ETV Bharat / bharat

মহীশূৰত দশেৰা উৎসৱ উদ্বোধন ৰাষ্ট্ৰপতিৰ

কৰ্ণাটকৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে বিবেচিত মহীশূৰৰ দশৰা উৎসৱ (Dasara festival in Mysuru) ৰাজবংশৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছিল এই দশৰা উৎসৱ। ৰাজ্যখনত পৰ্যটনৰ প্ৰসাৰৰ বাবে বৰ্তমান কৰ্ণাটক চৰকাৰৰ উদ্য়োগত আয়োজন কৰা হয় উৎসৱটি ।

author img

By

Published : Sep 26, 2022, 2:07 PM IST

President inaugurates Dasarain Mysuru
মহীশূৰত দশেৰা উৎসৱ উদ্বোধন ৰাষ্ট্ৰপতিৰ

নেশ্য়নেল ডেস্ক, ২৬ছেপ্টেম্বৰ: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে মহীশূৰত দশেৰা উৎসৱৰ শুভ উদ্বোধন(President inaugurates Dasarain Mysuru) কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে চামুণ্ডী পাহাৰৰ সমীপত অৱস্থিত মন্দিৰত দেৱতা চামুণ্ডেশ্বৰীৰ মূৰ্তিত (idol of Goddess Chamundeshwari) পুস্পাঞ্জলী আগবঢ়ায় । ৰাষ্ট্ৰপতি মুৰ্মৱে (President Droupadi Murmu) উদ্বোধন কৰা উক্ত দশেৰা উৎসৱত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই আৰু অন্যান্য মন্ত্ৰীসকল উপস্থিত থাকে ।

চিটি পেলেচত ১০ দিনীয়াকৈ এই দশেৰা উৎসৱ আৰম্ভ হৈছে । এই উপলক্ষে আয়োজিত নৱৰাত্ৰি উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ন কৰা হ'ব । উল্লেখ্য় যে মহীশূৰ চিটি পেলেচত দশেৰা উদযাপন ১৬১০ চনত আৰম্ভ হৈছিল । এই উৎসৱক 'নাডা হাব্বা' বা ৰাজ্যিক উৎসৱ বুলিও জনা যায় । যোৱা দুবছৰ ধৰি চিটি পেলেছৰ দশেৰা ক'ভিড-১৯ মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল ।

দশেৰা উৎসৱক মহীশূৰ ৰাজবংশৰ পৃষ্ঠপোষকতাত অঞ্চলটোৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে গণ্য কৰা হয় । বৰ্তমান কৰ্ণাটক চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজন কৰা হৈছে । ১০ দিনীয়া এই অনুষ্ঠানত কৰ্ণাটকৰ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ'ব যিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক আৰু দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰিব ।

মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইয়ে (Karnataka Chief Minister Basavaraj Bommai) মহীশূৰত দশেৰা উৎসৱ সন্দৰ্ভত কয়,"ৰাজ্যখনত পৰ্যটনৰ প্ৰসাৰৰ বাবে এনেদৰে উৎসৱৰ আয়োজন কৰা হৈছে । এই উৎসৱটো পৰম্পৰা আৰু সংস্কৃতিৰ এক মিশ্ৰিত প্ৰতিফলন বুলি ক'ব পাৰি । এই উপলক্ষে মুখ্য পথ, মহানগৰ আৰু গুৰুত্বপূৰ্ণ অট্টালিকাবোৰ আলোকিত কৰা হৈছে ।"

লগতে পঢ়ক:Shardiya Navratri 2022:কোন আছিল মা শৈলপুত্ৰী ? শৈলপুত্ৰীৰ পূজাৰ বিষয়ে সমষ্ট ইয়াতে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.