নেশ্যনেল ডেস্ক,৩০ জুলাই : যোগগুৰু বাবা ৰামদেৱৰ (Baba Ramdev) বিৰুদ্ধে সাতটাকৈ ডক্টৰ্ছ মেডিকেল এছ'চিয়েশ্যনে (Doctors Medical Association) কৰা এক আবেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰা হ'ব । ২৬ জুলাইত শুনানি গ্ৰহণ কৰাৰ কথা আছিল যদিও ন্যায়াধীশ চি হৰিশংকৰ ছুটিত থকাৰ বাবে গোচৰটোৰ শুনানি ৩০ জুলাই লৈ স্থগিত ৰখা হৈছিল । ৰাম দেৱৰ প্ৰতিষ্ঠানে প্ৰস্তুত কৰা কৰ'নিল ঔষধ সন্দৰ্ভত ৰাম দেৱে কৰা বিভিন্ন দাবীৰ বিৰুদ্ধে আছিল এই আবেদন ।
আবেদনত উল্লেখ থকা মতে যোগ গুৰু বাবা ৰামদেৱে ক'ভিডৰ মাজতে এলোপেথিৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিছিল । বাবা ৰামদেৱে আনকি দাবী কৰিছিল যে সংক্ৰামক ৰোগটো তেওঁৰ আয়ুৰ্বেদিক ঔষধ কৰ'নিলৰ (Coronil) দ্বাৰা চিকিৎসা কৰিব পাৰি । ডক্টৰ্ছ মেডিকেল এছ'চিয়েশ্যনে অভিযোগ কৰিছিল যে ৰামদেৱে বিয়পোৱা ভুল তথ্যৰ বাবে কৰ'নিলৰ বিক্ৰীৰ জৰিয়তে ১,০০০ কোটি টকাৰ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৰামদেৱে ।
ৰামদেৱে কেইবাখনো ৰাজহুৱা মঞ্চত উপস্থিত থাকি আইচিএমআৰ (ICMR), এইমছ (AIIMS) আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্ধাৰিত চিকিৎসা আৰু ভেকচিনৰ বিৰুদ্ধে মন্তব্য কৰিছিল । তেওঁ চিকিৎসকসকলক ফাৰ্মাচিউটিকেল কোম্পানী আৰু ড্ৰাগছ মাফিয়াৰ এজেণ্ট বুলিও কৈছিল যিয়ে মানুহক হত্যা কৰি আছে । ডক্টৰ্ছ মেডিকেল এছ'চিয়েশ্যনৰ হৈ উপস্থিত থকা অধিবক্তা ৰাজীৱ দত্তই কয় যে ৰামদেৱে চিকিৎসকৰ উপৰিও বিজ্ঞানকো ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাইছিল ।
ইয়াৰ পূৰ্বে ১৯ জুলাইত, পূৰ্বৰ শুনানিৰ সময়ত ন্যায়ালয়ে ডক্টৰ্ছ মেডিকেল এছ'চিয়েশ্যনৰ হৈ উপস্থিত থকা অধিবক্তাজনক বাবা ৰামদেৱে দিয়া ভুল মন্তব্যবোৰৰ ভিডিঅ' ক্লিপবোৰ আদালতত যোগান ধৰিবলৈ কৈছিল । উল্লেখ্য যে, ৰামদেৱে দাবী কৰিছিল, আয়ুৰ্বেদিক ঔষধ 'কৰ'নিল এণ্ড স্বছৰী' (Coronil and Swasari) য়ে লাইফ চাপ'ৰ্ট চিষ্টেমত থকা ৰোগীসকলৰ বাহিৰে ক'ভিড সংক্ৰমিত ৰোগীৰ ওপৰত ক্লিনিকেল পৰীক্ষণৰ সময়ত ১০০ শতাংশ ভাল ফলাফল দেখুৱাইছিল । যাৰ বাবে আয়ুষ মন্ত্ৰালয়ে কোম্পানীৰ পৰা ঔষধৰ গঠন, পৰীক্ষা আৰু অন্যান্য তথ্যৰ ওপৰত এক বিতং প্ৰতিবেদন বিচাৰিছিল ।
লগতে পঢ়ক :নাবালিকা ধৰ্ষণক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত গোৱাৰ মুখ্যমন্ত্ৰী