ETV Bharat / bharat

দিল্লী সংৰ্ঘষত হত্যাৰ লগত জড়িত অভিযুক্তক আদালতৰ জামিন

author img

By

Published : Jun 23, 2021, 10:32 PM IST

2020 চনৰ 24 ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লী (North-East Delhi)ত নাগৰিকত্ব (সংশোধনী) আইন (Citizen Amendment Act)ৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক ঘটনাত 53 জন লোক নিহত হোৱাৰ লগতে 700 ৰো অধিক লোক আহত হৈছিল ৷

Delhi riots: Man accused of murder gets bail, asked to maintain peace in locality
দিল্লী সংৰ্ঘষত হত্যাৰ গোচৰত অভিযুক্তক আদালতৰ জামিন

নিউজ ডেস্ক, 23 জুন : উত্তৰ-পূব দিল্লীত সংঘটিত সংৰ্ঘষ (North-East Delhi Riots)ৰ সময়ত এজন যুৱকৰ হত্যাৰ লগত জড়িত এজন অভিযুক্তক বুধবাৰে দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰে ৷ ন্যায়ালয়ে অভিযুক্ত ইৰশাদৰ জামিন আবেদন মঞ্জুৰ কৰাৰ লগতে তেওঁক স্থানীয় এলেকাত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, বিগত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত সাম্প্ৰদায়িক সংৰ্ঘষৰ সময়ত দিল্লীৰ শিৱ বিহাৰত চলমান (24) নামৰ যুৱকজন বন্দুকৰ গুলীত মৃত্যু হৈছিল । মৰণোত্তৰ পৰীক্ষাত চলমানৰ মূৰৰ পৰা আগ্নেয়াস্ত্ৰৰ এটা অংশ উদ্ধাৰ হৈছিল ।

দিল্লীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ বিনোদ যাদৱে যোৱা বছৰত চলমানক হত্যাৰ অভিযোগত অভিযুক্ত ইৰশাদৰ জামিন আবেদন মঞ্জুৰ কৰিছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, ইৰশাদ সেই সময়ত ঘটনাস্থলীত উপস্থিত আছিল আৰু তেওঁ উগ্ৰ জনতাৰ নেতৃত্ব দিয়া দেখা গৈছিল ৷ আদালতে অভিযুক্ত ইৰশাদক 10,000 টকাৰ জৰিমণা বিহাৰ লগতে পূৰ্ব-চৰ্ত সদৃশ পৰিমাণৰ জামানত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

আদালতে ইৰশাদক প্ৰমাণৰ সৈতে খেলিমেলি নকৰিবলৈ বা কোনো সাক্ষীক প্ৰভাৱিত নকৰিবলৈ আৰু অঞ্চলটোত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু শুনানীৰ সময়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পূৰ্বে, 19 নৱেম্বৰ আৰু 8 এপ্ৰিলত ইৰশাদৰ দুটা জামিন আবেদন খাৰিজ কৰা হৈছিল । হত্যাৰ উপৰিও দিল্লী সংঘৰ্ষৰ ষড়যন্ত্ৰৰ অভিযোগৰ ইৰশাদ যোৱা বছৰৰ 2 এপ্ৰিলৰ পৰা ন্যায়িক জিম্মা (Judicial Custody)ত আছিল ।

উল্লেখ্য যে, 2020 চনৰ 24 ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লী (North-East Delhi)ত নাগৰিকত্ব (সংশোধনী) আইন (Citizen Amendment Act)ৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হিংসাত্মক ঘটনাত 53 জন লোক নিহত হোৱাৰ লগতে 700 ৰো অধিক লোক আহত হৈছিল ৷

লগতে পঢ়ক : হেমন্ত চোৰেনৰ মানহানি গোচৰ : ফেচবুক আৰু টুইটাৰলৈ জাননী আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.