ETV Bharat / bharat

Daily Horoscope For 25th November: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 25th November
কেনে যাব আপোনাৰ আজিৰ দিনটো
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 6:01 AM IST

মেষ ৰাশি: আপোনাৰ বাবে এটা শুভ দিন । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব, সেই বাবে আপুনি আজি বৰ উচাহ-উদ্দীপনাৰে সৈতে নিজৰ কামবোৰ শেষ কৰিব । ধনৰ ক্ষেত্ৰত আজি শুভ । আজি আপুনি নিজৰ পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে দিনটো কটাব । মাতৃৰ পৰা উপকাৰ পোৱাৰ সম্ভাৱনা আছে । আজি আপোনাৰ ঘৰত বন্ধু আৰু আত্মীয়-স্বজনৰ উপস্থিতিয়ে আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব ।

বৃষ ৰাশি: আজি আপোনাৰ মূলমন্ত্ৰ হ’ব সাৱধানতা । সকলো প্ৰকাৰ দুশ্চিন্তাই আপোনাক আগুৰি ধৰিব । আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে । চকু সম্বন্ধীয় সমস্যা দেখা দিব পাৰে । আজি যি কামেই হাতত ল’ব, সেয়াই অসম্পূৰ্ণ হৈ ৰ’ব । আপুনি যিমান ভাবিছে তাতকৈ অধিক ব্যয় হ’ব । আপুনি সফল হ’ব বিচাৰিলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । দুৰ্ঘটনাত পতিত হ’ব পাৰে । সাৱধানে থাকক ।

মিথুন ৰাশি: প্ৰচুৰ লাভৰ যোগ আছে । বিবাহ কৰাৰ কথা ভাবি আছে যিসকলে তেওঁলোকে আদৰ্শ জীৱন সংগী পাব । আৰ্থিক লাভৰ সম্ভাৱনা আছে । বন্ধুসকলৰ সৈতে সাক্ষাৎ আনন্দদায়ক হ’ব । তেওঁলোকৰ পৰা আপুনি উপকৃত হ’ব পাৰে । তদুপৰি আপুনি নিজৰ ভাই-ভনী, পত্নী আৰু পুত্ৰৰ পৰাও উপকৃত হ’ব । বান্ধৱীসকলৰ কাৰণে কিবা কাম কৰিব পাৰে । আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব । নিজৰ বৃত্তিৰ জগতত লাভবান হ’ব ।

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ মনৰ বাবে অনুকূল । আজি আপুনি সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিব । আপোনাৰ ঊৰ্ধ্বতনসকলে আপোনাৰ কামত আনন্দ পাব । আপোনাৰ পদোন্নতিৰ যোগ আছে । আপুনি আজি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিব পাৰে । খোলা মনেৰে আপুনি হয়তো আজি নিজৰ পৰিয়ালৰ লোকৰ সৈতেও আলাপ-আলোচনা কৰিব পাৰে । অফিচৰ কামত ভ্ৰমণলৈ যাব পাৰে । মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব । চৰকাৰী লাভ আৰু সুযোগ পোৱাৰ সম্ভাৱনা আছে । আজি গোটেই দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া দিন হ’ব । আগতে আপুনি যি লক্ষ্যস্থিৰ কৰি থৈছে, সেয়া আজি পূৰণ হ’ব পাৰে । ধৰ্মীয় কাৰ্যকলাপত ব্যস্ত থাকিব পাৰে । তীৰ্থযাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে । আপুনি সামান্য আগ্ৰাসী হৈ উঠিব পাৰে । বিদেশত বসবাস কৰা আত্মীয়-স্বজনৰ খা-খবৰ পাব পাৰে । আপুনি খুব সম্ভৱ মানসিক অস্থিৰতাত ভুগিব পাৰে । সন্তান সম্বন্ধীয় দুশ্চিন্তাত ভুগিব পাৰে । ব্যৱসায়ীসকলে কিছু বাধা-বিপত্তিৰ মুখত পৰিব পাৰে ।

