গুৱাহাটী, ১১ মাৰ্চ : লক্ষ্য পঞ্চায়ত আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচন (Upcoming 2024 Lok Sabha election)। অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা ৰণকৌশলৰে ব্যস্ত হৈ পৰিছে । বাকী দলসমূহৰ দৰে আম আদমী পাৰ্টী চমুকৈ আপেও ৰাজ্যৰ বিভিন্ন স্থানত সভা-সমিতি অনুষ্ঠিত কৰি দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
ৰাষ্ট্ৰীয় ৰাজনীতিত লাহে লাহে খোপনি পুতিবলৈ আৰম্ভ কৰা আপৰ এতিয়া লক্ষ্য হৈছে আগন্তুক লোকসভা নিৰ্বাচন । এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব (Delhi CM Likely To Visit Guwahati On April 2, 2023)। দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া আপৰ মুৰব্বী গৰাকীয়ে গুৱাহাটীত এক বিশাল জন সমাৱেশত অংশ ল’ব ।
দলীয় সূত্ৰই জনোৱা মতে, সেই সভাৰ জৰিয়তে অৰবিন্দ কেজৰিৱালে দলৰ কৰ্মকৰ্তাসকলক উৎসাহ তথা ৰাজ্যৰ জনসাধাৰণক আম আদমী পাৰ্টীৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিব । লক্ষণীয় বিষয় যে, অৰবিন্দ কেজৰিৱালৰ এই অসম ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব ।
কাৰণ বিগত সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত হোৱা টুইটাৰ যুদ্ধই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । তদুপৰি হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰায়েই আক্ৰমণ কৰি অহা পৰিলক্ষিত হয় । তেনে পৰিস্থিতিত অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণ বিশেষভাৱে লক্ষণীয় হ’ব ।
উল্লেখ যে, ১০ ফেব্ৰুৱাৰীত আপৰ অসমৰ এটা ৩৫ জনীয়া দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক (সংগঠন) ড৹ সন্দীপ পাঠকক সাক্ষাৎ কৰি অসমত দলটোৰ সাংগঠনিক কাম-কাজৰ বিষয়ে অৱগত কৰিছিল । আপৰ অসমৰ সমন্বয়ক ভবেন চৌধুৰী আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ নেতৃত্বত দলটোৱে অসমৰ সাংগঠনিক দিশটোত আলোকপাত কৰিছিল ।
অসমত দলটোৰ স্থিতি আৰু কাম-কাজকলৈ সন্তুষ্টি প্ৰকাশ কৰা অৰবিন্দ কেজৰিৱাল সেই বৈঠকতেই অসমলৈ অহাৰ ইচ্ছা প্ৰকাশ কৰিছিল । ইয়াৰ বাবে এটা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ দল অসমলৈ পঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই মৰ্মেই ৪ এপ্ৰিলত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ অসমলৈ আহিব ।
উল্লেখ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহত দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত কেতবোৰ প্ৰসংগকলৈ দীঘলীয়া টুইট যুদ্ধ চলিছিল । সেই সময়ত সেই টুইট যুদ্ধই বিশেষ চৰ্চা লাভ কৰিছিল । বিশেষকৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ পাচতে ।
মেট্ৰিকত উত্তীৰ্ণৰ হাৰ শূণ্য হোৱা বিদ্যালয়সমূহ বন্ধ কৰা আৰু শিক্ষাৰ্থীৰ সংখ্যা কম থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ কেজৰিৱালে টুইট কৰি কৈছিল যে বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয় । ইয়াৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষামন্ত্ৰী হিচাপে কাৰ্যকালত খোলা বিদ্যালয়সমূহৰ এখন তালিকা প্ৰকাশ কৰি কেজৰিৱালক লক্ষ্য কৰি টুইট কৰিছিল ।
ইয়াৰ পিচতে পুনৰ কেজৰিৱালে টুইট কৰিছিল । সেই সময়ত কেইবাদিন ধৰি চলিছিল দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ টুইট যুদ্ধ।
লগতে পঢ়ক : Masterplans in 15 cities of Assam : ৰাজ্যৰ ১৫ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন