নিউজ ডেস্ক, ১০ জুলাই : বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ দ্বাৰকা অঞ্চলত এগৰাকী মহিলা পাইলট আৰু তেওঁৰ এয়াৰলাইনছৰ কৰ্মচাৰী স্বামীক দিল্লী আৰক্ষীয়ে আটক কৰে । তেওঁলোকৰ ঘৰত কাম কৰা এগৰাকী ১০ বছৰীয়া কিশোৰীক অত্যাচাৰ কৰাৰ অভিযোগত দম্পতীটোক দিল্লী আৰক্ষীয়ে আটক কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । আনহাতে, আৰক্ষী আহি পোৱাৰ পূৰ্বে এটা দলে আহি দম্পতীটোক কিয় শিশুটিৰ সৈতে এই অমানৱীয় আচৰণ কৰিছে সেয়া জানিবলৈ বিচাৰে । তাৰ ফলত দলটোৰ সৈতে দম্পতীটোৰ কিছু বাক-বিতণ্ডাও হয় ।
ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ'ত দম্পতীটোৱে দলটোৰ ওচৰত ক্ষমা বিচাৰি পৰিস্থিতিৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰা দেখা গৈছে । আনহাতে, মহিলা পাইলটগৰাকীক ৰাস্তালৈ টানি নিয়াৰ পূৰ্বে তেওঁৰ স্বামীক কেইছেকেণ্ডমানৰ বাবে দলটোৰ পৰা বচাবলৈ চেষ্টা কৰা দেখা গৈছিল আৰু তেওঁক প্ৰহাৰ কৰা হৈছিল । তেওঁৰ স্বামীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰিছিল । তাৰ বাবে তেওঁ ক্ৰোধিত জনতাৰ ক্ৰোধৰ সন্মুখীন হয় ।
ভিডিঅ'টোত দম্পতীটোক জনসমাগমে ঠেলি নিয়া দেখা গৈছে আৰু তেওঁলোক দুয়োৰে ওপৰত উপৰ্যুপৰি আঘাত পৰে । আনহাতে, আক্ৰমণকাৰীসকলক শান্ত কৰাৰ বাবে দম্পতীটোৱে যথেষ্ট চেষ্টা কৰে যদিও তাত তেওঁলোক সফল হোৱা নাছিল । ইয়াৰ উপৰি দম্পতীটোক আক্ৰমণ কৰা পিছত তাত উপস্থিত হোৱা আৰক্ষীক উন্মত্ত জনতাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ গ্ৰহণৰ বাবে সকীয়নি প্ৰদান কৰে ।
ইফালে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে উন্মত্ত জনতাক শান্ত কৰি স্বামী-স্ত্ৰীক উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত দুয়োকে সোধা-পোছাৰ বাবে আটক কৰা হয় । তেওঁলোকৰ ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) তিনিটা ধাৰা আৰু শিশু শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ) আইন আৰু কিশোৰ ন্যায় আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে এক বিবৃতিত কয় । আনহাতে, শিশুটিক মেডিকেল পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তাৰ পিছত তেওঁৰ কাউন্সেলিং আৰম্ভ হ'ব ।
দ্বাৰকাৰ ডিচিপি এম হৰ্ষবৰ্ধনৰ মতে, প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে দম্পতীটোৱে ঘৰুৱা সহায়ক হিচাপে নিযুক্ত কৰা শিশুকন্যাটিৰ বয়স মাত্ৰ ১০ বছৰ । "আমি ঘটনাস্থলীলৈ গৈছিলোঁ । ছোৱালীজনীৰ মেডিকেল পৰীক্ষা কৰা হৈছে । তাত তেওঁৰ শৰীৰত কিছুমান আঘাত আৰু জ্বলাৰ চিহ্ন প্ৰকাশ পাইছে । এটা গোচৰ ৰুজু কৰা হৈছে । স্বামী আৰু পত্নী দুয়োকে আটক কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে । শিশুটোক কাউন্সেলিং প্ৰদান কৰা হৈছে ।" ডিচিপিয়ে কয় ।