নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: দিল্লীত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এসপ্তাহৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু লেফটেনেণ্ট গৱৰ্ণৰ অনিল বৈজালে বৈঠকত মিলিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজধানী চহৰখনত অভিলেখ ৰচিছে আক্ৰান্তৰ সংখ্যাই । প্ৰতি ঘণ্টাত ১ হাজাৰৰো অধিক নতুন ঘটনাৰ তথ্য পঞ্জীয়ন কৰা হৈছে । এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে এসপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিছে ।
সোমবাৰে নিশাৰ পৰা অহা ২৬ এপ্ৰিললৈকে লকডাউন অব্যাহত থাকিব । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে সোমবাৰে নিশা ১০ বজাৰ পৰা অহা ২৬ এপ্ৰিলৰ মাজনিশালৈকে লকডাউন জাৰি কৰা হ'ব । লগতে তেওঁ ৰাইজক ক'ভিডৰ স্বাস্থ্যবিধি মানি চলিবলৈ অনুৰোধ জনায় । তেওঁ কয় যে, যোৱা ২৪ ঘণ্টাত প্ৰায় ২৩,৫০০ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । বিগত ৩-৪ দিনত, প্ৰায় ২৫,০০০ লোক আক্ৰান্ত হৈছে । ফলত আক্ৰান্তৰ হাৰ আৰু সংক্ৰমণ বৃদ্ধি হৈছে ।
বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত চিন্তা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যদি প্ৰতিদিনে ২৫,০০০ লোক মহামাৰীত আক্ৰান্ত হয়, তেন্তে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিব । দিল্লীৰ হাস্পতালত বিচনাৰো অভাৱ হৈছে বুলি তেওঁ জানিবলৈ দিছে । আনহাতে, লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সেৱা, খাদ্য সেৱা, চিকিৎসা সেৱা আদি অব্যাহত থাকিব । বিবাহৰ অনুষ্ঠানত মাত্ৰ ৫০ জন লোকৰ সমাৱেশ ঘটাৰ অনুমতি দিয়া হৈছে ।
ইয়াৰ বাবে অনুমতি পত্ৰ পৃথকভাৱে জাৰি কৰা হ'ব । দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক দিল্লী এৰি নাযাবলৈও আহ্বান জনাইছে । তেওঁ কৈছে যে, মাত্ৰ এসপ্তাহৰ বাবে লকডাউন দিয়া হৈছে আৰু সেয়েহে তেওঁলোকে ভীতিগ্ৰস্ত হোৱাৰ কাৰণ নাই । এই সময়খিনিত গাঁৱলৈ উভতি গ'লে শ্ৰমিকসকলে পুনৰ কৰ্মসংস্থাপন হেৰুৱাব বুলি তেওঁ চিন্তা ব্যক্ত কৰে । চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিব বুলিও তেওঁ আশ্বাস দিয়ে ।
উল্লেখ্য যে, ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৭৩,৮১০ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । লগতে ১,৬১৯ জনৰ মৃত্যু হৈছে আৰু ১,৪৪,১৭৮ জন আৰোগ্য হৈ উঠিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা ১,৫০,৬১,৯১৯ জন । দেশত এতিয়া ১৯,২৯,৩২৯ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । বৰ্তমানলৈকে ১,২৯,৫৩,৮২১ জন আৰোগ্য হৈ উঠিছে আৰু ১,৭৮,৭৬৯ জনে প্ৰাণ হেৰুৱাইছে । বৰ্তমানলৈকে ভাৰতত ১২,৩৮,৫২,৫৬৬ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক:পশ্চিমবংগৰ জনসভাত অংশগ্ৰহণ জে পি নাড্ডা-অমিত শ্বাহৰ