মেষৰাশি: আজিৰ দিনটো নিজৰ কথা বেছিকৈ ভাবি থকাৰ সলনি আনৰ কথা ভাবক । নিজৰ সাংসাৰিক দায়িত্ব পালন কৰাৰ সময়ত প্ৰত্যুৎপন্নমতি আৰু গঠনমূলক হওঁক । আনৰ সৈতে বিনম্ৰ আচৰণ কৰক । মতবিৰোধ আৰু বিতৰ্কৰ সৃষ্টি হ’বলৈ নিদিব । সময়ত আজি ভোজন কৰাটো টান হ’ব পাৰে । প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । সকলো প্ৰকাৰৰ আৰ্থিক বিষয়ত সজাগ থাকক ।
বৃষৰাশি: আৰ্থিক বিষয়ক লৈ পৰিকল্পনা আৰু সূচী তৈয়াৰ কৰাৰ কাৰণে গোটেই দিনটো আপুনি আৰ্থিক দায়িত্ব আৰু দায়বদ্ধতাৰ প্ৰতি সম্পূৰ্ণ মনোনিৱেশ কৰিব । আৰ্থিক দিশত লাভ হ’ব পাৰে ৷ আজি আপুনি উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব । শান্ত হৈ আজি আপুনি দিনটোৰ সকলো প্ৰত্যাহ্বানক সহজতে মোকাবিলা কৰিব পাৰিব । বিলাসী দ্ৰব্য, পাৰফিউম, কচমেটিক আদি ক্ৰয় কৰিব আৰু আনন্দ-ফূৰ্তি তথা মনোৰঞ্জনৰ নামত ব্যয়ৰ যোগ আছে । পৰিয়ালৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচাৰ ফলত আপোনাৰ আনন্দ আৰু পৰিতৃপ্তি বৃদ্ধি পাব ।
মিথুনৰাশি: আপোনাৰ কথা আৰু কামে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে । সতৰ্ক থাকক । নিজৰ আবেগ-অনুভূতিক নিয়ন্ত্ৰণ কৰি ৰাখক । স্বাস্থ্যৰ সমস্যাকো নুই কৰিব নোৱাৰি । বিশেষকৈ আপোনাৰ চকুৱে আমনি দিব । অপ্ৰত্যাশিত ঘটনাৰ বাবে সাজু থাকক । পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ’ব পাৰে । আপোনাৰ আয়তকৈ ব্যয় অধিক হ’ব পাৰে । প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ।
কৰ্কটৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু ফলদায়ক । বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো লাভদায়ক । বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দদায়ক মুহূৰ্ত উপভোগ কৰিব । আপুনি যদি অবিবাহিত তেতিয়াহ’লে বিবাহৰ যোগ আছে । আয়ৰ উৎস বৃদ্ধি পাব । অপ্ৰত্যাশিত সৌভাগ্য লাভৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । আৰ্থিক পৰিকল্পনা আৰু ব্যৱস্থাপনা সফলভাৱে বাস্তৱায়িত হ’ব । বাহিৰত ক’ৰবাত ফুৰিবলৈ যাব পাৰে বা ভ্ৰমণতো যাব পাৰে ।
সিংহৰাশি: কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু মৰ্যাদা বৃদ্ধি পাব । আপোনাৰ যোগ্যতাৰ বাবে পুৰস্কাৰ পাব পাৰে । আপুনি অত্যন্ত আত্মবিশ্বাসৰ সৈতে নিজৰ কামবোৰক চম্ভালি ল’ব পাৰিব আৰু সেইবোৰ সম্পন্ন কৰিব পাৰিব । পিতৃৰ পৰা বিশেষ উপকৃত হ’ব । বিভিন্ন ফালৰ পৰা লাভ আৰু সুযোগ-সুবিধা আহি থাকিব । স্থাবৰ আৰু অস্থাবৰ সম্পত্তি সম্বন্ধীয় বিষয় হাতত লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল ।
কন্যাৰাশি: আজি আপুনি হতাশা আৰু বিষণ্ণতাৰ চিকাৰ হ’ব পাৰে । সাজু থাকক । আজি আপোনাৰ মনক দুশ্চিন্তা আৰু উদ্বেগে আগুৰি ৰাখিব । আজি আপুনি অস্থিৰ অনুভৱ কৰিব, বিধ্বস্ত হোৱা যেন লাগিব নিজক, কামৰ প্ৰতি আগ্ৰহ নাথাকিব । সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা কোনো সহাঁৰি নাপাব আৰু তেওঁলোকৰ পৰা কোনো সাহায্যও নাপাব । প্ৰচণ্ড প্ৰতিযোগিতা আৰু শত্ৰুতাৰ ইংগিত আছে । সাৱধানে থাকক ।
