ETV Bharat / bharat

উৎসৱৰ বতৰত কূটাঘাতৰ আশংকা দিল্লী আৰক্ষীৰ

author img

By

Published : Oct 10, 2021, 11:30 AM IST

আৰক্ষীয়ে লাভ কৰা ইনপুট অনুসৰি উৎসৱৰ বতৰত পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিব পাৰে ৰাজধানী চহৰ নতুন দিল্লীত । সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ'ব পাৰে পেট্ৰ'ল পাম্প বা টেংকাৰ ।

Delhi Police on high alert
সষ্টম দিল্লী আৰক্ষী

নেশ্যনেল ডেস্ক, ১০ অক্টোবৰ : দেশত উৎসৱৰ বতৰ আৰম্ভ হৈছে । দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী । তেনে সময়তে ভাৰতত কূটাঘাতৰ আশংকা । সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি ল'ব পাৰে ভাৰতৰ ৰাজধানী চহৰ দিল্লী ।

ইতিমধ্যে এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে লাভ কৰিছে বিশেষ ইনপুট । যাৰ বাবে সষ্টম হৈ পৰিছে দিল্লী আৰক্ষী । দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই শনিবাৰে শীৰ্ষ বিষয়াসকলৰ সৈতে এক বৈঠকৰ আয়োজন কৰি উৎসৱৰ বতৰত ৰাষ্ট্ৰীয় ৰাজধানীত সন্ত্ৰাসবাদী আক্ৰমণৰ ইনপুটৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ বিষয়ে আলোচনা কৰে ।

সন্ত্ৰাসবাদীসকলে যাতে স্থানীয় লোকৰ সমৰ্থন লাভ কৰিব নোৱাৰে, তাৰ বাবে কেনেধৰণৰ পদক্ষেপ ল'ব লাগিব সেই বিষয়ে আলোচনা কৰা হয় এই বৈঠকত ।

বৈঠকত আস্থানাই জানিবলৈ দিয়া মতে, দিল্লীত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে । অৱশ্যে তেওঁ কয় যে আক্ৰমণকাৰীসকলে স্থানীয় লোকৰ সমৰ্থন নাপালে এনে ধৰণৰ কোনো আক্ৰমণ কৰিব নোৱাৰে । চহৰখনৰ স্থানীয় অপৰাধী, গেংষ্টাৰ আদিয়ে এনে আক্ৰমণত সহায় কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ।

যাৰ বাবে চাইবাৰ কেফে (Cybercafe), ৰাসায়নিক সামগ্ৰীৰ দোকান, পাৰ্কিং স্থান, স্ক্ৰেপ আৰু গাড়ীৰ ব্যৱসায়ীসকলক পেছাদাৰীভাৱে পৰীক্ষা আৰু নিৰীক্ষণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । আনহাতে পেট্ৰ'ল পাম্প আৰু পেট্ৰ'ল টেংকাৰক লক্ষ্য কৰি এনে আক্ৰমণ হ'ব পাৰে বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে উল্লেখ কৰিছে ।

এনে আক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে তেওঁ ভাড়াতীয়া আৰু শ্ৰমিকসকলৰ প্ৰমাণীকৰণৰ বাবেও এক অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে । কমিউনিটি পুলিচিঙৰ ওপৰত গুৰুত্ব দি আৰক্ষীয়ে RAWs, আমান কমিটিৰ সৈতে বৈঠকত মিলিত হ’ব আৰু ৰেহৰিৱালা আৰু চকীদাৰসকলক দিনে-নিশাই কৰ্তব্যত নিয়োজিত হ’বলৈ ব্যৱস্থা গ্ৰহণ কৰিব ।

লগতে পঢ়ক : নতুন দিল্লীত সেনা প্ৰধানক সাক্ষাৎ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.