ETV Bharat / bharat

Mundka fire tragedy: মুণ্ডকা অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ কৈ টকাৰ ক্ষতিপূৰণ

author img

By

Published : May 14, 2022, 2:52 PM IST

শুকুৰবাৰে দিল্লীৰ মুণ্ডকাত সংঘটিত (Delhi Mundka fire incident) অগ্নিকাণ্ডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ ক্ষতিপূৰণ । আহতসকলক দিল্লী চৰকাৰে দিব ৫০ হাজাৰকৈ টকা । অগ্নিকাণ্ডটোত ২৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১২ গৰাকী লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ।

Mundka fire tragedy
মুণ্ডকা অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ কৈ টকাৰ ক্ষতিপূৰণ

নেশ্যনেল ডেস্ক,১৪ মে' : দিল্লীৰ মুণ্ডকা অঞ্চলৰ এটা তিনিমহলীয়া অট্টালিকাত শুকুৰবাৰে সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড (Fire at Delhi Mundka)। য'ত প্ৰায় ২৭ গৰাকী লোকৰ মৃত্যু হয় ৷ এই অগ্নিকাণ্ডত প্ৰায় ১২ গৰাকী লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে (27 killed 12 injured in Mundka fire) ।

অগ্নিকাণ্ডৰ পাছতে সেই স্থানত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । পৰিস্থিতিৰ বুজ ল'বলৈ মুখ্যমন্ত্ৰীৰ সৈতে উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু মন্ত্ৰী সতীন্দ্ৰ জৈনও উপস্থিত হয় । মৰ্মান্তিক দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰাৰ লগতে নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi govt compensates families of Mundka fire victims)। আনহাতে আহতসকলকো ৫০ হাজাৰকৈ টকাৰ ক্ষতিপূৰণ দিব চৰকাৰে ।

লগতে ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । ইফালে অগ্নিকাণ্ডত একাংশ লোকৰ শৰীৰ বেয়াকৈ জ্বলি যোৱাৰ ফলত চিনাক্তকৰণত কিছু অসুবিধা আহিছে বুলিও জানিব পৰা গৈছে । এনে পৰিস্থিতিত, এফ.এছ.এল.ৰ জৰিয়তে ডি.এন.এ. পৰীক্ষা কৰিব বুলিও চৰকাৰে ঘোষণা কৰিছে ।

দুৰ্ঘটনাটোৰ বাবে কোনো বিষয়া বা সংস্থা দোষী সাব্যস্ত হ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী কেজৰিৱালে ঘোষণা কৰে । তেওঁ উল্লেখ কৰা মতে, এই ঘটনাৰ দোষীক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব ।

উল্লেখ্য যে মুণ্ডকা মেট্ৰ' পিলাৰ নং 544-ৰ সমীপৰ ৰোহতক ৰোডৰ চিচিটিভি কেমেৰা আৰু ৰাউটাৰ নিৰ্মাণ কৰা প্ৰতিষ্ঠানৰ লগতে অন্যান্য কাৰ্যালয় থকা এটা তিনিমহলীয়া অট্টালিকাত এই অগ্নিকাণ্ড সংঘটিত হয় । শুকুৰবাৰে বিয়লি প্ৰথমে অট্টালিকাটোৰ প্ৰথম মহলাৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ধোঁৱাই গোটেই অট্টালিকাটো আৱৰি ধৰে । ঘটনাস্থলীত প্ৰায় ৩০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত হৈ প্ৰায় ৬০ জন লোকক উদ্ধাৰ কৰে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড 27 জনৰ মৃত্যু, বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.