ETV Bharat / bharat

Daily Horoscope For 22st December: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily Horoscope For 22st December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 22st December
আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:55 AM IST

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী দিন । পৰিয়ালত শুভ অনুষ্ঠান হ’ব পাৰে । যিয়ে আপোনাক সেইসকল আত্মীয়, বন্ধুসকলক লগ পোৱাৰ সুযোগ দিব, যিসকলক আপুনি বহুদিন হ’ল লগ পোৱা নাই । তেওঁলোকৰ ফোন নম্বৰ বা ছ’চিয়েল নেটৱাৰ্কিং চাইটৰ আইডি ল’বলৈ নাপাহৰিব । ব্যৱসায় হওক বা আনন্দৰ কাৰণে হওক, নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বহুত ভাল । আপুনি এতিয়া যি কোনো কাম কৰাৰ বাবে অত্যন্ত উদ্যমী হৈ আছে । ক’ব গ’লে আপুনি ইমানেই উদ্যমী হৈ থাকিব যে কোনো পৰিকল্পনাৰ কথা ভালকৈ নুশুনাকৈয়ে সেয়া হাতত লৈ কাম আৰম্ভ কৰিব । কিন্তু এনে কাম ভুলতো নকৰিব ! যি কোনো বস্তু অত্যধিক হোৱাটো ভাল নহয় ! নিজৰ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক । কোনো কাম প্ৰয়োজনতকৈ অধিক নকৰিব ।

বৃষ ৰাশি: কিবা এটা কথাই আপোনাক এতিয়াও আমনি দি আছে, আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত ল’ব পৰা নাই । কাৰণ যিয়ে নহওক কিয়, এয়া আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মনত দুখ দি থাকিব । পৰিয়ালৰ মাজত সংঘাতৰ কথা তো ক’বই নালাগে । আপোনাৰ মনত আঘাত দিয়া কাৰণটো হ’ল আপুনি পৰিয়ালৰ লোকৰ পৰা সহযোগিতা পাব বুলি আশা কৰিছিলে । কথাবোৰ অলপ ভালকৈ চিন্তা কৰি চাওঁক, কিয় এনেকুৱা হৈ আছে । তেওঁলোকে কিয় আপোনাক বেয়া পাই আছে ? তেওঁলোকে কিয় আপোনাৰ প্ৰেম সম্পৰ্ক মানি লোৱা নাই ? এই সম্পৰ্ক আপোনাৰ কাৰণে কেনেকৈ ভাল হ’ব ? আপুনি প্ৰচণ্ড দুশ্চিন্তাত থাকিব এইবোৰ কথাক লৈ, এয়া আপোনাৰ কামতো বাধা সৃষ্টি কৰিব পাৰে । সাৱধানে থাকক ।

মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে আজিৰ দিনটো বৰ ভাল । আজি আপুনি য’তেই হাত দিব, তাতেই সোণ ফলিব । ইয়াৰ সুফল ভোগ কৰি যাওঁক । ব্যৱসায়-বাণিজ্যত ৰাজহ বৃদ্ধি হ’ব, বিনিয়োগ আদিৰ পৰা অত্যধিক লাভ পাব । বন্ধুসকলৰ দ্বাৰা উপকৃত হ’ব । তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকিব ! যিসকল বৃত্তিধাৰীয়ে নতুন আৰু আকৰ্ষণীয় কাম বিচাৰি আছে, তেওঁলোকে ক’ব গ’লে গুপ্তধনৰ সন্ধান পাই যাব । চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নিজৰ কামৰ বাবে প্ৰশংসিত হ’ব, তেওঁলোকৰ পদোন্নতি হ’ব পাৰে, কৰ্মক্ষেত্ৰত উন্নতি হ’ব পাৰে । বিবাহ প্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ আৰু বিবাহ বিচ্ছিন্নসকলে যদি দ্বিতীয় বিবাহৰ কথা ভাবি আছে, তেওঁলোকৰ কাৰণেও দিনটো শুভ । কোনো পাৰ্টিত যোৱাৰ আমন্ত্ৰণ পালে নোযোৱাকৈ নাথাকিব । সন্ধিয়া আৰু বহুতো সু-সংবাদ পাব ।

