ETV Bharat / bharat

Diabetes Care: নিয়ন্ত্ৰিত হ’ব মধুমেহ, কেৱল খাবলৈ আৰম্ভ কৰক এইসমূহ শাক-পাচলি

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 3:15 PM IST

ডায়েবেটিছ বা মধুমেহ দুৰাৰোগ্য আৰু ইয়াক কেৱল নিয়ন্ত্ৰণহে কৰিব পৰা যায় । সেয়ে ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্য বিশেষজ্ঞৰ মতে, মধুমেহ ৰোগীয়ে খাদ্যত কিছুমান শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যাতে ঔষধৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা কমি যায় । গতিকে সেই শাক-পাচলিবোৰৰ বিষয়ে জানো আহক...

Diabetes will be controlled in every season, start eating these vegetables
নিয়ন্ত্ৰিত হ’ব ডায়েবেটিছ, কেৱল খাবলৈ আৰম্ভ কৰক এইসমূহ শাক-পাচলি

ডায়েবেটিছ বা মধুমেহ আজিকালি তেনেই সাধাৰণ হৈ পৰিছে ৷ বয়োজ্যেষ্ঠৰ পৰা যুৱক-যুৱতীলৈকে এই ৰোগ বিয়পি পৰিছে ৷ যদি কোনো ব্যক্তি এবাৰ মধুমেহ ৰোগত আক্ৰান্ত হ’লে ইয়াক নিৰাময় কৰাটো অসম্ভৱ কিন্তু সুস্থ জীৱনশৈলীৰ জৰিয়তেহে আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো ৷ স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে মধুমেহ ৰোগীক খাদ্যাভ্যাস সুস্থ কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে ৷ প্ৰায়ে খাদ্যাভ্যাসৰ অসাৱধানতাৰ বাবে ৰক্তশৰ্কৰা বৃদ্ধি হোৱাৰ আশংকা বেছি ৷

আপুনি যি খায় তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ৰক্তশৰ্কৰাৰ ওপৰত পৰে ৷ যাৰ বাবে মধুমেহ অনুকূল হ’ব লাগে ৷ ৰক্তশৰ্কৰাৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখিবলৈ ব্যায়ামৰ লগতে খাদ্যত কিছু শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে ৷ সেয়ে প্ৰতিবেদনত আমি আপোনাক ক’ম যে আপুনি আপোনাৰ খাদ্য তালিকাত কোনবোৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যাতে ঔষধৰ ওপৰত নিৰ্ভৰশীলতা অলপ কমি যায় ৷

কেপচিকাম

মধুমেহ ৰোগীয়ে খাদ্য তালিকাত কেপচিকাম অন্তৰ্ভুক্ত কৰিব লাগে ৷ কেপচিকামত ভিটামিন চি, কে, পটাছিয়াম আৰু ভিটামিন বি ৬ ইয়াত পোৱা যায়, যিটো মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী ৷

বিলাহী

বিলাহী ব্যৱহাৰ কৰি বিভিন্ন তৰকাৰী আদি তৈয়াৰ কৰা হয় ৷ বিলাহীয়ে কেৱল গ্লাইচেমিক পৰিমান হ্ৰাস কৰাই নহয়, ইয়াত উপস্থিত থকা পুষ্টিকৰ উপাদানসমূহ মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী হ’ব পাৰে ৷

আদা

আদা পাচলি হিচাপে আৰু মছলা হিচাপে দুয়োটাতে ব্যৱহাৰ কৰা হয় ৷ উচ্চ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণৰ বাবে আদাত জিঞ্জাৰলৰ দৰে বহুতো বিশেষ উপাদান পোৱা যায়, যাৰ ফলত ইনচুলিন সম্পৰ্কীয় সমস্যা হ্ৰাস পায় ৷ দৈনিক খাদ্যত ইয়াক অন্তৰ্ভুক্ত কৰিলে ৰক্তশৰ্কৰাৰ মাত্ৰা ঠিকেই থাকে ৷

সেউজীয়া জলকীয়া

কেঁচা জলকীয়া অবিহনে কোনো যিকোনো খাদ্যৰ সোৱাদ আধৰুৱা ৷ মধুমেহ ৰোগীয়ে ৰঙা জলকীয়াৰ সলনি প্ৰতিটো বতৰত পোৱা সেউজীয়া জলকীয়া খাব লাগে ৷ কেপচাইচিন নামৰ এবিধ বিশেষ ৰাসায়নিক পদাৰ্থ সেউজীয়া জলকীয়াত পোৱা যায়, যাৰ ফলত ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি পায় ৷

লগতে পঢ়ক: Blood Clots: তেজ গোট মাৰিলে শৰীৰত দেখা দিয়ে এইসমূহ লক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.