ETV Bharat / bharat

Denial of sex amounts to cruelty : স্বামীয়ে যৌন সম্ভোগৰ বাবে অস্বীকাৰ কৰাটো অপৰাধ নহয় ! - Karnataka High Court

এগৰাকী স্বামীয়ে পত্নীৰ সৈতে যৌন সম্ভোগ কৰিবলৈ অস্বীকাৰ কৰাটো হিন্দু বিবাহ আইন-১৯৫৫ৰ অধীনত নিষ্ঠুৰতাৰ সমান । ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ৪৯৮এ-ৰ অধীনত ই অপৰাধ নহয় । পত্নীয়ে স্বামীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ বাতিল কৰিলে আদালতে ।

Denial of sex amounts to cruelty
স্বামীয়ে যৌন সম্পৰ্কৰ বাবে অস্বীকাৰ কৰাটো অপৰাধ নহয়
author img

By

Published : Jun 20, 2023, 4:33 PM IST

নেশ্যনেল ডেস্ক,২০ জুন : এগৰাকী স্বামীয়ে পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰিলে সেয়া অপৰাধ নহয়, সেয়া নিষ্ঠুৰতা বুলি ধৰা হ'ব । স্বামীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ পাছতে পত্নীয়ে আদালতৰ কাষ চাপিছিল । গোচৰটোত ৰায় প্ৰদান কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই কথা ঘোষণা কৰে ।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে এগৰাকী পত্নীৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি এই কথা কয় । পত্নীয়ে তেওঁৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিছিল । কিন্তু ন্যায়াধীশ এম নাগাপ্ৰসন্নৰ নেতৃত্বৰ এখন বিচাৰপীঠে গোচৰটোত দাখিল কৰা অপৰাধমূলক প্ৰক্ৰিয়া বাতিল কৰি কয় যে হিন্দু বিবাহ আইন, ১৯৫৫ অনুসৰি, স্বামীৰ দ্বাৰা শাৰীৰিক সম্পৰ্ক অস্বীকাৰ কৰাটো নিষ্ঠুৰতাৰ শ্ৰেণীৰ অন্তৰ্গত, কিন্তু আইপিচিৰ ধাৰা ৪৮৯এৰ অধীনত ই অপৰাধ নহয় ।

ন্যায়াধীশ এম নাগাপ্ৰসন্নৰ নেতৃত্বত বিচাৰপীঠে মহিলাগৰাকীৰ স্বামীয়ে দাখিল কৰা আবেদনখনৰ বিষয়ে বিবেচনা কৰে । আবেদনকাৰী মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৪৯৮এ আৰু যৌতুক নিষিদ্ধকৰণ আইনৰ ধাৰা ৪ ৰ অধীনত আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাক প্ৰত্যাহ্বান জনাইছিল । বিচাৰপীঠে কয় যে আবেদনকাৰীৰ স্বামীয়ে দাবী কৰিছে যে প্ৰেম মানে কেৱল শাৰীৰিক সম্পৰ্ক নহয়, ই আত্মাৰ সৈতে আত্মাৰ মিলন হ'ব লাগে ।

বিচাৰপীঠে উল্লেখ কৰা মতে বিবাহৰ পাছত এক দম্পতিৰ মাজত শাৰীৰিক সম্পৰ্ক নোহোৱাটো নিঃসন্দেহে হিন্দু বিবাহ আইনৰ ধাৰা ১২(১)(ক)ৰ অধীনত নিষ্ঠুৰতাৰ সমান । কিন্তু ই আইপিচিৰ ধাৰা ৪৯৮এৰ অধীনত অপৰাধ নহয় বুলি কয় বিচাৰপীঠে ।

জানিব পৰা মতে দম্পতিটোৱে ২০১৯ চনৰ ১৮ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু অভিযোগকাৰী মহিলাগৰাকী মাত্ৰ ২৮ দিন স্বামীৰ ঘৰত আছিল । তেওঁ ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আইপিচিৰ ধাৰা ৪৯৮এ-ৰ অধীনত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল । যৌতুক দাবীকে ধৰি নিৰ্যাতনৰ অভিযোগ কৰিছিল মহিলাগৰাকীয়ে । তেওঁ হিন্দু বিবাহ আইনৰ ধাৰা ১২(১)(ক)ৰ অধীনত পাৰিবাৰিক আদালতত গোচৰ ৰুজু কৰিছিল আৰু দাবী কৰিছিল যে তেওঁৰ বিবাহ আধৰুৱা হৈ আছে । আবেদনকাৰী পত্নীয়ে তেওঁৰ স্বামী আৰু তেওঁৰ শহুৰেকৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰো ৰুজু কৰিছিল ।

লগতে পঢ়ক :Attempt to Robbery ; পেট্ৰ’ল পাম্পত অস্ত্ৰধাৰী ডকাইতৰ দলৰ আক্ৰমণ, দুগৰাকী নিৰাপত্তাৰক্ষীয়ে দেখুৱালে বীৰত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.