ETV Bharat / bharat

Arrested Ministers Resign : উপ মুখ্যমন্ত্ৰীৰ পদ এৰিলে চিছোদিয়াই; সত্যেন্দ্ৰ জৈনেও এৰিলে মন্ত্ৰীৰ বাব - Delhi liquor scam case

বিজেপিৰ প্ৰশ্নৰ পিচতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আৰু কেবিনেট মন্ত্ৰী সত্যেন্দৰ জৈনে মঙলবাৰে দিল্লীৰ মন্ত্ৰীসভাত আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে (Arrested Ministers Resign) ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্ত্ৰী দুগৰাকীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে (CM Arvind Kejriwal accepted resignations) বুলি জানিব পৰা গৈছে ৷

Delhi ministers Manish Sisodia and Satyendar Jain resign from their posts in the state cabinet; CM Arvind Kejriwal accepts their resignation.
উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু কেবিনেট মন্ত্ৰী সত্যেন্দৰ জৈনৰ পদত্যাগ
author img

By

Published : Feb 28, 2023, 8:43 PM IST

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী: যোৱা 26 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰা দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু কেবিনেট মন্ত্ৰী সত্যেন্দৰ জৈনে মঙলবাৰে দিল্লীৰ মন্ত্ৰীসভাত আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে (Arrested Ministers Resign) ৷ ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্ত্ৰী দুগৰাকীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে (CM Arvind Kejriwal accepted resignations)। শেহতীয়াকৈ বিজেপিয়ে এই দুই মন্ত্ৰী গ্ৰেপ্তাৰৰ পিচতো কেনেদৰে দিল্লী চৰকাৰৰ (Delhi government) অংশ হৈ আছে বুলি আপক উদ্দেশ্য়ি প্ৰশ্ন উত্থাপন কৰিছিল ৷

সম্প্ৰতি চিছোদিয়াই প্ৰায় 18 টা মন্ত্ৰালয় পৰিচালনা কৰি আছিল ৷ ইয়াৰে ভিতৰতে অন্যতম হৈছে স্বাস্থ্য বিভাগ ৷ অৱশ্য়ে দিল্লীৰ স্বাস্থ্য বিভাগৰ কাৰ্যভাৰ প্ৰথমে মন্ত্ৰী সত্যেন্দৰ জৈনক প্ৰদান কৰা হৈছিল যদিও 2022 বৰ্ষৰ মে’ মাহৰ পৰা কেবিনেট মন্ত্ৰী জৈন কাৰাগাৰৰ ভিতৰত থকাৰ বাবে স্বাস্থ্য বিভাগটোৰ কাম কাজ মনীষ চিছোদিয়াই চোৱা চিতা কৰিছিল ।

দেওবাৰে দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত প্ৰায় 8 ঘণ্টাৰ জেৰাৰ অন্তত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia ) গ্ৰেপ্তাৰ কৰিছিল চিবিআইয়ে (CBI arrested Manish Sisodia) ৷ ইফালে কেবিনেট মন্ত্ৰী সত্যেন্দৰ জৈনক ধন ৰপ্তানিৰ গোচৰত তিহাৰ কাৰাগাৰত কাৰাৰুদ্ধ কৰি ৰখা আছে । প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ২০১৭ চনত দাখিল কৰা চিবিআইৰ এজাহাৰৰ ভিত্তিত 2022 চনৰ মে’ মাহত জৈনক গ্ৰেপ্তাৰ কৰিছিল ।

বিগত কেইদিনত পূৰ্বৰ আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত চিছোদিয়াৰ বিৰুদ্ধে চিবিআইয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জেৰা অব্য়াহত ৰাখিছিল ৷ শেহতীয়াকৈ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পিচতে শ শ আপৰ কৰ্মীয়ে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ এই প্ৰতিবাদ ৰোধিবৰ বাবে দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী আপৰ কৰ্মীসকলক আটক কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দলীৰ কৰ্মীসকলে অভিযোগ উত্থাপন কৰিছিল যে আৰক্ষীয়ে আপৰ দলীয় কাৰ্যালয়ত প্ৰৱেশ কৰি আপৰ কৰ্মীসকলৰ লগত হতাহতি কৰিছিল ৷

ইফালে চিছোদিলাক গ্ৰেপ্তাৰৰ সন্দৰ্ভত আপৰ নেতাসকলে এক কৌশল বুলিহে অভিহিত কৰিছিল ৷ আনকি এই ঘটনাক আপক দুৰ্বল কৰাৰ প্ৰয়াস বুলি অভিযোগ উত্থাপন কৰিছিল কৰ্মীসকলে ।

ইয়াৰ পূৰ্বে দিল্লীৰ প্ৰধানমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal on Manish Sisodia) মনীষ চিছোদিয়াক আবকাৰী নীতিৰ ভুৱা গোচৰত বিজেপি চৰকাৰে হাৰাশাস্তি কৰি থকা বুলিও অভিযোগ উত্থাপন কৰিছিল ৷ বিজেপি চৰকাৰে একনায়কত্ববাদী শাসন চলাইছে বুলি অভিযোগ উত্থাপন কৰিছিল আপৰ কৰ্মীসকলে ৷

লগতে পঢ়ক: Manish Sisodia arrested: দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.