ETV Bharat / bharat

Manipur sexual assault videos: ভ্ৰমণ পিছুৱাই দিয়ক; স্বাতী মালিৱাললৈ এন বীৰেণ সিং চৰকাৰৰ চিঠি - Manipur woman molest

মণিপুৰত জিঘাংসাৰ বলি হোৱা দুই মহিলাক সাক্ষাতৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিবলৈ ওলাইছে দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালে ৷ কিন্তু তাৰ পূৰ্বে পত্ৰযোগে ভ্ৰমণ পিছুৱাবলৈ মালিৱালক আহ্বান মণিপুৰ চৰকাৰৰ ৷

Manipur sexual assault videos
DCW Chairperson Swati Maliwal
author img

By

Published : Jul 23, 2023, 1:59 PM IST

নিউজ ডেস্ক, 23 জুলাই: দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে দেওবাৰে কয় যে, মণিপুৰত দুৰ্বৃত্তৰ জিঘাংসাৰ বলি হোৱা দুৰ্ভগীয়া মহিলাগৰাকীক তেওঁ সাক্ষাৎ কৰিবলৈ ওলাইছে ৷ এটা ভিডিঅ’ৰ দ্বাৰা পোহৰলৈ আহিছিল এই অবৰ্ণনীয় ঘটনা ৷ মালিৱালে সংবাদ মাধ্যমক কয় যে, মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিব খুজিছে ৷

‘‘মণিপুৰত পোহৰলৈ অহা যৌন নিৰ্যাতনৰ গোচৰবোৰ ভয়ংকৰ । মণিপুৰ চৰকাৰে প্ৰথমে মণিপুৰ ভ্ৰমণ কৰি যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীসকলক লগ কৰিবলৈ মোৰ দাবীত সন্মতি দিলে । পিচত ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মোৰ ভ্ৰমণ পিছুৱাই দিবলৈ চৰকাৰৰ পৰা এখন চিঠি আহিল । মই মণিপুৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ তাত আইন-শৃংখলাৰ সমস্যা আছে ।’’ এই মন্তব্য কৰে স্বাতী মালিৱালে ।

‘‘মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এনে শ শ ঘটনা সংঘটিত হৈছে । চৰকাৰে ভুক্তভোগীসকললৈ সহায়ৰ হাত আগবঢ়াই সকাহ দিলেনে, তেওঁলোকে কেনেধৰণৰ ভয় লৈ জীয়াই আছে, ভুক্তভোগীসকলক কোনো পৰামৰ্শ, আইনী সাহায্য বা ক্ষতিপূৰণ দিলেনে ? মই তালৈ গৈ এই সকলোবোৰ কথাৰ বুজ ল’ব বিচাৰো আৰু তেওঁলোকক সহায় কৰিব বিচাৰো । মণিপুৰ চৰকাৰে মোৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ পৰামৰ্শ দিলে । মই বহুত ভাবিলোঁ আৰু মই সিদ্ধান্ত লৈছোঁ যে মই মণিপুৰলৈ যাম ৷’’ দিল্লী মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে লগতে কয় ৷

লগতে পঢ়ক: Turbulent Manipur: দুৰ্বৃত্তই জীৱন্তে জ্বলালে মুক্তিযুদ্ধাৰ ৮০ বছৰীয়া পত্নীক

উল্লেখ্য যে, শেহতীয়াকৈ পোহৰলৈ অহা এটা ভিডিঅ’ই সমগ্ৰ দেশতে তোলপাৰ লগায় ৷ আনকি মণিপুৰ সমস্যা সন্দৰ্ভত আৰম্ভণিৰে পৰা মৌনতা অৱলম্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ভিডিঅ’ পোহৰলৈ অহাৰ পাচতে কেইছেকেণ্ড মানৰ বাবে হ’লেও মণিপুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ ইতিমধ্যে সমগ্ৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা হৈছে ৷ উচ্চতম ন্যায়ালয়েও চৰকাৰক মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে সকীয়াই দিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.