ETV Bharat / bharat

দিল্লী উচ্চ ন্য়ায়ালয়ত গৰ্ভপাতৰ আবেদন মহিলাৰ

author img

By

Published : Dec 31, 2020, 7:17 PM IST

এইমছক মেডিকেল ব'ৰ্ড গঠনৰ নিৰ্দেশনা দিল্লী উচ্চ ন্য়ায়ালয়ৰ । গৰ্ভত থকা ভ্ৰূণটো বিশেষ ৰোগত আক্ৰান্ত হোৱাৰ বাবে ভ্ৰূণটো নষ্টৰ কৰিবলৈ অনুমতি বিচাৰি ন্য়ায়ালয়ত আবেদন কৰিছিল এগৰাকী মহিলাই ।

দিল্লী উচ্চ ন্য়ায়ালয়ত গৰ্ভপাতৰ আবেদন মহিলাৰ
দিল্লী উচ্চ ন্য়ায়ালয়ত গৰ্ভপাতৰ আবেদন মহিলাৰ

নেশ্য়নেল ডেস্ক , ৩১ ডিচেম্বৰ : অল ইণ্ডিয়া ইনষ্টিটিউট মেডিকেল চায়েঞ্চক মেডিকেল ব'ৰ্ড গঠনৰ বিশেষ নিৰ্দেশনা দিল্লী উচ্চ ন্য়ায়ালয়ৰ । এগৰাকী মহিলাৰ এক আবেদনৰ ভিত্তিত এই নিৰ্দেশনা দিল্লী উচ্চ ন্য়ায়ালয়ৰ । গৰ্ভত থকা ভ্ৰূণটোৰ বৃক্ক বিকল হোৱাৰ বাবে ভ্ৰূণটো নষ্টৰ কৰিবলৈ অনুমতি বিচাৰি ন্য়ায়ালয়ত আবেদন কৰিছিল মহিলা গৰাকীয়ে । আবেদনৰ পিছতে এইমছক বিশেষ নিৰ্দেশনা ন্য়ায়ালয়ৰ । ভ্ৰূণটোৰ চিকিৎসা সন্দৰ্ভত এক প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবেও ব’ৰ্ডক আহ্বান জনালে ন্য়ায়ালয়ে । ব‘ৰ্ডৰ প্ৰতিবেদন আৰু পৰৱৰ্তী মতামতৰ বাবে অহা ৪ জানুৱাৰীলৈ শুনানি স্থগিত কৰা হৈছে ।

উল্লেখ্য যে, মহিলা গৰাকীৰ হৈ অধিবক্তা স্নেহা মুখাৰ্জীয়ে মহিলা গৰাকীৰ গৰ্ভপাতৰ বাবে আবেদন কৰিছিল । আবেদনত কোৱা হৈছে যে মহিলা গৰাকীৰ গৰ্ভধাৰণৰ ২৫ সপ্তাহ হৈছে আৰু আহিবলগীয়া সন্তানটো বিলিয়ন এনেচিচ আৰু অনিলাৰমীয়া নামৰ বিশেষ ৰোগত আক্ৰান্ত । অধিবক্তা গৰাকীয়ে ইয়াকো উল্লেখ কৰিছে যে জন্মৰ সময়লৈ সন্তানটো জীৱিত অৱস্থাত নাথাকিব কাৰণ ইতিমধ্য়ে সন্তানটোৰ দুয়োটা বৃক্কই বিকল হৈ গৈছে ।

ইফালে গর্ভাবস্থা আইন (এমটিপি)ৰ ধাৰা ৩ (২) ধাৰাক চেলেঞ্জ হিচাবে মহিলা গৰাকীয়ে আবেদন কৰিছে কিয়নো এই ধাৰা অনুসৰি ২০ সপ্তাহ অতিক্ৰম কৰাৰ পিছত এগৰাকী মহিলাই গৰ্ভপাত কৰোৱাটো ভাৰতীয় দণ্ডবিধিৰ অধীনত এক দণ্ডণীয় অপৰাধ ।

লগতে পঢ়ক : অনলাইন ঋণ এপৰ লুণ্ঠন : হায়দৰাবাদত গ্ৰেপ্তাৰ চীনা লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.