নেশ্যনেল ডেস্ক, ১২ আগষ্ট : অৱশেষত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল দক্ষিণ-পশ্চিম দিল্লীৰ পুৰণি নাংগল অঞ্চলত ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ৯ বছৰীয়া কিশোৰীগৰাকীৰ । যোৱা ১ আগষ্টত পুৰণি নাংগল শ্মশানৰ পুৰোহিত আৰু তিনিগৰাকী কৰ্মচাৰীয়ে কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।
দক্ষিণ পশ্চিম দিল্লীৰ আৰক্ষী উপ আয়ুক্ত ইংগিত প্ৰতাপ সিঙে জনোৱা মতে, বুধবাৰে ধৰ্মীয় ৰীতি-নীতি অনুসৰি কিশোৰীগৰাকীৰ ভৰি, শৰীৰৰ বাকী অংশৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে পৰিয়ালৰ লোকে । দীন দয়াল উপাধ্যায় চিকিৎসালয়ৰ পৰা কিশোৰীগৰাকীৰ শৰীৰৰ অৱশিষ্ট অংগসমূহ পিতৃ-মাতৃক দিয়া হৈছিল ।
১৫-২০ জন লোকৰ উপস্থিতিত পুৰণি নাংগল শ্মশানত বুধবাৰে কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । সিঙে কয় যে, অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সমীপৰ প্ৰতিবাদস্থলীত থকা ২৫-৩০ জন লোকে শ্মশানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যদিও অভিভাৱকে সন্মতি দিয়া নাছিল । সেয়েহে, স্থানীয় আৰক্ষীয়ে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰি যাবলৈ কয় ।
উল্লেখ্য যে, যোৱা ১ আগষ্টত দক্ষিণ-পশ্চিম দিল্লীৰ কেণ্টনমেণ্ট অঞ্চলৰ এখন শ্মশানৰ এগৰাকী পুৰোহিত আৰু তিনিজন কৰ্মচাৰীয়ে ৯ বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । খোদ কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে এই অভিযোগ উত্থাপন কৰিছিল । দিল্লী আৰক্ষীয়ে কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ তুলিছিল যে, দেওবাৰে কিশোৰীগৰাকীয়ে পানী আনিবলৈ গৈছিল আৰু সেই সময়তে কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হয় । পিছত তেওঁলোকৰ সন্মতি অবিহনে অন্ত্যেষ্টিক্ৰিয়াও সম্পন্ন কৰা হয় বুলি তেওঁ অভিযোগ উত্থাপন কৰে । ভাৰতীয় দণ্ডবিধিৰ ৩০২, ৩৭৬ আৰু ৫০৬ নং ধাৰাৰ অধীনত ৪ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে যোৱা ৫ আগষ্টত ৪৮ ঘণ্টাৰ ভিতৰত এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিবেদন দাখিল কৰিবলৈ জিলা দণ্ডাধীশক নিৰ্দেশ দিছিল ।
লগতে পঢ়ক : আজি বিশ্ব হস্তী দিৱস