ETV Bharat / bharat

48 years of the Emergency: জৰুৰীকালীন অৱস্থাৰ ৪৮ বছৰ, কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Jun 25, 2023, 4:43 PM IST

ইন্দিৰা গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়তে ১৯৭৫ চনৰ আজিৰ দিনটোতে দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল । সেই দিনবোৰ ভাৰতৰ ইতিহাসৰ ক'লা অধ্যায় বুলি অভিহিত কৰিছে বিজেপিয়ে ।

48th anniversary of the Emergency
কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২৫ জুন : "জৰুৰীকালীন অৱস্থাৰ ক'লা দিনবোৰ দেশৰ ইতিহাসত এক পাহৰিব নোৱাৰা সময় হৈ ৰৈছে ।" এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । প্ৰধানমন্ত্ৰী মোডীয়ে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ প্ৰতিৰোধ কৰা সকলো সাহসী লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পৰামৰ্শ অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে ১৯৭৫ চনৰ ২৫ জুনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল । জৰুৰীকালীন অৱস্থা ১৯৭৭ চনলৈকে আছিল । জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে এই সময়ছোৱাত কেইবাজনো বিৰোধী নেতাক কাৰাবাস দিয়া হৈছিল ।

জৰুৰীকালীন অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ স্বাধীনতাও হ্ৰাস কৰা হৈছিল । ইফালে কংগ্ৰেছৰ শাসনকালত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাক লৈ বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । বিজেপিৰ বিভিন্ন নেতাই আজি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।

জৰুৰীকালীন অৱস্থাৰ ৪৮ সংখ্যক বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইটযোগে জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা আৰু গণতান্ত্ৰিক মনোভাৱ শক্তিশালী কৰাৰ বাবে কাম কৰা সকলো সাহসী লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সেই জৰুৰীকালীন অৱস্থাৰ সময়বোৰ দেশৰ সংবিধানে উদযাপন কৰা মূল্যবোধৰ সম্পূৰ্ণ বিপৰীত বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও কয় যে, জৰুৰীকালীন অৱস্থা কংগ্ৰেছৰ স্বৈৰাচাৰী মানসিকতাৰ প্ৰতীক আৰু কেতিয়াও মচিব নোৱাৰা কলংক । টুইটযোগে শ্বাহে কয় যে, ১৯৭৫ চনৰ এই দিনটোতে এটা পৰিয়ালে জনসাধাৰণৰ অধিকাৰ কাঢ়ি লৈ গণতন্ত্ৰক হত্যা কৰি দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল । ক্ষমতা হেৰুওৱাৰ আশংকা কৰি তেওঁলোকে এই সিদ্ধান্ত লৈছিল বুলিও অমিত শ্বাহে দাবী কৰে ।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও জৰুৰীকালীন অৱস্থা জাৰি কৰাক লৈ সমালোচনা কৰে । তেওঁ কয় যে, জৰুৰীকালীন অৱস্থা ক্ষমতা আৰু স্বৈৰশাসনৰ অপব্যৱহাৰৰ আটাইতকৈ ডাঙৰ উদাহৰণ । সিঙৰ মতে ৪৮ বছৰৰ পাছতো জৰুৰীকালীন অৱস্থাক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক ক'লা অধ্যায় হিচাপে স্মৰণ কৰা হয় ।

লগতে পঢ়ক : PM Modi meets Grand Mufti : ইজিপ্তৰ গ্ৰেণ্ড মুফ্টিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.