ETV Bharat / bharat

Daily Horoscope For 30th November: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 30th November: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 30th November
আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 4:42 PM IST

Updated : Nov 30, 2023, 9:08 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অলপ প্ৰভাবশালী বুলিব পাৰি ৷ নতুন পৰিকল্পনা হাতত লোৱাৰ উপযুক্ত সময় ৷ নিজ প্ৰচেষ্টাৰে সহজভাবে কাম কৰিবলৈ চেষ্টা কৰক, সহজ কামবোৰ টান কৰিবলৈ চেষ্টা নকৰিব ৷ আপোনাৰ কৰ্মক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ’ব পাৰে কিন্তু আপুনি সদায় কৰাৰ দৰে বাধাবোৰ অতিক্ৰম কৰাৰ প্ৰচেষ্টা কৰক, নিশ্চয় সফল হ’ব ৷ মহিলাসকলে তেওলোকৰ জিভাৰ ওপৰত কাবু ৰাখক, অযথা যি কোনো কথা কৈ বিপদ চপায় নল’ব ৷ ভ্ৰমণৰ যোগ কম ৷

বৃষ ৰাশি: আপোনাৰ ভাগ্যৰ তৰা উদয় হৈছে ৷ আপোনৰ কাৰ্য্যক্ষমতাৰ যোগেদি আপুনি আপোনাৰ কষ্টকৰ কামবোৰ সহজে পূৰ কৰিব পাৰিব ৷ কামত যাতে কোনো ধৰণৰ লোকচান নহয় তাৰ প্ৰতি চকু ৰাখি ভালকৈ কামত আগবাঢ়ক ৷ কোনো নতুন কাম হাতত নোলোৱাই ভাল ৷ পৰিয়াল, বন্ধু বা সহকৰ্মীৰ লগত আলোচনাৰ সময়ত চকু ৰাখক যাতে আপুনি আপোনাৰ সীমা অতিক্ৰম নকৰে ৷ আপুনি কোৱা কথাৰে আপোনাৰ জ্ঞানৰ পৰিচয় দিয়ক ৷ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত আপোনাৰ সম্বন্ধ আৰু ভাল হ’ব ৷

মিথুন ৰাশি: আপোনাৰ প্ৰিয়গৰাকীৰ লগত কটাবলৈ অতি সুন্দৰ দিন ৷ বন্ধুসকলক নিমন্ত্ৰণ কৰক আৰু নিশা আহাৰ বা সৰু বনভোজৰ আয়োজন কৰক ৷ প্ৰচুৰ ধনাগমনৰ যোগ দেখা গৈছে ৷ কিন্তু যধে-মধে খৰচ কৰি বিপদত নপৰিব ৷ সীমাৰ ভিতৰত খৰচৰ চেষ্টা কৰক ৷ আপোনাৰ ফালে অহা অপশক্তিবোৰ দূৰতে বিদূৰ হ’ব ৷ বন্ধু আৰু প্ৰেমীৰ পৰা উপহাৰ লাভ কৰিব ৷

কৰ্কট ৰাশি: আজি নিজকে খং আৰু চিন্তাৰে আবৰি থকা যেন অনুভব কৰিব ৷ শান্ত থাকক অন্যথা মানসিক অস্থিৰতাই আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰভাব পেলাব ৷ বিশেষকে আপুনি সঠিক সিদ্ধান্ত লোৱাত বিফল হ’ব ৷ যিমান পাৰে সিমান আপুনি বেয়া পোৱা বিষয়ত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক নহ’লে পৰিস্থিতি আৰু বেয়ালৈ যাব ৷ গণেশৰ উপদেশ মতে সাধাৰণ জীৱন যাপন কৰক, সোতৰ বিপৰীতে নাযাব ৷ ধন হানি হ’ব পাৰে আৰু শৰীৰ বেয়া হ’ব পাৰে ৷ খাদ্যভাসৰ ওপৰত আৰু টকাৰ ওপৰতো চকু ৰাখক ৷

সিংহ ৰাশি: সিংহ ৰাশিসকলৰ বাবে এটা সৰ্বাংগ সুন্দৰ দিন ৷ পৰিৱেশ আপোনাৰ সপক্ষে থাকিব কিন্তু যদিহে আপুনি মন নিদিয়ে তেন্তে সুযোগ গ্ৰহণত বিফল হ’ব ৷ যদিহে নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে কিছুদিন বাট চাওক ৷ বন্ধুসকলে আপোনাক লগ দিব আৰু কিছু ক্ষেত্ৰত তেওলোক আপোনাৰ সহায়ক হ’ব ৷ বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ’ব ৷ ব্যৱসায় ভালে দৰেই চলি থাকিব আৰু ধনাগমনৰ যোগ দেখা যায় ৷

কন্যা ৰাশি: গণেশৰ কৃপাত সকলোৰে বাবে ভাল দিন ৷ যদিহে নতুন কাম হাতত লোৱাৰ কথা ভাবিছে তেন্তে নিৰ্ভয়ে কৰক ৷ কাৰ্যক্ষেত্ৰত আপোনাৰ বাবে সঠিক সময়, উন্নতিৰ যোগ দেখা যায় ৷ যদিহে আপুনি পদোন্নতিৰ যোগ্য তেন্তে এয়েই সময় ৷ পাৰিবাৰিক ক্ষেত্ৰতো সুগম সময় ৷ চৰকাৰৰ ফালৰ পৰাও পোৱাৰ যোগ আছে ৷ কামৰ ক্ষেত্ৰত আপুনি বেছি দৌৰা-দৌৰি কৰি থকাৰ দৰকাৰ নাই সকলো কাম সহজে হৈ যাব ৷

