ETV Bharat / bharat

স্বৰ্ণ মন্দিৰত গুৰুগ্ৰন্থ চাহিবৰ অপমান কৰি জনতাৰ হাতত নিহত যুৱক

author img

By

Published : Dec 18, 2021, 8:42 PM IST

Updated : Dec 18, 2021, 9:00 PM IST

অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ভয়ানক ঘটনা ৷ গুৰুগ্ৰন্থ চাহিবৰ অপমান কৰি ক্ষুব্ধ জনতাৰ হাতত নিহত হ’ল যুৱক (Man lynched at Golden Temple) ৷ সবিশেষ জানো আহক ৷

desecrated-sikh-holy-place-sri-harmandir-sahib
অমৃতসৰৰ স্বৰ্ণ গুৰুগ্ৰন্থ চাহিবৰ অপমান কৰি জনতাৰ হাতত নিহত যুৱক

নিউজ ডেস্ক, 18 ডিচেম্বৰ : অমৃতসৰৰ স্বৰ্ণ মন্দিৰ চৌহদক অপবিত্ৰ কৰাৰ চেষ্টাৰ (desecration attempt at golden temple) এটা ঘটনা সংঘটিত হৈছে । অভিযোগ অনুসৰি, স্বৰ্ণ মন্দিৰত প্ৰৱেশ কৰি এজন ব্যক্তিয়ে গুৰুগ্ৰন্থ চাহিবৰ সৈতে অভব্য আচৰণ কৰিবলৈ চেষ্টা কৰিছিল । অৱশ্যে, এছজিপিচিৰ সেৱকসকলে সেই ব্যক্তিজনক ধৰিবলৈ সক্ষম হৈছিল ।

সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হোৱা এই ঘটনাটোৰ বিৱৰণ অনুসৰি, অভিযুক্তজনে এখন জংঘল পাৰ হৈ গুৰুগ্ৰন্থ চাহিবৰ কাষ পাইছিল । অৱশ্যে, এই কাৰ্যত তেওঁক বাধা দিয়া হৈছিল। উল্লেখ্য যে, এই ঘটনাটোৰ সময়ত আৰাধনা পাঠ চলি আছিল । ইফালে, এই ঘটনাৰ বিষয়ে অৱগত কৰি ততাতৈয়াকৈ আৰক্ষীকো খবৰ দিয়া হৈছিল যদিও, গুৰুগ্ৰন্থ চাহিবৰ সৈতে কৰা এই অভব্য ব্যৱহাৰত ক্ষুব্ধ হৈ পৰা জনতাৰ প্ৰহাৰত ব্যক্তিজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

সম্প্ৰতি, এই ঘটনাই সমগ্ৰ শিখ সমাজৰ লগতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : Controversial statement of Asaduddin Owaisi: মহিলাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ অসন্তুষ্ট আছাদউদ্দিন ওৱেচি

Last Updated : Dec 18, 2021, 9:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.