নিউজ ডেস্ক, 14 নৱেম্বৰ : ৰাজধানী চহৰ দিল্লীৰ সকলো শিক্ষানুষ্ঠান ২০ নৱেম্বৰলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব । একেদৰে সকলো চৰকাৰী কাৰ্যালয় ১৭ নৱেম্বৰলৈকে বন্ধ থাকিব আৰু কৰ্মচাৰীসকলে ঘৰৰ পৰা কাম কৰিব লাগিব । ব্যক্তিগত কাৰ্যালয়সমূহকো দিল্লী চৰকাৰে তেওঁলোকৰ কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে । ইয়াৰ লগতে ৰাজ্যখনৰ সকলো নিৰ্মাণ আৰু ধ্বংসকাৰ্য 17 নৱেম্বৰলৈকে বাতিল কৰা হৈছে ।
![Delhi government took tough decisions against pollution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13633750_del.jpg)
দিল্লী চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে দেওবাৰে এখন সংবাদমেলত সদৰি কৰে এই তথ্য ৷ ৰাজধানী দিল্লীত বৰ্ধিত প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ সোমবাৰে দিল্লী চৰকাৰে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সন্মুখত নিজৰ বক্তব্য দাখিল কৰিব । দিল্লী চৰকাৰৰ এই বক্তব্য ওপৰত ভিত্তি কৰি দিল্লীত কি পৰিস্থিতিত লকডাউন আৰোপ কৰা হ'ব আৰু এই লকডাউনৰ সময়ত কি কি সীমাবদ্ধ থাকিব আৰু কোন কোন ক্ষেত্ৰত ক’ত কেনেধৰণ ৰেহাই দিয়া হ'ব তাৰ নিৰ্ণয় লোৱা হ’ব ।
![Delhi government took tough decisions against pollution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13633750_pollution.jpg)
17 নৱেম্বৰৰ পাছত দিল্লী পৰিবেশ পুনৰীক্ষণ কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ'ব । দিল্লী চৰকাৰে চৰকাৰী কাৰ্যালয়ৰ লগতে নিকায়-নিগম আৰু স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহৰ কাৰ্যালয়সমূহ বন্ধ ৰখাৰ বাবে সিদ্ধান্ত লয় । এই সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হ'ব । স্বাস্থ্য সম্পৰ্কীয় সেৱা, আৰক্ষী, কাৰাগাৰ, জিলা প্ৰশাসন, পৰিৱেশ বিভাগ, গড়কাপ্তানী, বিদ্যুৎ, চেনিটাইজেচন, ৰে'লৱে, মেট্ৰ', বাছ, দুৰ্যোগ ব্যৱস্থাপনা সেৱাকো ইয়াৰ পৰা ৰেহাই দিয়া হৈছে ।
![Delhi government took tough decisions against pollution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13633750_arvind.jpg)
উল্লেখ্য যে, দিল্লীত বৰ্ধিত প্ৰদূষণৰ স্তৰৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত শনিবাৰে দিল্লী চৰকাৰৰ মন্ত্ৰী আৰু বিষয়াসকলৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হয় । বৈঠকত প্ৰদূষণৰ লগতে ডি পি চি চি বিষয়াসকলে দিল্লীত কেনেকৈ ক্ৰমান্বয়ে বৰ্ধিত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিছিল ৷
লগতে পঢ়ক : দিল্লীত পুনৰ Lockdownৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ:কিন্তু কিয় ?