ETV Bharat / bharat

দিল্লীত বাংলাদেশৰ ভুৱা ষ্টাম্পসহ দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ - Delhi Police arrests two Bangladeshi nationals

স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে যাতে কোনো কুটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে অধিক শতৰ্কতাৰে দেশৰ ৰাজধানী নতুন দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ৰাজপথত চলোৱা হৈছিল তালাচী অভিযান ৷ ইয়াৰ মাজতে 14 আগষ্টত ৰাজধানী চহৰ দিল্লীত বাংলাদেশৰ ভুৱা ষ্টাম্পৰ নথি-পত্ৰসহ দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Delhi Police arrests two Bangladeshi nationals)৷

Delhi Police arrests two Bangladeshi nationals
বাংলাদেশৰ ভুৱা ষ্টাম্পসহ দুজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ
author img

By

Published : Aug 15, 2022, 10:46 PM IST

নেশ্যনেল ডেস্ক, 15 আগষ্ট: সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱসৰ উলহ মালহ ৷ স্বাধীনতা দিৱস উদযাপনৰ উপলক্ষে যাতে কোনো কুটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে অধিক শতৰ্কতাৰে দেশৰ ৰাজধানী নতুন দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ৰাজপথত চলোৱা হৈছিল তালাচী অভিযান ৷ ইয়াৰ মাজতে 14 আগষ্টত ৰাজধানী চহৰ দিল্লীত বাংলাদেশৰ ভুৱা ষ্টাম্পৰ নথি-পত্ৰসহ দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Delhi Police arrests two Bangladeshi nationals)৷

স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে ৰাজধানী চহৰখনত নিয়মীয়াকৈ বিশেষ অভিযান চলোৱা হৈছে ৷ এনে এক অভিযানতে দিল্লী আৰক্ষীয়ে চহৰখনৰ পালম অঞ্চলৰ পৰা দুজন বাংলাদেশী নাগৰিকক আটক কৰাৰ লগতে বাংলাদেশ মন্ত্ৰালয়ৰ ভুৱা ষ্টাম্প থকা 11 খন পাছপোৰ্ট আৰু ১০ টা ভুৱা ডাক টিকেট উদ্ধাৰ কৰে (recovers fake stamps of various Bangladesh ministries)৷

দিল্লীৰ ৰামফল চকৰ এলেকাত বাস কৰা বাংলাদেশী পৰিয়ালৰ ঘৰলৈ গৈ থকা অৱস্থাত এই দুজন বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰে ৷ ধৃত নাগৰিক দুজন মহম্মদ মোস্তাফা আৰু মহম্মদ হোছেইন শ্বেইখ বুলি জানিব দিয়ে আৰক্ষীয়ে ৷

ইতিমধ্যে দুই নাগৰিকৰ বিৰুদ্ধে দক্ষিণ দ্বাৰকা নগৰৰ আৰক্ষী থানাত বিদেশী আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 468 নং ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীৰ সোধ-পোছত দুই নাগৰিকে কয় যে তেওঁলোকে চিকিৎসাৰ বাবে অহা বাংলাদেশী নাগৰিকসকলৰ এজেণ্ট হিচাপে কাম কৰিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে দুই নাগৰিকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: মণিপুৰত সেনাৰ অভিযানত আটক ৮ জন পি এল এ উগ্ৰপন্থী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.