ETV Bharat / bharat

মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত আত্মজাহৰ চেষ্টা চলোৱা যুৱকৰ মৃত্যু - ছত্তিশগড়

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বাসগৃহৰ সন্মুখত আত্মহত্যাৰ চেষ্টা চলোৱা এগৰাকী যুৱকৰ বুধবাৰে মৃত্যু ঘটে ৷ যুৱকগৰাকীয়ে দেহত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল ৷

death of hardev sinha who tried to commit self immolation in front of cm house Etv Bharat News
আত্মজাহৰ চেষ্টা চলোৱা যুৱকৰ মৃত্যু
author img

By

Published : Jul 22, 2020, 12:35 PM IST

Updated : May 12, 2022, 10:42 PM IST

ৰায়পুৰ,22 জুলাই: ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ বাসগৃহৰ সন্মুখত আত্মহত্যাৰ চেষ্টা চলোৱা এগৰাকী যুৱকৰ বুধবাৰে মৃত্যু ঘটে ৷ যুৱকজনে দেহত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল ৷ বিগত 24 দিনে চিকিৎসাধীন হৈ থকা 27 বছৰীয়া যুৱকজন হৰদেৱ সিনহা বুলি জানিব পৰা গৈছে ৷ অগ্নিসংযোগৰ ফলত যুৱকগৰাকীৰ দেহৰ প্ৰায় 65 শতাংশ জ্বলি গৈছিল ৷ উল্লেখ্য যে, ধমন্তৰী জিলাৰ তেলীনসত্তী গাঁৱৰ নিবাসী হৰদেৱে বিগত 29 জুনত মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহলৈ আহে ৷ যুৱকগৰাকীয়ে নিৰাপত্তাৰক্ষীৰ লগতে বিষয়াসকলক মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাতৰ বাবে অহা বুলি প্ৰকাশ কৰে ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব নোৱাৰি যুৱকগৰাকীয়ে দেহত অগ্নিসংযোগ কৰে ৷ যুৱকগৰাকীৰ এই কাৰ্য সন্দৰ্ভত পৰিয়ালৰ লোকে নিৱনুৱা সমস্যাৰ বাবে যুৱকগৰাকী দীৰ্ঘদিনে হতাশাত ভোগাৰ কথা উল্লেখ কৰে ৷

লগতে চাওকঃ জাতীয় পতাকা গ্ৰহণ দিৱস

Last Updated : May 12, 2022, 10:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.