসদৰ নিয়মক লৈও প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে (Rahul questioned over rules of Parliament)। ৰাহুল গান্ধীৰ হুংকাৰ তেওঁক অযোগ্য ঘোষণা কৰক বা কাৰাগাৰত ৰাখক, কিন্তু তেওঁক ভয় খুৱাব নোৱাৰিব । ৰাহুল গান্ধীয়ে গণতন্ত্ৰৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি আৰু প্ৰতিদিনে সংঘটিত হোৱা বিভিন্ন ঘটনাৰ উদাহৰণ দাঙি ধৰে ।

ৰাহুল গান্ধীয়ে দাবী কৰা মতে তেওঁ দেশত গণতন্ত্ৰৰ বাবে যুঁজি আছে আৰু তেওঁ কাকো ভয় নকৰে । সংবাদমেলৰ সময়ত ৰাহুল গান্ধীৰ সৈতে কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে । ইফালে ৰাহুল গান্ধীক অপৰাধমূলক মানহানিৰ বাবে দোষী সাব্যস্ত কৰি দুই বছৰৰ কাৰাদণ্ড প্ৰদান কৰা বিষয়টোক লৈ উচ্চ আদালতলৈ যোৱাৰ কথা ঘোষণা কৰিছে কংগ্ৰেছ দলে ।

সমান্তৰালকৈ কংগ্ৰেছে সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত ৰাখিছে । এই কাৰ্যক শাসকীয় বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলিও অভিযোগ কৰিছে কংগ্ৰেছে । আদানিৰ প্ৰসংগত সৰৱ হোৱাৰ বাবেই ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে এই পদক্ষেপ লোৱা বুলিও কংগ্ৰেছ দলে অভিযোগ কৰিছে ।

লগতে পঢ়ক :Rahul Gandhi to Address Press : অযোগ্য ঘোষণাৰ পিছত প্ৰথমবাৰ, সংবাদ মাধ্যমক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.