তুলা ৰাশি: আপুনি যদিহে লিখামেলা বা কলাৰ লগত জড়িত লোক তেন্তে সময় অনুকুল ৷ নতুন কাম আৰম্ভ কৰাৰ আৰু নতুন সিদ্ধান্ত প্ৰয়োগৰ উপযুক্ত সময় ৷ আপোনাৰ সহকৰ্মী আৰু বচৰ সহযোগ সকলো ফালৰ পৰা লাভ কৰিব আৰু আপোনাৰ কামত অগ্ৰগতি হ’ব ৷ ব্যৱসায়ীসকলৰ বাবেও উন্নতিৰ সময় ৷ শৰীৰৰ যত্ন লওক আৰু খাদ্য গ্ৰহণত চকু ৰাখক ৷ আপোনাৰ চাৰিওকাষে থকা লোকসকলৰ লগত অনাহক তৰ্ক-বিতৰ্কৰ পৰা আতৰি থাকক ৷ তীৰ্থ ভ্ৰমণৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: কাৰো পৰা দয়া বা কৃতজ্ঞতাৰ আশা নকৰিব ৷ প্ৰত্যেক ক্ষেত্ৰতে অতি সাবধানেৰে চলক ৷ নতুন একো কাম আৰম্ভ নকৰিব, বেছি লোকচানৰ আশংকা আছে ৷ খৰচৰ ক্ষেত্ৰত চকু ৰাখক অন্যথা অতি সোনকালে টকা পইচা শেষ হ’ব ৷ বেআইনী কামৰ পৰা আঁতৰি থাকক অথবা আদালত পাবগৈ লাগিব পাৰে ৷ নতুনকৈ লগ পোৱা লোকক সহজে বিশ্বাসত নল’ব ৷ সাবধানে লক্ষ্য কৰক আৰু চিন্তা চৰ্চা কৰিহে বন্ধু বনাওক ৷ আপোনাৰ বাবে আজিৰ প্ৰধান কাম যোগ চৰ্চা কৰক, ধ্যান কৰক আৰু মনক স্থিৰ কৰি আগবাঢ়ক ৷

ধনু ৰাশি: আপোনাৰ দিন আনন্দময় হ’ব ৷ গণেশৰ কৃপাত সুখ আৰু আনন্দই আপোনাক সকলো ফালৰ পৰা আগুৰি থাকিব ৷ বিভিন্ন ক্ষেত্ৰত থকা লোকক লগ পাব আৰু সুফল লাভ কৰিব ৷ বন্ধুৰ লগত বা প্ৰেমিকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ ভাগ্যৰ তৰা উদয় হৈছে গতিকে আপুনি আপোনাৰ নতুন ভাবধাৰাৰে কামত সফলতা পাব ৷ ব্যৱসায়ীসকলে সহযোগীৰ ফালৰ পৰা লাভৰ মুখ দেখিব ৷ আপুনি যথেষ্ঠ সন্মান অৰ্জনত সফল হ’ব ৷

মকৰ ৰাশি: সকলো ছবিতে বিভিন্ন ৰং থকাৰ দৰে আপোনাৰ জীৱনো বিভিন্ন ৰঙেৰে ৰঙীন হৈ থাকিব ৷ ব্যৱসায়ী, চাকৰিয়াল শিক্ষাৰ্থী বা মহিলাসকলৰ জীৱন শান্ত ভাবে চলি থাকিব ৷ পৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত আপোনাৰ নাও কোনো সোঁতত নপৰাকৈ সুগমকৈ চলি থাকিব ৷ আপুনি চৰকাৰী কোনো মেৰপেচত নপৰে ৷ শৰীৰ ভালে থাকিব আৰু কোনো বিপদতো নপৰে ৷

কুম্ভ ৰাশি: আপোনাৰ বিপদৰ দিন আৰম্ভ হৈছে ৷ নতুন কাম হাতত নল’ব আৰু ভ্ৰমণ এৰাই চলক ৷ সমগ্ৰ দিন উদ্দিগ্নতাৰ মাজেদি পাৰ হ’ব ৷ মহিলাসকলে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ আপোনাৰ চাৰিওকাষে থকা আপোনাক উৎসাহ জনোৱা ব্যক্তি সকলক লগ কৰক ৷ কলাৰ লগত জড়িত সকলে নিজকে শান্ত ৰাখিবলৈ কলাসূলভ কামত জড়িত হওক, অথবা বিশিষ্ট ব্যক্তিৰ লগত আলোচনাত বহক যি আপোনাৰ জ্ঞান বৃদ্ধি কৰিব ৷ হঠাৎ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে ৷

মীন ৰাশি: সকলো সময়তে এক কঠিন হেঁচাৰ মাজত থকাৰ সময় ৷ বিভিন্ন ফালৰ পৰা বিপদ আহিব পাৰে ৷ ফলত আপোনাৰ শৰীৰ আৰু সম্পত্তিৰ বেয়া অবস্থা হ’ব পাৰে ৷ সেই বাবেই যিমান পাৰে ঠাণ্ডা হৈ থকাৰ চেষ্টা কৰক ৷ বিশেষকৈ মহিলাৰ লগত কথা পাতোতে সাবধান হওক ৷ চাকৰিয়াল সকলৰ বাবে অধিক বিপদৰ সময় ৷ সম্পত্তি বেচা-কিনাৰ ক্ষেত্ৰত বা গাড়ী কিনাৰ ক্ষেত্ৰত বিশেষভাবে সাবধান হোৱাৰ প্ৰয়োজন ৷

Last Updated : Nov 30, 2023, 9:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.