কৰ্কট ৰাশি: আপোনাৰ গ্ৰহ আজি অনুকূল অৱস্থানত বিৰাজ কৰি আছে, গতিকে আপোনাৰ সময়টো ভালে । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজি ভাগ্য ফলিব ! কালিৰে পৰা আপোনালোকে যি সৌভাগ্য উপভোগ কৰি আছে, সেয়া আজিও অব্যাহত থাকিব । হাঁহিমুখেৰে বিৰল উপহাৰ গ্ৰহণ কৰক । কৰ্মক্ষেত্ৰত আৰু ঘৰত সময়টো অতি উজ্জ্বল । আপুনি পৰিয়ালৰ লোকৰ সৈতে যে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই চলে, সেয়া এক উন্নত ধাৰণা আপোনাৰ বাবে । এই চিন্তাধাৰা আপোনাৰ মাজত বিনা বাধাৰে আহি থাকক, তেনে বিচাৰে নেকি ? ইয়াক উপভোগ কৰক ! মাতৃ আৰু তেওঁৰ জ্ঞান-অভিজ্ঞতাৰ দ্বাৰা উপকৃত হ’ব । এই সকলোবোৰ আপোনাৰ ব্যক্তিগত পৰিসৰক নান্দনিকভাৱে উন্নত কৰি তুলিব । অনুকূল গ্ৰহৰ প্ৰভাৱত আপোনাৰ সন্মান আৰু আৰ্থিক অৱস্থানৰ উন্নতি হ’ব ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । ক’ব গ’লে একো আকৰ্ষণীয় ঘটনা নঘটে ! গৱেষণাগাৰত কাম কৰি প্ৰত্যাশিত ফল পোৱাৰ বাবে আপুনি স্বাভাৱিকৰ তুলনাত অধিক কাম কৰিবলগীয়া হ’ব পাৰে, বা আপোনাৰ মনত যদি কোনো ৰূপৰেখা আছে, সেয়া বাস্তৱায়িত কৰাৰ কাৰণে আপোনাৰ স্বাভাৱিকৰ তুলনাত অধিক সময় লাগিব । ধৈৰ্য ধৰক । এইবোৰ গ্ৰহৰ কাৰণে হৈ আছে । এইবোৰ আপোনাক এলেহুৱা আৰু গোমা কৰি ৰাখিব । আপুনি অত্যধিক চিন্তাত পৰি থাকিব, শৰীৰ ভালে নাযাব বা ভাগৰুৱা অনুভৱ হ’ব । কিবা কথাত আপোনাৰ খং উঠিলেও সেয়া প্ৰকাশ নকৰিব । তৰ্ক-বিতৰ্ক কৰা মানুহৰ পৰা দূৰত থাকক । আজি তৰ্কালোচনা যিমানেই আকৰ্ষণীয় আৰু উত্তেজক নালাগক কিয়, এইবোৰত লিপ্ত হোৱাটো ভাল নহ’ব । এইবোৰৰ পৰা দূৰত থাকিব !

কন্যা ৰাশি: কি কথাত আপুনি ইমান ব্যতিব্যস্ত হৈ আছে ? আপোনাৰ মনত হয়তো অপেক্ষাকৃত কোনো বিদ্ৰোহাত্মক চিন্তা সক্ৰিয় হৈ আছে । আপোনাৰ বন্ধুসকলে আপোনাক খুব সম্ভৱ কোনো অলীক স্বপ্ন দেখুৱাইছে আৰু সেয়া আপোনাৰো সম্ভৱ ভাল লাগি গৈছে আৰু এতিয়া আপুনি সেই স্বপ্নক বাস্তৱায়িত কৰাৰ চেষ্টা কৰিবলৈ বিচাৰি আছে । ধৈৰ্য ধৰি চাওঁকচোন কি হয় ! কোনো বিষয় দেখাত যিমান সহজ যেন লাগে, আচলতে ইমান সহজ নহয়, সেইবোৰৰ পৰিণামো সুখকৰ যেন লাগিলেও তেনেকুৱা মুঠেও নহয় । গতিকে যিয়ে কৰিব ভাবি চিন্তি কৰিব । আপোনাৰ স্বৰূপ আৰু মূল্যবোধৰ বিৰুদ্ধত যোৱা কোনো কাম কৰিবলৈ নাযাব । এইবোৰ কৰিবলৈ গ’লে আপুনি বিপদতহে পৰিব । ব্যয় বৃদ্ধি হ’ব পাৰে আৰু পৰিস্থিতিও হতাশাজনক হ’ব পাৰে । বৰ বেছি উত্তেজিত হৈ নুঠিব, নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক । আপোনাৰ স্বাস্থ্যৰ মূল্য আছে ।

