নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : কাৰিকৰী শিক্ষাৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ । চৰকাৰে শিক্ষাৰ্থীসকলৰ নিয়োগ আৰু অধ্যয়নৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈছে । তাৰ অংশস্বৰূপে ১ লাখতকৈ অধিক কাৰিকৰী শিক্ষাৰ্থীয়ে ইন্টাৰ্ণশ্বিপৰ সুবিধা লাভ কৰিব (Over 1 lakh internship opportunities for youth)।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বুধবাৰে অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ ইন্টাৰ্ণশ্বিপ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাবে ১ লাখতকৈও অধিক ইন্টাৰ্ণশ্বিপৰ (Internship) সুযোগ মুকলি কৰে (Dharmendra Pradhan launched over 1 lakh internship opportunities) আৰু কয় যে অহা তিনি বছৰত নিয়োগৰ যোগ্যতা বৃদ্ধিৰ বাবে ১০০ নিযুত ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য আছে চৰকাৰৰ ।
-
As we prepare the roadmap for India @ 2047, the year India will complete 100 years of independence, we must work together and aim to provide 100 million internship opportunities in the next 2-3 years for boosting employability of youth and building a more productive economy.
— Dharmendra Pradhan (@dpradhanbjp) March 30, 2022 " class="align-text-top noRightClick twitterSection" data="
">As we prepare the roadmap for India @ 2047, the year India will complete 100 years of independence, we must work together and aim to provide 100 million internship opportunities in the next 2-3 years for boosting employability of youth and building a more productive economy.
— Dharmendra Pradhan (@dpradhanbjp) March 30, 2022As we prepare the roadmap for India @ 2047, the year India will complete 100 years of independence, we must work together and aim to provide 100 million internship opportunities in the next 2-3 years for boosting employability of youth and building a more productive economy.
— Dharmendra Pradhan (@dpradhanbjp) March 30, 2022
মন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে ২০৪৭ চনত ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ'ব । যাৰ বাবে চৰকাৰ বিভিন্ন ক্ষেত্ৰত ৰণনীতি প্ৰস্তুত কৰিছে ।
শিক্ষিত নিবনুৱাৰ নিয়োগ আৰু অধিক উৎপাদনশীল অৰ্থনীতি গঢ়ি তোলাৰ বাবে চৰকাৰে পদক্ষেপ হাতত লৈছে । তাৰ অংশস্বৰূপে অহা ২-৩ বছৰত ১০০ নিযুত ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰিবলৈ চৰকাৰে লক্ষ্য আগত ৰাখিছে । চৰকাৰৰ এই পদক্ষেপৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সকলোকে ইন্টাৰ্ণশ্বিপৰ সুযোগ দিবলৈ চৰকাৰে চেষ্টা কৰিছে ।
লগতে পঢ়ক:অটল জল ধাৰা মিছনৰ দ্বাৰা উপকৃত ত্ৰিপুৰাৰ ৩,৬৬,৫৫৩ টা পৰিয়াল