তুলাৰাশি: আজি কাৰোবাৰ সৈতে তৰ্কত লিপ্ত হ’ব পাৰে । গতিকে সাৱধানে থাকক । ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক । বিনম্ৰ হৈ থাকক আৰু মানুহৰ সৈতে ভাল আচৰণ কৰক । শত্ৰুসকলৰ পৰা সাৱধান হওক । স্বাস্থ্যক লৈ যি ইচ্ছা তাকেই নকৰিব । অপ্ৰত্যাশিত লাভৰ তীব্ৰ যোগ আছে । গুপ্তবিদ্যা বা ৰহস্যবিদ্যাৰ সৈতে যুক্ত হ’ব পাৰে । ধ্যান কৰিলে শান্তি পাব ।
বৃশ্চিকৰাশি: আজি নিজৰ সকলো ৰক্ষণশীলতা পৰিত্যাগ কৰি আগুৱাই যাওঁক । নিত্য নৈমিত্তিক কামবোৰ এক-দুই দিনৰ বাবে পাহৰি গৈ আনন্দ-ফূৰ্তি কৰক, ৰং-ৰহইচ কৰক । আনন্দ কৰক ৷ এই আনন্দ উপভোগ কৰাৰ আপোনাৰ অধিকাৰ আছে । সৰু-সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰক, কোনো সংগ্ৰহালয়ত যাওঁক বা কফি খাওঁতে খাওঁতে কোনো বন্ধুৰ সৈতে কথা পাতক । আনন্দ-ফূৰ্তি, ভাল খোৱালোৱা কৰিলে গোটেই দিনটো আপোনাৰ ভালে যাব । এইবোৰ কৰিলে আপোনাৰ সামাজিক মৰ্যাদা আৰু সহকৰ্মীসকলৰ চকুত আপোনাৰ সন্মান বৃদ্ধি পাব । ইমান আনন্দ-ফূৰ্তি কৰাৰ পিছত আপুনি স্বাভাৱিকভাৱেই ৰাতি হ’লেই শিশুৰ দৰে টোপনি যাব । লঘু সংগীত শুনিবলৈ নাপাহৰিব ।
ধনুৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল । ঘৰোৱা পৰিৱেশ অত্যন্ত উজ্জ্বল আৰু উত্সাহজনক । আজি গোটেই দিনটো আপুনি তজবজীয়া আৰু প্ৰাণৱন্ত হৈ থাকিব । অফিচত কাম কৰি প্ৰচুৰ তৃপ্তি পাব । আপুনি চাকৰিয়ালেই হওঁক বা ব্যৱসায়ী আজিৰ দিনটো আপুনি অপ্ৰত্যাশিতভাৱে সহযোগিতা আৰু সহায়তা লাভ কৰিব । ঘৰৰ পৰা উত্সাহব্যঞ্জক সংবাদ পাব । প্ৰতিযোগী আৰু প্ৰতিপক্ষসকলে সেওঁ মানিব ।
মকৰৰাশি: আজি আপুনি দুশ্চিন্তাত থাকিব আৰু ক্লান্তি অনুভৱ কৰিব । আজি গোটেই দিনটো আপোনাৰ মন বেয়া হৈ থাকিব আৰু বিষণ্ণ হৈ থাকিব । কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত সৌভাগ্য আপোনাৰ উপৰত বৰ্ষিত নহয় আজি । ঊৰ্ধ্বতনসকলে আপোনাৰ কামত সন্তুষ্ট নহ’ব । বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাই পৰিস্থিতি আৰু বেয়া কৰিব । সন্তানৰ স্বাস্থ্যয়ে আপোনাক কিছু চিন্তাত পেলাব ।
কুম্ভৰাশি: নিজৰ আঁকোৰগোজ স্বভাৱক নিয়ন্ত্ৰণত ৰাখক । অত্যধিক আৱেগিক হোৱাটোয়ে আপোনাক অসুস্থ কৰি তুলিব পাৰে । অনাৱশ্যক বিপদৰ মুখত জাঁপ দি নিজৰ সুনাম নষ্ট নকৰিব । আবাসন বা সম্পত্তি সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব । মাতৃৰ দ্বাৰা লাভবান আৰু উপকৃত হোৱাৰ প্ৰবল সম্ভাৱনা আছে । বিদ্যায়তনিক আৰু বৃত্তিমূলক অধ্যয়নৰ বাবে দিনটো অত্যন্ত অনুকূল । আজি কোনো আৰ্থিক পৰিকল্পনা গ্ৰহণ কৰিলে সেয়া সফল হ’বই ।
মীনৰাশি: সৰ্বসন্মত সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটো ভাল । আপোনাৰ মনত আজি বহুত চিন্তা ভাৱনা আহিব । আপোনাৰ কল্পনাশক্তি সৰ্বোচ্চ শিখৰত থাকিব আৰু আলাপ-আলোচনাত আপুনি কাৰ্যকৰীভাৱে অংশগ্ৰহণ কৰিব । আপোনাৰ মনত এতিয়া যি নতুন নতুন চিন্তাৰ জন্ম হৈ আছে, তাৰ বাবে আপোনাৰ সৃজনশীলতাৰ উপকাৰ হ’ব । আপুনি কামত উৎকৰ্ষ সাধন কৰিব পাৰিব আৰু আপোনাৰ মানসিক স্থিৰতাৰ লগতে আত্মবিশ্বাসে আপোনাক অধিক উৎকৰ্ষ প্ৰদান কৰিব । স্বামীয়ে স্ত্ৰীৰ পৰা বা স্ত্ৰীয়ে স্বামীৰ পৰা সহযোগিতা পাই নিজক ধন্য মানিব । স্বামী-স্ত্ৰী দুয়োজনে একলগে কোনো পৰ্যটন স্থলত ফুৰিবলৈ যাব পাৰে ৷ যাৰ ফলত আপোনালোকৰ মাজত থকা সু-সম্পৰ্ক আৰু অধিক উজলি উঠিব । ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক উন্নত হ’ব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব ।