ETV Bharat / bharat

স্বাধীনতা দিৱসলৈকে দিল্লীত ড্ৰোণ, মাইক্ৰ'লাইট বিমান, হট এয়াৰ বেলুন উৰুওৱা নিষিদ্ধ - অপৰাধজনিত ঘটনা

সুৰক্ষাজনিত কাৰণত স্বাধীনতা দিৱস(Independence Day) পৰ্যন্ত ৰাজধানী দিল্লীত ড্ৰোণ, মাইক্ৰ'লাইট বিমান(microlight aircraft), হট এয়াৰ বেলুন(Hot air balloons) উৰুওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে । কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাত বাধা দিয়াৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে । এই নিৰ্দেশ শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ'ব ।

Delhi Police banned flying of UAVs, UASs, microlight aircraft, hot-air balloons in Delhi till Independence Day
স্বাধীনতা দিৱসলৈকে দিল্লীত ড্ৰোণ, মাইক্ৰ'লাইট বিমান, হট এয়াৰ বেলুন উৰুওৱা নিষিদ্ধ
author img

By

Published : Jul 16, 2021, 11:49 AM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই : স্বাধীনতা দিৱসৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে দিল্লী আৰক্ষীয়ে । আকাশমাৰ্গৰ পৰাও কোনেও যাতে আক্ৰমণ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ৰাজধানীত পেৰাগ্লাইডাৰ, ইউএভি, ইউএএছ, মাইক্ৰ'লাইট বিমান আৰু হট-এয়াৰ বেলুন আদি উৰুওৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে । দিল্লী আৰক্ষী আয়ুক্ত বালাজী শ্ৰীবাস্তৱে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰাৰ কথা জানিবলৈ দিয়ে । এই নিৰ্দেশ শুকুৰবাৰৰ পৰা কাৰ্যকৰী হ'ব ।

বালাজী শ্ৰীবাস্তৱে প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা হৈছে যে, এই নিৰ্দেশনা ১৬ আগষ্ট পৰ্যন্ত বলৱৎ হৈ থাকিব । দিল্লীৰ আৰক্ষী আয়ুক্তগৰাকীয়ে জাৰি কৰা এই নিৰ্দেশত উল্লেখ কৰা হৈছে যে, পেৰা-গ্লাইডাৰ, পেৰা-মটৰ, হেং-গ্লাইডাৰ, হেং-গ্লাইডাৰ, ইউএভি, ইউএএছএছ, মাইক্ৰ'লাইট বিমান আদি ব্যৱহাৰ কৰি সন্ত্ৰাসবাদীয়ে সাধাৰণ জনতা, বিশিষ্ট ব্যক্তি আৰু গুৰুত্বপূৰ্ণ সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনাৰ চেষ্টা কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে । সেয়েহে, ফৌজদাৰী প্ৰক্ৰিয়া বিধি, ১৯৭৩ৰ ১৪৪ নং ধাৰাৰ অধীনত পেৰা-গ্লাইডাৰ, পেৰা-মটৰ, জি-গ্লাইডাৰ, ইউএভিএছ, ইউএএছএছ, মাইক্ৰ'লাইট বিমান, হট এয়াৰ বেলুন, সৰু আকাৰৰ বিমান, কোৱাডকপ্টাৰ্ছ পেৰাকপ আদি নিষিদ্ধ কৰা হৈছে ।

এই নিৰ্দেশক অৱমাননা কৰি আইন উলংঘা কৰিলে ১৮৮ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব । সকলো ডিচিএছপি, অতিৰিক্ত ডিচিএছপি, এচিএছপি, সকলো আৰক্ষী থানা আৰু এনডিএমচি, এমচিডি, দিল্লী, ডিডিডি, ডিডিএৰ কাৰ্যালয়লৈ এই নিৰ্দেশৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে ।

সন্ত্ৰাসবাদীয়ে যাতে অপৰাধজনিত ঘটনা সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে সষ্টম হৈছে দিল্লী আৰক্ষীয়ে । উল্লেখ্য যে, বিগত মাহত জম্মুত বায়ু সেনাৰ বিমান ঘাটিত ড্ৰোণেৰে বিস্ফোৰণ সংঘটিত কৰা হৈছিল । এই ঘটনাৰ পাছত জম্মু-কাশ্মীৰৰ কেইবাখনো জিলাত সন্দেহজনক ড্ৰোণ উৰি থকা পৰিলক্ষিত হৈছিল । পিছত জম্মু-কাশ্মীৰৰ কেইখনমান জিলাত ড্ৰোণ, ইউ এ ভিৰ ব্যৱহাৰ মজুতকৰণ নিষিদ্ধ কৰা হয় । স্বাধীনতা দিৱসৰ পূৰ্বে যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নহয়, তাৰ বাবে এতিয়া কঠোৰ নিৰ্দেশ জাৰি কৰিছে দিল্লী আৰক্ষীয়ে ।

লগতে পঢ়ক:কমল নাথ হ'ব নেকি AICCৰ পৰৱৰ্তী কাৰ্যকৰী সভাপতি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.