ETV Bharat / bharat

Covid cases in Delhi : দিল্লীত একেৰাহে দ্বিতীয় দিনাও ৭ ক'ভিড আক্ৰান্তৰ মৃত্যু - Covid active case in Delhi

ৰাজধানী দিল্লীত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ (Covid infection in Delhi)। পুনৰ ৭ গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু হৈছে । দিল্লীৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে ।

Covid cases in Delhi
দিল্লীত একেৰাহে দ্বিতীয় দিনাও ৭ ক'ভিড আক্ৰান্তৰ মৃত্যু
author img

By

Published : Apr 28, 2023, 9:57 AM IST

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল : দেশৰ ৰাজধানী নতুন দিল্লীত ক'ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দিল্লীত একেৰাহে দ্বিতীয় দিনাও ক'ভিড আক্ৰান্ত ৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (Delhi reports 7 Covid deaths)। ক'ভিড আক্ৰান্তৰ সংখ্যা বুধবাৰৰ তুলনাত কম যদিও মৃত্যুৰ সংখ্যা একে হোৱাৰ লগে লগে এতিয়া দেশৰ ৰাজধানীত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ।

শুকুৰবাৰে প্ৰকাশ পোৱা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীত যোৱা ২৪ ঘণ্টাত ৮৬৫ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে (Covid infection in Delhi)। বুধবাৰে এই সংখ্যা আছিল ১,০৪০ টা । ইয়াৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানীত ক'ভিড আক্ৰান্তৰ মুঠ সংখ্যা হ'লগৈ ২০,৩৭,০৬১ টা । এতিয়ালৈ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৬,৬২০ গৰাকী লোকৰ ।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দিল্লীত যোৱা ২৪ ঘণ্টাত মুঠ ৫,১১৭ টা ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ১,২৮৭ গৰাকী ৰোগী ক'ভিডৰ পৰা আৰোগ্য হৈছে । বুধবাৰে আক্ৰান্তৰ হাৰ আছিল ২১.১৬ শতাংশ । কিন্তু এই আক্ৰান্ত হাৰ কিছু হ্ৰাস হৈ বৃহস্পতিবাৰে হৈছে ১৬.৯০ শতাংশ । ৰাষ্ট্ৰীয় ৰাজধানীত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৪,৭০৮ গৰাকী (Covid active case in Delhi)। ইয়াৰ ভিতৰত ৩০৫ জন ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে ।

ইফালে বৰ্ধিত ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে ইতিমধ্যে নতুন এক্সবিবি ১.১৬ প্ৰকাৰটোক লৈ সতৰ্কতা জাৰী কৰিছে । কোৱা হৈছে যে এই প্ৰকাৰটোৱে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে ।

ইফালে দিল্লীৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যত ক'ভিডৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱা দেখা গৈছে । যাৰ বাবে চৰকাৰে যোৱা ১০ আৰু ১১ এপ্ৰিলত মুঠ ৩৩,৬৮৫ খন স্বাস্থ্য সেৱাৰ প্ৰতিষ্ঠানত ক'ভিড সম্পৰ্কীয় মক ড্ৰিল কৰিছিল । তাৰ ভিতৰত ২৮,০৫০ খন চৰকাৰী আৰু ৫,৬৩৫ খন ব্যক্তিগত প্ৰতিষ্ঠান আছিল ।

লগতে পঢ়ক :Covid cases in Delhi : দিল্লীত পুনৰ ক'ভিডৰ সন্ত্ৰাস; এদিনতে ৭ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.