মেষ ৰাশি: বিত্তীয় আৰু ব্যৱসায়িক দিশত অনুকূল ৷ আৰ্থিক লাভ বৃদ্ধি ৷ বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে ৷ বন্ধুৰ সৈতে আনন্দৰে দিনটো কটাব ৷ দিনটো আনন্দময় হ’ব ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
বৃষ ৰাশি: নতুন বন্ধুত্ব গঢ়ি উঠিব ৷ নতুন মানুহৰ সৈতে চিনাকী হ’ব ৷ দিনটো অনুকূল ৷ বিনিয়োগ সম্বন্ধীয় সকলো সমস্যাৰ নিষ্পত্তি কৰাৰ বাবে দিনটো বহুত ভাল ৷
মিথুন ৰাশি: বিভিন্ন চিন্তাত মগ্ন হৈ থাকিব ৷ আলোচনা আৰু তৰ্ক-বিতৰ্কৰপৰা দূৰত থাকক ৷ আৱেগিক হৈ পৰিব পাৰে ৷ ভ্ৰমণৰ পৰা আঁতৰত থাকক ৷ কোনো বিষয়ক লৈ বিপাঙত পৰিব পাৰে, কিন্তু সেইষাৰ কথাক লৈ অত্যধিক চিন্তা কৰিলে মানসিকভাৱে বিধ্বস্ত হৈ পৰিব পাৰে ৷ পানী বা আন কোনো তৰল পদাৰ্থৰ পৰা আঁতৰত থাকক ৷
কৰ্কট ৰাশি: ভাগ্যশালী হৈ থাকিব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে ৷ নিজৰ কামক লৈ সন্তুষ্ট থাকিব ৷ সফল হ’ব ৷ ব্যৱসায়ত লাভ বৃদ্ধি ৷
সিংহ ৰাশি: আৰ্থিক লাভ বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ দূৰ অঞ্চলৰ মানুহৰ সৈতে যোগাযোগ হ’ব পাৰে ৷ পৰিয়ালৰ পৰা বিশেষকৈ বান্ধৱীসকলৰপৰা সহযোগিতা পাব ৷ দাঁত বা চকুৰ সমস্যাৰ পৰা সকাহ পাব ৷
কন্যা ৰাশি: নতুন মানুহৰ সৈতে চিনাকী হ’ব ৷ আত্মবিশ্বাসৰে কাম কৰিলে সফল হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দৰে কটাব ৷ আৰ্থিক লাভ নিশ্চিত ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
তুলা ৰাশি: স্বাস্থ্যৰ যতন লওঁক ৷ অধৈৰ্য বা অসাৱধান আচৰণে বিপদত পেলাব ৷ দুৰ্ঘটনাৰ আশংকা ৷ ব্যয় বৃদ্ধি ৷ ব্যৱসায়ত অংশীদাৰসকলৰ সৈতে সংঘাত হ’ব পাৰে ৷ ভাবি চিন্তি কথা ক’ব ৷ অনাৱশ্যক কাজিয়া বিবাদত লিপ্ত নহ’ব ৷ ন্যায়ালয় সম্বন্ধীয় বিষয়ত সতৰ্ক হ’ব ৷
বৃশ্চিক ৰাশি: লাভবান হ’ব ৷ ব্যৱসায়ত লাভ বৃদ্ধি ৷ পুৰণি বন্ধুক লগ পাব পাৰে ৷ বিবাহযোগ্য প্ৰাৰ্থীসকলে জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷
ধনু ৰাশি: সৌভাগ্যশালী হ’ব ৷ ব্যৱসায়ৰ উন্নতি হ’ব ৷ চাকৰিয়াল সকলৰ বাবে শুভ ৷ পদোন্নতিৰ সম্ভাৱনা ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷
মকৰ ৰাশি: মানসিক চিন্তা উন্নত হ’ব ৷ সাহিত্যৰ প্ৰতি প্ৰেম হ’ব ৷ মানসিক যন্ত্ৰণাত ভুগিব ৷ সন্তানৰ শিক্ষা আৰু স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ খৰচ বৃদ্ধি ৷
কুম্ভ ৰাশি: চিন্তাই খঙাল কৰি তুলিব ৷ ধ্যান বা যোগ কৰক ৷ অনৈতিক কায্য যেনে চুৰি কৰা আদিৰ পৰা আঁতৰত থাকক ৷ কথা কওঁতে সাৱধান হ’ব ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷
মীন ৰাশি: কলা প্ৰতি প্ৰেম হ’ব ৷ ব্যবসায়ত সফল হ’ব ৷ বন্ধুক লগত আনন্দৰে পাৰ কৰিব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