ETV Bharat / bharat

গ্ৰামাঞ্চলৰ উন্নয়ন চৰকাৰৰ মূল লক্ষ্য : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ দাবী, "বৰ্তমানৰ বিজেপি চৰকাৰে (Tripura BJP government) তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰি ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰি আছে । এই চৰকাৰে মানুহৰ প্ৰয়োজনীয়তা বুজি পায় । এই চৰকাৰে প্ৰতিজন ব্যক্তিক কেনেদৰে মূল্য দিব লাগে জানে ।"

author img

By

Published : Oct 1, 2022, 9:18 PM IST

tripura
tripura

আগৰতলা, ১ অক্টোবৰ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই (Tripura Chief Minister Manik Saha) আজি দাবী কৰে যে তেওঁৰ চৰকাৰে কেৱল নগৰ অঞ্চলতে নহয়, প্ৰান্তিক অঞ্চলতো উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে (Tripura CM claimed development of State) ।

"বৰ্তমানৰ বিজেপি চৰকাৰে (Tripura BJP government) তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰি ৰাজ্যখনৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰি আছে । এই চৰকাৰে মানুহৰ প্ৰয়োজনীয়তা বুজি পায় । এই চৰকাৰে প্ৰতিজন ব্যক্তিক কেনেদৰে মূল্য দিব লাগে জানে ।" আগৰতলাৰ পুৰণি বাছ আস্থানত আয়োজিত আগৰতলা পৌৰ নিগমৰ (Agartala Municipal Corporation) অধীনত আগৰতলা স্মাৰ্ট চিটী প্ৰকল্পৰ (Agartala Smart City Projects) অধীনত মুঠ ৫টা প্ৰকল্প উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদেৰ কয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "বৰ্তমানৰ চৰকাৰে জনসাধাৰণৰ প্ৰয়োজনীয়তা অনুসৰি উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আছে । আজি চৰকাৰৰ উন্নয়নৰ প্ৰতিচ্ছবি সকলো ক্ষেত্ৰতে প্ৰতিফলিত হৈছে । চৰকাৰে কেৱল নগৰ অঞ্চলতে নহয় প্ৰান্তিক অঞ্চলতো উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে ।"

মুখ্যমন্ত্ৰীয়ে অৱশ্যে দাবী কৰে যে আগতে এই ছবিখন দেখা পোৱা ন'গৈছিল । বৰ্তমানৰ চৰকাৰ গঠনৰ পিছত প্ৰতিটো ক্ষেত্ৰতে উন্নয়নমূলক কাৰ্যকলাপ হাতত লোৱা হৈছে । "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Prime Minister Narendra Modi) নীতি আৰু আদৰ্শ অনুসৰি ৰাজ্যখনত স্বচ্ছ প্ৰশাসনো চলি আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সুশাসন অভিযান আৰম্ভ কৰা হয় । এই অভিযানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ ৰাজহুৱা কল্যাণমূলক আঁচনিসমূহ ৰাজ্যখনৰ প্ৰতিজন লোকৰ ওচৰলৈ লৈ যোৱা ।" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে কয় যে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে ভৱিষ্যতে ৬,০০০ লোকক চাকৰি প্ৰদান কৰিব । তেওঁ কয় যে ৰাজ্য চৰকাৰৰ জনহিতকৰ দৃষ্টিভংগীৰ ফলস্বৰূপে স্বাস্থ্য সেৱাৰ সৈতে জড়িত অংগনৱাড়ী কৰ্মী, সহায়ক আৰু আশাকৰ্মীৰ দৰমহা ১৫ শতাংশ বৃদ্ধি কৰা হ'ব ।

উল্লেখ্য যে উক্ত কাৰ্যসূচীৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী, অধ্যাপক ডাঃ মাণিক সাহাই শান্তিপাৰা পুখুৰী সৌন্দৰ্যকৰণ প্ৰকল্প, চত্ৰ সংঘ পুখুৰী, টিএনজিচিএল পুখুৰী, জিবি বজাৰ জংচন, উজ্জয়ন্ত পেলেচ মেইন গে'টৰ সন্মুখত জংচন, আইজিএম চৌমুহানী আৰু স্বৰ্গদেউ চৌমুহানীৰ সন্মুখত মুকলি জিম বৰডোৱালীত উদ্বোধন কৰে । এই সকলোবোৰ প্ৰকল্প আগৰতলা পৌৰ নিগমৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে ।

লগতে পঢ়ক :দুৰ্গা পূজা উপলক্ষে ত্ৰিপুৰা আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.