ETV Bharat / bharat

Air pollution in Delhi: বায়ু প্ৰদূষণ হ্ৰাস পাইছে যদিও শংকামুক্ত নহয় দিল্লী - air pollution in delhi

ৰাজধানী চহৰ দিল্লীৰ আৱাসীসকলে বায়ু প্ৰদূষণৰ কবলত পৰিছে (Air Pollution at Delhi) ৷ প্ৰতিবছৰে এই সময়ত দিল্লীৰ পৰিৱেশ ভয়াৱহ হৈ পৰে ৷ চলিত বৰ্ষতো বায়ু প্ৰদূষণ মাত্ৰাধিক ৰূপত দেখা দিছে ৷ ইয়াৰ মাজতেই বুধবাৰে পুৱা দিল্লীৰ বায়ুৰ মান দুৰ্বল শ্ৰেণীত নথিভুক্ত কৰা হৈছে ।

Air pollution in Delhi
ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত দিল্লী
author img

By

Published : Nov 16, 2022, 9:24 PM IST

নেশ্য়নেল ডেস্ক, ১৬ নৱেম্বৰ: ৰাজধানী চহৰ দিল্লীৰ আৱাসী সকলে ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত পৰিছে (Severe air pollution) ৷ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ চমুকৈ ই পি চিয়ে দিল্লী আদিত প্ৰদূষণ ৰোধৰ বাবে কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে যদিও এইক্ষেত্ৰত সফল হোৱা নাই (Delhis air quality recorded in poor category)। ইয়াৰ মাজতেই বুধবাৰে পুৱা দিল্লীৰ বায়ুৰ মান দুৰ্বল শ্ৰেণীত নথিভুক্ত কৰা হৈছে । পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই উল্লেখ কৰা মতে, দিল্লীত বায়ু প্ৰদূষণ হ্ৰাস পাইছে যদিও চহৰখন এতিয়াও শংকামুক্ত নহয় ।

উল্লেখ্য় যে ৰাজধানী চহৰখনৰ গড় বায়ু মানসূচক (Air quality index) ২৬২ হৈছে । মঙলবাৰে আবেলি এই মানসূচক ২২৭ ৰ পৰা নিম্নগামী হৈছে । সোমবাৰে এই মানসূচক ২৯৪ আৰু দেওবাৰে ৩০৩ আছিল । প্ৰনিধানযোগ্য় যে ২০১ আৰু ৩০০ৰ ভিতৰত একিউআই থাকিলে কম হিচাপে গন্য় কৰা হয় । লক্ষণীয় যে যদি বায়ুৰ গুণমান সূচী অনুসৰি ইয়াৰ স্থিতি ৪০০-৫০০ ৰ ভিতৰত থাকে তেনেহ'লে বায়ু প্ৰদূষণ সংকাজনক বুলি বিবেচিত কৰা হয় ৷ কিন্তু শেহতীয়া তথ্য অনুসৰি ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলৰ বায়ুৰ মান ৫০০ ৰো অধিক বুলি নিৰ্ধাৰিত সূচীয়ে প্ৰকাশ কৰিছে ৷

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (Indian Agricultural Research Institute) তথ্য অনুসৰি, বুধবাৰে পুৱা চহৰখনত সৰ্বনিম্ন তাপমাত্ৰা ১৩.২ ডিগ্ৰী চেলচিয়াছ সন্নিৱিষ্ট কৰা হয় । ইপিনে,সৰ্বাধিক তাপমাত্ৰা ২৮ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । উত্তৰৰ বৰফাবৃত পৰ্বতৰ পৰা বতাহৰ ফলত তাপমাত্ৰা হ্ৰাস হোৱাৰ আশংকা কৰা হৈছে । দিল্লীত যোৱা তিনি দিনত বায়ুৰ মানত যথেষ্ট উন্নতি হৈছে ।

ইপিনে,বায়ুৰ মান উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বায়ু গুণমান ব্যৱস্থাপনা আয়োগে সোমবাৰে কৰ্তৃপক্ষক গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ তৃতীয় পৰ্যায়ৰ অধীনত দিল্লী-এনচিআৰত বলবৎ কৰা নিয়ন্ত্ৰণসমূহ তাৎক্ষণিক ভাৱে প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে (Air Quality Management Commission)।

আনহাতে,দিল্লীৰ বায়ু প্ৰদূষণক লৈ চিন্তা ব্যক্ত কৰিছে বলীউদৰ কেইবাগৰাকী তাৰকাই ৷ মুখত মাস্ক পৰিধান কৰি প্ৰকাশ কৰা এখন ফ'টোৰ জৰিয়তে দিল্লীবাসীৰ লগতে গৃহহীনসকলৰ বাবে সহমৰ্মিতা প্ৰদৰ্শন কৰে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ৷ গৃহহীনসকলৰ দুৰৱস্থাৰ কথা প্ৰকাশ কৰি প্ৰিয়ংকাই 'এয়াৰ পিউৰিফায়াৰ' আৰু 'মাস্ক' ব্যৱহাৰ কৰি সুৰক্ষিত আছে বুলি মন্তব্য কৰে ৷ বৰ্ষীয়ান অভিনেতা ঋষি কাপুৰেও বায়ু প্ৰদূষণৰ বাবে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ টুইটাৰৰ জৰিয়তে দিল্লীৰ বায়ুৰ মান নিম্নমানৰ হোৱা বাবে অসন্তুষ্টি প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷

চিকাগো বিশ্ববিদ্যালয়ে শেহতীয়া ভাৱে এক সমীক্ষাত প্ৰকাশ কৰিছে যে বায়ু প্ৰদূষণে মানুহৰ জীৱনকাল সামগ্ৰিক গড়তকৈ সাত বছৰ হ্ৰাস কৰিছে ৷ ভয়াৱহতা ইমানে বৃদ্ধি পাইছে যে দক্ষিণ ভাৰতৰ কুৰ্নুল আৰু ৱাৰেংগেল জিলাত নিকেল আৰু আৰ্চেনিকৰ পৰিমাণ অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে ৷ ভাৰতবৰ্ষৰ ৬৬ কোটি জন সাধাৰণক বায়ু প্ৰদূষণে প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত কৰিছে ৷

লগতে পঢ়ক:Devendra Fadnavis blast: মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনত আছিল অমিত শ্বাহৰ ভূমিকা: ফাড়নাভিছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.