ETV Bharat / bharat

Four killed in leopard attack: নাহৰফুটুকীৰ ত্ৰাস ৰোধৰ বাবে কুঁহিয়াৰ খেতি চপোৱাৰ নিৰ্দেশ উপায়ুক্তৰ - মহীশূৰ জিলা উপায়ুক্ত

কৰ্ণাটকৰ মহীশূৰত নাহৰফুটুকীৰ আক্ৰমণত দুমাহত চাৰিজন লোক মৃত্যু হয় । নাহৰফুটুকীটোৰ বাবে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷ জিলা উপায়ুক্তই নাহৰফুটুকীটোৰ ত্ৰাস ৰোধৰ বাবে কাষৰ কুঁহিয়াৰ খেতি চপোৱাৰ কাম ১৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে (DC order to cut sugarcane to catch leopard) ৷

নাহৰফুটুকীৰ ত্ৰাস
DC order to cut sugarcane to catch leopard
author img

By

Published : Jan 23, 2023, 8:09 PM IST

নিউজ ডেস্ক, ২৩ জানু্ৱাৰী: কৰ্ণাটকৰ মহীশূৰৰ টি নাৰাছিপুৰ তালুকত বিগত কেইবামাহ ধৰি নাহৰফুটুকীয়ে ত্ৰাস সৃষ্টি কৰি আহিছে (Leopard menace in karnataka) ৷ নাহৰফুটুকীৰ সন্ত্ৰাসত অঞ্চলটোৰ কেইবাজনো লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ নাহৰফুটুকীটোৰ ত্ৰাসত উপায়ন্তৰ হৈ স্থানীয় লোকে অৱশেষত প্ৰশাসনৰ কাষ চাপিবলৈ বাধ্য হয় ৷ স্থানীয় লোকৰ আবেদনৰ পাচত নাহৰফুটুকীটো বন্দী কৰাৰ বাবে সিদ্ধান্ত লৈছে মহীশূৰৰ জিলা প্ৰশাসনে ৷

মহীশূৰ জিলাৰ উপায়ুক্ত ড৹ কে ভি ৰাজেন্দ্ৰই বিভাগীয় কৰ্তৃপক্ষক নৰসীপুৰ আৰু সংলগ্ন নাঞ্জানাগুডু তালুকৰ সীমান্ত অঞ্চলৰ পূৰঠ কুঁহিয়াৰৰ খেতি অহা ১৫ দিনৰ ভিতৰত চপোৱাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে (DC notice for sugarcane harvesting) । উল্লেখ্য, যে, বিগত দুমাহত নাহৰফুটুকীৰ আক্ৰমণত প্ৰায় ২ টি কিশোৰসহ প্ৰায় চাৰিজন লোক নিহত হৈছে ।

শুকুৰবাৰে জিলাখনৰ হোৰালাহাল্লা গাঁৱৰ জয়ন্ত নামৰ এজন ১১ বছৰীয়া কিশোৰৰ নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হয় । ইয়াৰ দুদিন পূৰ্বে অৰ্থাৎ বুধবাৰে কন্ননায়কনাহাল্লিত চিদ্দাম্মা নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল । আনহাতে বিগত বৰ্ষৰ ১ ডিচেম্বৰত নাহৰফুটুকীৰ আক্ৰমণত এছ কেববেহুণ্ডি গাঁৱৰ মেঘনা (২২) নামৰ এগৰাকী যুৱতী আৰু মাদগাৰ লিংগায়নহুণ্ডিৰ এগৰাকী যুৱক মঞ্জুনাথৰ (১৮) নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হৈছিল (Four killed in leopard attack) ।

টি নাৰাচিপুৰ তালুকৰ হোৰালহাল্লি গাঁৱত নাহৰফুটুকীৰ ত্ৰাস নিয়ন্ত্ৰণ কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে দেওবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । বৈঠকত জিলা উপায়ুক্ত ড৹ কে ভি ৰাজেন্দ্ৰই নাহৰফুটুকীটোক ধৰিবলৈ কুঁহিয়াৰ খেতি চপোৱা সন্দৰ্ভত আলোচনা কৰে ৷ তেওঁ টি নৰসীপুৰ তালুকৰ কৃষকসকলে খেতি কৰা পূৰঠ কুঁহিয়াৰৰ এলেকাৰ বিষয়ে তথ্য বিচাৰিছিল ।

বৈঠকত নাঞ্জানগুডৰ বল্লাৰী আম্মান চুগাৰ ফেক্টৰীৰ কাৰ্যকৰী সভাপতিয়ে জিলা উপায়ুক্তক অঞ্চলটোত প্ৰায় ২০০ একৰ এলেকাত পূৰঠ কুঁহিয়াৰ খেতি থকাৰ কথা জানিবলৈ দিয়ে । উপায়ুক্তগৰাকীয়ে নাহৰফুটুকীৰ আক্ৰমণ সংঘটিত হোৱা টি নৰসীপুৰ তালুক চোচালে হোবলিত থকা পূৰঠ কুঁহিয়াৰৰ খেতি প্ৰথমে কাটিবলৈ নিৰ্দেশ দিয়ে (DC order to cut sugarcane to catch leopard) ।

একে সময়তে, উপায়ুক্তগৰাকীয়ে বৰ্তমানৰ ১৯ টা দলক ৩০ টা দললৈ বৃদ্ধি কৰিবলৈ আৰু প্ৰতিদিনে সৰ্বাধিক ৬০ টন শস্য চপোৱাৰ বাবে তাৎক্ষণিক পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে । তেওঁ খাদ্য আৰু যোগান বিভাগৰ যুটীয়া সঞ্চালক টি নাৰাচীপুৰ তহচিলদাৰক দৈনিক শস্য চপোৱাৰ পৰিসংখ্যাৰ প্ৰগতি প্ৰতিবেদন নিৰীক্ষণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় আৰু একে সময়তে সংগ্ৰাহকৰ ওচৰত দৈনিক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Crane collapsed in Temple: ঈশ্বৰ উপাসনাৰ বাবে গৈ মৃত্যুক সাৱটিলে 4 ভক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.