ETV Bharat / bharat

Heavy Rains Affected Himachal : ধাৰাসাৰ বৰষুণত হিমাচলত ভয়ংকৰ পৰিস্থিতি; হেল্প লাইন নম্বৰ মুকলি - 800 roads closed across Himachal Pradesh

হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ পিছত ব্যাপক ধ্বংসলীলাৰ দৃশ্য দেখা গৈছে । ভূমিস্খলনৰ বাবে ৰাস্তাসমূহ বন্ধ হৈ আছে আৰু বানপানীয়ে দলং উটুৱাই নিছে । মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু ঘৰতে থাকিবলৈ আহ্বান জনাইছে । লগতে হিমাচল প্ৰদেশ চৰকাৰে হেল্পলাইন নম্বৰো জাৰি কৰিছে ।

Heavy Rains Affected Himachal
Heavy Rains Affected Himachal
author img

By

Published : Jul 10, 2023, 9:05 PM IST

হিমাচলত ভয়ংকৰ বান

নিউজ ডেস্ক, ১০ জুলাই : হিমাচল প্ৰদেশত বিগত দুদিন ধৰি হৈ আছে ধাৰাসাৰ বৰষুণ । যাৰ ফলত স্বাভাৱিক জীৱন-যাত্ৰা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত বহু ঠাইত ভূমিস্খলন হৈছে । যাৰ বাবে ৰাজ্যখনত ৮২৮ টা পথ বন্ধ কৰি দিয়া হৈছে । ইয়াৰ বাহিৰেও নদী-নলাবোৰ পানীৰে উপচি পৰিছে; যিবোৰে জনসাধাৰণৰ বাবে বিপদ ঘণ্টা বজাইছে । বৰষুণৰ বাবে খোৱাপানীৰ প্ৰকল্পবোৰো প্ৰভাৱিত হৈছে । সমগ্ৰ ৰাজ্যখনত প্ৰায় ৭৮৫ টা পানী প্ৰকল্প প্ৰভাৱিত হৈছে ।

যাৰ ফলত পানীৰ যোগান ব্যাহত হৈছে আৰু বহুতো অঞ্চলত খোৱাপানীৰ অভাৱ ঘটিছে । পৰৱৰ্তী দুদিনৰ বাবে ৰাজধানী চিমলাত পানী নাথাকিব বুলি জনাইছে । তীব্ৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি হিমাচল প্ৰদেশৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ দুদিনৰ বাবে বন্ধ থাকিব । চৰকাৰে দেওবাৰে সিদ্ধান্ত লৈছিল যে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ১০ আৰু ১১ জুনত বন্ধ থাকিব ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে মুখ্যমন্ত্ৰী ঠাকুৰ সুখবিন্দৰ সিং সুখুৰ সৈতে কথা পাতি ৰাজ্যখনত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষয়ক্ষতিৰ পৰিমাণৰ বিষয়ে সোধা-পোচা কৰে। মুখ্যমন্ত্ৰী সুখুৱে এই সময়ত কেন্দ্ৰৰ পৰা সহায় বিচাৰিছে ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে কথা পাতে আৰু তেওঁক ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰায় । মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ পৰা আৰ্থিক সহায় বিচাৰিছে, যাতে এই দুৰ্যোগত সাহায্য আৰু উদ্ধাৰ আৰু অন্যান্য কাম কৰিব পৰা যায় । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে লগতে কৈছে যে কেন্দ্ৰই হিমাচল প্ৰদেশত বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু কেন্দ্ৰই সম্ভৱপৰ সকলো সহায় প্ৰদান কৰিব ।

আনহাতে, বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘণ্টাত হিমাচলত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে ৰাইজক ঘৰতে থাকিবলৈ আহ্বান জনাইছে । মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে বিধায়কসকলক দুৰ্যোগৰ ক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আৰু উদ্ধাৰ আৰু সাহায্য অভিযান নিৰীক্ষণ কৰিবলৈ তেওঁলোকৰ অঞ্চলত থাকিবলৈ কৈছে । তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰি আছে ।

ইফালে বৰষুণৰ বাবে বহুতো অঞ্চলত পৰিস্থিতি অতি শোচনীয় হৈ পৰাত চৰকাৰে হেল্পলাইন নম্বৰো জাৰি কৰিছে । দুৰ্যোগ সম্পৰ্কীয় তথ্য ১১০০, ১০৭০, ১০৭৭ নম্বৰত দিব পাৰিব । এই নম্বৰবোৰত কল কৰি প্ৰয়োজনত সহায়ো বিচাৰিব পাৰিব । মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱেও পৰিস্থিতি নিৰীক্ষণ কৰি আছে । তেওঁ কয় যে যিসকল এই দুৰ্যোগত আবদ্ধ হৈ আছে, তেওঁলোকক যিমান সম্ভৱ সোনকালে উদ্ধাৰ কৰা হ'ব আৰু সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হ'ব ।

ইয়াৰ উপৰি ৰাজ্যিক পৰ্যায়ত নিৰ্মাণ কৰা ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ নম্বৰো মুকলি কৰা হৈছে । দুৰ্যোগ সম্পৰ্কীয় তথ্যও এই নম্বৰবোৰত দিব পাৰিব । জৰুৰীকালীন কেন্দ্ৰৰ দায়িত্বত থকা প্ৰবীণ ভৰদ্বাজৰ এটা মোবাইল নম্বৰ হৈছে ৮৯৮৮৩-৪১৯২১ । আন কেন্দ্ৰবোৰৰ লম্বৰ হৈছে ০১৭৭-২৯২৯৬৮৮, ২৬১৯৪৩৯, ২৬২৯৯৩৯, ২৬২৮৯৪০ । ইয়াৰ উপৰি জিলা পৰ্যায়ত থকা জৰুৰীকালীন অভিযান কেন্দ্ৰসমূহৰ ইন-চাৰ্জ আৰু কেন্দ্ৰৰ নম্বৰো মুকলি কৰা হৈছে ।

লগতে পঢ়ক :Himachal Pradesh: পানীৰ মাজত আৱদ্ধ 6 জন লোক; উটি গ’ল শতবছৰ পুৰণি দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.