ETV Bharat / bharat

Delhi flood condition : দিল্লীত বান, ৰাইজক সহায়ৰ বাবে সেনাৰ অভিযান অব্যাহত

দেশৰ ৰাজধানী দিল্লীত এইবাৰ ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ বাবে যমুনাৰ জলস্তৰ বৃদ্ধিয়ে অভিলেখ গঢ়িছে । আৱাসিক এলেকা প্লাৱিত হৈছে । ইয়াৰ মাজতে আইটিঅ' বেৰেজৰ বন্ধ গেট খুলি ৰাইজক কিছু সকাহ দিছে ভাৰতীয় সেনাই । সেনাৰ অভিযন্তাসকলৰ বান প্ৰতিৰোধৰ অভিযান অব্যাহত আছে ।

author img

By

Published : Jul 15, 2023, 2:13 PM IST

Delhi flood condition
বান পৰিস্থিতিৰ সন্মুখীন দিল্লীবাসী

নেশ্যনেল ডেস্ক, ১৫ জুলাই : দিল্লীৰ বান পৰিস্থিতি উন্নত হোৱা নাই । জলস্তৰ কিছু নিম্নগামী হৈছে যদিও যমুনা এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে । যাৰ বাবে দিল্লীৰ প্ৰশাসন লগতে সাধাৰণ ৰাইজ শংকিত হৈ পৰিছে । ইফালে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে অৱশেষত সেনাৰ সহায় ল'ব লগা হয় । ভাৰতীয় সেনাৰ অভিযন্তাসকলে প্ৰায় ২০ ঘণ্টাৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আইটিঅ' বেৰেজৰ বন্ধ গেটখন খুলিবলৈ সক্ষম হয় ।

সেনাৰ ডুবাৰু দলটোৱে কম্প্ৰেচাৰৰ সহায়ত পানীৰ তলত মামৰ ধৰি বন্ধ হৈ থকা ছীলটো খুলি দিয়ে আৰু হাইড্ৰা ক্ৰেনেৰে গেটখন টানি খুলি দিয়ে । তাৰ পাছত অৱশেষত মামৰে ধৰা গেটখন খুলি দিয়ে সেনাৰ দলটোৱে । একে সময়তে তেনে ধৰণৰ আৰু চাৰিখন গেট খোলাৰো প্ৰচেষ্টা চলি আছে ।

অৱশেষত গেটখন খোলাৰ লগে লগে দিল্লীবাসী কিছু সকাহ অনুভৱ কৰে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ইয়াৰ বাবে ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে । লেফটেনেণ্ট গৱৰ্ণৰ ভি কে চাক্সেনাইও টুইট কৰি ভঙা বান্ধটো মেৰামতি কৰা আৰু আইটিঅ' বেৰেজত বিশ্ব স্বাস্থ্য সংস্থাৰ ভৱনৰ সন্মুখৰ গেট খন মুকলি কৰাৰ বাবে ভাৰতীয় সেনা আৰু বিষয়াসকলৰ প্ৰচেষ্টাৰ শলাগ লয় ।

উল্লেখ্য যে ১৩ জুলাইৰ নিশা যেতিয়া যমুনা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছিল আৰু বহু অঞ্চল জলমগ্ন হৈ পৰিছিল তেতিয়াই দিল্লী প্ৰশাসনে ভাৰতীয় সেনাৰ পৰা সহায় বিচাৰিছিল । ইয়াৰ পাছতে সেনাৰ দলটোক নিয়োজিত কৰা হৈছিল । পাছত আইটিঅ'ৰ ওচৰত অস্থায়ী বান্ধ নিৰ্মাণ কৰি যমুনাৰ বাগৰি অহা পানীক নিয়ন্ত্ৰণৰ চেষ্টা কৰা হয় । ইফালে দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা নিৰন্তৰভাৱে দিল্লীৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে । সেনাৰ অভিযন্তাৰ দলবোৰকো সাজু কৰি ৰখা হৈছে ।

যমুনা নদীৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে যদিও শেহতীয়াকৈ কিছু নিম্নগামী হৈছে । যমুনাৰ জলস্তৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । আনহাতে দিল্লীৰ পুৰণি দলঙৰ পাছত ৰাজঘাট, শান্তিভান, আইটিঅ' আৰু ভৈৰো মাৰ্গত পানী জমা হোৱাৰ বাবে বৃহস্পতিবাৰে নিশা যমুনাপাৰৰ সৈতে সংযোজিত পথসমূহ যান-বাহনৰ চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছিল ।

দিল্লীৰ সমীপৱৰ্তী বহু প্ৰান্তত শনিবাৰে পুৱাও বৰষুণ হোৱা দেখা গৈছে । যাৰ বাবে দিল্লীবাসীৰ চিন্তা পুনৰ বৃদ্ধি পাইছে । ইয়াৰ মাজতে আকৌ কৃত্ৰিম বান পৰিস্থিতিৰ বাবে শনিবাৰৰ দিনটোতো দিল্লীৰ বহু কেইটা পথত যান বাহনৰ চলাচল বন্ধ আছে ।

লগতে পঢ়ক :Delhi Flood : যমুনাৰ জলস্তৰ হ্ৰাস ! বৰষুণৰ আগজাননীয়ে পুনৰ চিন্তাত পেলাইছে দিল্লীবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.