কন্যা ৰাশি: আজি নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ । নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিব লাগিব আপুনি । জাংক ফুড আৰু ৰেষ্টুৰেণ্টত খোৱা লোৱা বিশেষকৈ এৰাই চলক । মুখেৰে কিবা কওতে ভাবি চিন্তি ক’ব ৷ কিয়নো আজি আপোনাৰ হঠাৎ খং উঠিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে উত্তপ্ত আলোচনা কৰাৰ পৰা দূৰত থাকক । সম্ভৱ হ’লে পানীৰ পৰা দূৰত থাকক । ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে । বেআইনী বা চৰকাৰ-বিৰোধী কাম-কাজত লিপ্ত নহ’ব । কাজিয়া-বিবাদত জড়িত নহ’ব ।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ ভালে যাব । আজি আপুনি বিভিন্ন লোকৰ মাজত থাকিব । তেওঁলোকৰ সংগই আপোনাক উজ্জীৱিত কৰি তুলিব । আপোনাৰ বন্ধু আৰু পৰিয়ালৰ লোকে আপোনাৰ ভ্ৰমণক স্মৰণীয় কৰি তুলিব । নতুন কাপোৰ ক্ৰয় কৰিব পাৰে । আজি গোটেই দিনটো আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ থাকিব । সামাজিক সন্মান লাভ কৰিব পাৰে । সংগীৰ সৈতে শাৰীৰিকভাৱে ঘনিষ্ঠ হোৱাৰ ফলত আজিৰ দিনটো উত্তেজনাপূৰ্ণ হৈ উঠিব । ৰোমাণ্টিকভাৱে দিনটো কটাবলৈ সংগীৰ সৈতে বাহিৰত ক’ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ।

বৃশ্চিক ৰাশি: ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দপূৰ্ণ হৈ থাকিব । আজি আপুনি দিনটো শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব । ব্যয় হোৱাৰ সম্ভাৱনা নাই । অসুস্থতাত ভুগি থকা লোকসকলে আজি কিছু সুস্থ অনুভৱ কৰিব পাৰে । আপোনাৰ শত্ৰুসকলে আজি পৰাজিত হ’ব । অফিচত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব । পিতৃ-মাতৃৰ খা-খবৰ পাব । আৰ্থিক লাভৰ যোগ আছে । যিবোৰ কাম শেষ নোহোৱাকৈ ৰৈ আছে, সেইবোৰ আজি শেষ কৰিব পাৰিব ।

ধনু ৰাশি: আজি ভ্ৰমণ এৰাই চলক । আজি গোটেই দিনটো সন্তানৰ স্বাস্থ্য আৰু শিক্ষাক লৈ উদ্বিগ্ন হৈ থাকিব । নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক, কিয়নো নহ’লে আপুনি নিজৰ কাম শেষ কৰিব নোৱাৰা হ’ব । সাহিত্যৰ প্ৰতি আকৃষ্ট হ’ব পাৰে। প্ৰিয়জনৰ সৈতে সময় কটোৱাটো বৰ আনন্দদায়ক হ’ব । সংগীৰ সৈতে ৰোমাণ্টিক সময় কটাবলৈ ফুৰিবলৈ যোৱাৰ যোগ আছে । যিকোনো আলোচনাৰ পৰা দূৰত থাকক ।

মকৰ ৰাশি: আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী হৈ নাথাকিব পাৰে । ঘৰোৱা পৰিৱেশে আপোনাক নষ্টালজিক কৰিব পাৰে । প্ৰিয়জনৰ সৈতে কাজিয়া হ’ব পাৰে, যাৰ ফলত এক প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হ’ব পাৰে । বুকুৰ বিষে কষ্ট দিব পাৰে আপোনাক । আজি আপোনাৰ টোপনি ভাল হ’ব । আপুনি লাঞ্ছিত হ’ব পাৰে সেয়াহে এনেকুৱা পৰিস্থিতি এৰাই চলক । নাৰীৰ পৰা সাৱধান । পানীৰ পৰা দূৰত থাকক ।

কুম্ভ ৰাশি: আজি আপুনি মানসিকভাৱে উৎফুল্লিত অনুভৱ কৰিব পাৰে । আপুনি দুশ্চিন্তাৰ পৰা নিজকে মুক্ত কৰাৰ লগে লগে উৎফুল্লিত অনুভৱ কৰিব । আজি ভাই-ভনীৰ সৈতে কোনো অনুষ্ঠান বা কোনো ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপুনি আজি বৰ ভাল সময় কটাব । বন্ধু আৰু প্ৰিয়জনৰ সৈতে সাক্ষাতকাৰ হোৱাৰ সম্ভাৱনা আছে । আপুনি ওচৰতে ক’ৰবাত ফুৰিবলৈ যাব পাৰে । আপোনাৰ শত্ৰুসকলে আজি সেও মানিব । নাৰী ভাগ্য আপোনাৰ আজি উজ্জ্বল । আপোনাৰ সংগীৰ যৌন আকৰ্ষণে আজি আপোনাক সুখী কৰি তুলিব ।

মীন ৰাশি: প্ৰয়োজনতকৈ অধিক ব্যয় নকৰিব । আকৌ কোনেও যাতে আপোনাৰ আচৰণত আঘাত নাপায় তাৰ বাবে নিজৰ কথা-বতৰা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক । ধন সম্বন্ধীয় বিষয়ত আজি সতৰ্ক থাকক । আজি গোটেই দিনটো আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থা মধ্যমীয়া হৈ থাকিব । নেতিবাচক চিন্তাৰে নিজক বিষণ্ণ হ’বলৈ নিদিব । অধিক ভোজন এৰাই চলক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.