নেশ্যনেল ডেস্ক, 7 আগষ্ট : বিশ্বকবি হিচাপে সৰ্বজনবিদিত মহান সংগীতজ্ঞ, চিত্ৰশিল্পী, লেখক, কবি আৰু চিন্তাবিদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আজি 80 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ অসাধাৰণ প্ৰতিভাৰে সমৃদ্ধ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল সাহিত্যৰ নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয়, প্ৰথম গৰাকী এছিয়ান আৰু প্ৰথম গৰাকী non-European ৷ ১৮৬১ চনৰ ৭ মে' তাৰিখে কলকাতাত জন্মগ্ৰহণ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক ৷ অন্যতম সৃষ্টি গীতাঞ্জলিৰ বাবে ১৯১৩ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল ৷ তেওঁৰ পিতৃ আছিল দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃৰ নাম আছিল শাৰদা দেৱী ৷
ছেইণ্ট জেভিয়াৰ স্কুলত স্কুলীয়া শিক্ষা লাভ কৰাৰ পাচত বেৰিষ্টাৰৰ সপোন পূৰণ কৰাৰ বাবে তেওঁ ইংলেণ্ডলৈ বুলি ৰাওনা হয় ৷ লণ্ডন বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে যদিও 1880 চনত ডিগ্ৰী অবিহনে তেওঁ ভাৰতলৈ উভতি আহে ৷ মানৱতাক সদায়েই অগ্ৰাধিকাৰ দি অহা ঠাকুৰে 1941 চনৰ 7 আগষ্টত কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে ৷ বহুতেই মত পোষণ কৰে যে বিশ্বকবি গৰাকীয়ে মানৱতাক জাতীয়তাবাদৰো শীৰ্ষত ৰাখিছিল ৷ তেওঁ কৈছিল যে, মই জিয়াই থকাৰ দিনটোলৈকে দেশপ্ৰেমক মানৱতাৰ ওপৰত জয় লাভ কৰিবলৈ নিদিওঁ ৷
উল্লেখ্য যে, গান্ধীজীৰ প্ৰতি ঠাকুৰৰ মনত আছিল অপৰিসীম সন্মান তথা শ্ৰদ্ধা ৷ কিন্তু ৰাষ্ট্ৰীয়তা, দেশপ্ৰেম, সাংস্কৃতিক ধাৰণা, তৰ্কশক্তি আদি বিষয়ত দুয়োৰে মতামত ভিন্ন আছিল ৷ কবিগুৰু গৰাকীয়েই গান্ধীজীক মহাত্মা উপাধি দিছিল ৷ ৰবীন্দ্ৰনাথ ঠাকুৰেই হৈছে একমাত্ৰ কবি, যাৰ দুটা সৃষ্টি দুখন দেশৰ ৰাষ্ট্ৰীয় সংগীত ৷ ভাৰতৰ জাতীয় সংগীত জন গণ মন আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সোণাৰ বাংলা দুয়োটা গীতেই গুৰুদেৱৰ অমৰ সৃষ্টিৰ অন্যতম ৷
সম্ভৱতঃ সাহিত্যৰ ক্ষেত্ৰখনত এনে কোনো ধাৰা য'ত তেওঁৰ কোনো অৱদান নাই ৷ গীত, কবিতা, উপন্যাস, কাহিনী, নাটক, পৰিচালনা, ভাস্কৰ্য সকলো ধাৰাতে তেওঁৰ ৰচনাসমূহ বিশ্ববিখ্যাত ৷ তেওঁৰ ৰচনাসমূহৰ ভিতৰত গীতাঞ্জলি, গীতালী, গীতিমাল্য, কথা কাহিনী, শিশু, শিশু ভোলানাথ, কণিকা, ক্ষণিকা আদি প্ৰধান ৷ 1901 চনত তেওঁ শান্তি নিকেতনলৈ আহে ৷ শান্তি নিকেতন প্ৰতিষ্ঠা কৰা ঠাকুৰে বিশ্ব ভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল ৷ প্ৰায় 2,230টা গীত ৰচনাৰে সংগীতৰ ক্ষেত্ৰখনো সমৃদ্ধ কৰি থৈ যোৱা ঠাকুৰ বঙালী সংস্কৃতিৰ এক অভিন্ন অংগ ৷
লগতে পঢ়ক: আধুনিক প্ৰবোধনৰ সন্ধান : গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