ETV Bharat / bharat

গণ টীকাকৰণৰ দিশে দিল্লী : অতিৰিক্ত 3 কোটি প্ৰতিষেধকৰ প্ৰয়োজন - Delhi Covid 19

এক সংবাদমেলযোগে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ইতিমধ্যে টীকাকৰণৰ বাবে ৰাজ্যখনত প্ৰায় 300 টা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু যদিহে কেন্দ্ৰই পৰ্যাপ্ত প্ৰতিষেধক প্ৰদান কৰে তেন্তে আগন্তুক 3 মাহৰ ভিতৰত সমগ্ৰ দিল্লীতে প্ৰতিষেধক প্ৰদান অভিযান সপন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

as_ntl_delhi-gears-up-for-mass-vax-kejriwal-says-3-cr-vaccines-needed_img
গণ টীকাকৰণৰ দিশে দিল্লী, অতিৰিক্ত 3 কোটি প্ৰতিষেধকৰ প্ৰয়োজন
author img

By

Published : May 8, 2021, 9:12 PM IST

নেশ্যনেল ডেস্ক, 8 মে’: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে কয় যে, গণ টীকাকৰণৰ বাবে তৎপৰ হৈ পৰিছেল দিল্লী প্ৰশাসন ৷ ইয়াৰ বাবে ৰাজধানীত প্ৰতিদিনে 80,000ৰ পৰা 85,000 পালি প্ৰতিষেধকৰ প্ৰয়োজন ৷

এক সংবাদমেলযোগে মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, "ইতিমধ্যে টীকাকৰণৰ বাবে ৰাজ্যখনত প্ৰায় 300 টা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু যদিহে কেন্দ্ৰই পৰ্যাপ্ত প্ৰতিষেধক প্ৰদান কৰে তেন্তে আগন্তুক 3 মাহৰ ভিতৰত সমগ্ৰ দিল্লীতে প্ৰতিষেধক প্ৰদান অভিযান সপন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ বৰ্তমানলৈকে দিল্লীত 100 টা টীকাকৰণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে ৷ আগন্তুক 2/3 দিনৰ ভিতৰত 200 টা কেন্দ্ৰ স্থাপন কৰা হ’ব ৷ দিল্লীৰ 2 কোটি জনসাধাৰণক প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় আগন্তুক তিনি মাহত আৰু 3 কোটি প্ৰতিষেধকৰ প্ৰয়োজন হ’ব ৷"

উল্লেখ্য যে, দিল্লীয়ে বৰ্তমানলৈকে 80 লাখ ভেকচিন লাভ কৰিছে ৷ প্ৰতিদিনে দিল্লীত প্ৰায় 1 লাখ লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ৷ কেজৰিৱালে আৰু কয়, "কেন্দ্ৰই ইতিমধ্যে দেশত কৰ’ণাৰ তৃতীয় ঢৌৰ বাবে প্ৰস্তুত হ’বলৈ জনসাধাৰণক সাৱধান কৰি দিছে ৷ গতিকে ইয়াৰ পূৰ্বেই দিল্লী চৰকাৰে সকলো নাগৰিককে অহা তিনি মাহৰ ভিতৰত টীকাকৰণ সম্পন্ন হোৱাটো বিচাৰে ৷ ইয়াৰ বাবে আমি অতিৰিক্ত প্ৰতিষেধকৰ বাবে অনুৰোধ জনাম ৷"

লগতে পঢ়ক-অতিশীঘ্ৰে একেখন পতাকাৰ তললৈ আহিব আই এন পি টি আৰু টিপ্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.