ETV Bharat / bharat

৫,০০০ যুৱক-যুৱতীক স্বাস্থ্য সহায়ক হিচাপে প্ৰশিক্ষণ দিব দিল্লী চৰকাৰে - দিল্লীত ক’ভিড

ক'ভিড-১৯ (COVID-19)ৰ সম্ভাৱ্য তৃতীয় ঢৌৰে মোকাবিলা কৰিব পৰাকৈ আগতীয়াকৈ প্ৰস্তুতি চলাইছে দিল্লী চৰকাৰে (DELHI GOVERNMENT) । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (ARVIND KEJRIWAL) বুধবাৰে প্ৰকাশ কৰা মতে, চিকিৎসক আৰু নাৰ্ছক সহায় কৰিবলৈ ৫,০০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিব চৰকাৰে ।

Delhi government will train 5,000 youths as health assistants
৫,০০০ যুৱক যুৱতীক স্বাস্থ্য সহায়ক হিচাপে প্ৰশিক্ষণ দিব দিল্লী চৰকাৰে
author img

By

Published : Jun 16, 2021, 7:51 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুন : স্বাস্থ্য সহায়ক (Health assistants) হিচাপে ৫,০০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিব দিল্লী চৰকাৰে । বুধবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (ARVIND KEJRIWAL) এই কথা প্ৰকাশ কৰে । ক'ভিড-১৯(COVID-19)ৰ সম্ভাৱ্য তৃতীয় ঢৌৰে মোকাবিলা কৰিবলৈ চলোৱা প্ৰস্তুতিৰ অংশ হিচাপে চিকিৎসক আৰু নাৰ্ছসকলক সহায় কৰিবলৈ ৫,০০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ'ব ।

মহামাৰীৰ তৃতীয় ঢৌৰ সময়ত যেতিয়া এই যুৱক-যুৱতীসকলৰ সেৱাৰ প্ৰয়োজন হ'ব, তেতিয়া তেওঁলোকক বিচৰা হ'ব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে কাম কৰা দিনৰ সংখ্যা অনুসৰি তেওঁলোকক প্ৰাপ্য মজুৰি আদায় দিয়া হ'ব । স্বাস্থ্য সহায়কসকলক দুসপ্তাহৰ বাবে মৌলিক প্ৰশিক্ষণ (Training) প্ৰদান কৰা হ'ব ।

এই প্ৰশিক্ষণ ২৮ জুনৰ পৰা আৰম্ভ হ'ব আৰু ৫০০ গৰাকী যুৱক-যুৱতীক প্ৰথম পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব । প্ৰশিক্ষণ ল'ব বিচৰা যুৱক-যুৱতীসকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু তেওঁলোকৰ বয়স অতি কমেও ১৮ বছৰ হ'ব লাগিব ।

লগতে পঢ়ক:মধ্যস্থতাকাৰীৰ নিৰ্দেশনা পালনত ব্যৰ্থ টুইটাৰ : ৰবি শংকৰ প্ৰসাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.