তুলা ৰাশি: আপোনাৰ প্ৰেম জীৱনত এক অতি উজ্জ্বল সময় আহি আছে । বিবাহিতসকলে নিজৰ জীৱনসংগী বা সংগিনীৰ প্ৰতি প্ৰেমক নতুনকৈ আৱিষ্কাৰ কৰিব যেন লাগিছে । অবিবাহিতসকলৰ বাবেও গ্ৰহ উজ্জ্বল হৈ আছে । প্ৰেমৰ দেৱতাই আপোনাৰ দুৱাৰত টুকুৰ মাৰিছে, বা ক’ব গ’লে আপোনালোকৰ ঘৰত সোমাবও পাৰে । আপোনাৰ আটাইতকৈ সুন্দৰ পোছাকযোৰ পৰিধান লওঁক আৰু আপোনাৰ সুন্দৰ গহনাবোৰো পিন্ধক । প্ৰিয়গৰাকীৰ সৈতে ভ্ৰমণো বৰ আনন্দদায়ক হ’ব । আপুনি জীৱনৰ এক সুন্দৰ সময় উপভোগ কৰিব । ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবেও সময়টো বৰ ভাল । আপোনাৰ সামাজিক মান বৃদ্ধি পাব পাৰে আৰু আপোনাৰ অভাৱনীয় সৌভাগ্য লাভ হ’ব পাৰে ।

বৃশ্চিক ৰাশি: পুৱাৰে পৰা আপুনি হঠাতে নিজক তজবজীয়া অনুভৱ কৰিব, চাৰিওফালে এক ইতিবাচক পৰিৱেশো অনুভৱ কৰিব । সেই কাৰণে আপোনাৰ বাবে ফুল অধিক সুগন্ধযুক্ত হৈ উঠিব, মলয় বতাহত অধিক শীতলতা অনুভৱ কৰিব আৰু নিজৰ প্ৰেয়সীৰ কণ্ঠ অধিক মধুৰ যেন লাগিব । আপুনি নিজেই আচৰিত হৈ যাব যে, আপোনাৰ লগত এইবোৰ কি হৈ আছে । হঠাতে সকলো বস্তু আপোনাৰ বাবে সুন্দৰ হৈ উঠিব । এনেকুৱা সাধাৰণতে আপোনাৰ লগত নহয় ! এই সময়টোক উপভোগ কৰক, আপোনাৰ গ্ৰহৰ অৱস্থান বহুত ভাল হৈ আছে । ভাল বস্তু যিমান পৰ থাকে, তাক উপভোগ কৰি যাওঁক ! অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব আৰু পিতৃ-মাতৃৰ পৰা উত্সাহজনক সংবাদ পাব । আৰ্থিক লাভৰ যোগ আছে । ৰৈ থকা কামবোৰ আপুনি অতি সহজতে সম্পন্ন কৰিব পাৰিব । বন্ধু আৰু পৰিয়ালৰ সৈতে জীৱনৰ ভাল বস্তুবোৰ ভগাই লওঁক ।

ধনু ৰাশি: আপোনাৰ গ্ৰহৰ জটিল অৱস্থান এতিয়াও ঠিক হোৱা নাই । সেই কাৰণে আপুনি অসুস্থ আৰু মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে । খোৱা-লোৱা সম্বন্ধে সতৰ্ক থাকক, কাৰণ হজম সম্বন্ধীয় অসুখ হোৱাৰ যোগ আছে । যোৱা দুই দিন ধৰি আপুনি যি উদ্বেগত ভুগি আছে, তাৰ কাৰণে এচিডিটিও হ’ব পাৰে । আপুনি অলপতে আৰম্ভ কৰা কোনো প্ৰকল্প বা কেইদিনমান আগতে দিয়া সাক্ষাতকাৰক লৈ হয়তো বৰকৈ চিন্তা কৰি আছে । এইবোৰৰ ফল পাবলৈ বিলম্ব হ’ব । আপুনি সন্তানক লৈয়ো হয়তো দুশ্চিন্তা কৰি আছে । দীঘলীয়া এক উশাহ লওঁক আৰু যি যেনেকৈ হৈ আছে, তাক তেনেকৈয়ে হৈ যাবলৈ দিয়ক । কিতাপ পঢ়া বা সৃজনশীল কামত শান্তি বিচাৰি লওঁক ।

মকৰ ৰাশি: আজিৰ দিনটো টোপনি টোপনি লাগি থাকিব, এলেহুৱা লাগি থাকিব । যাৰ ফলত আপুনি নিস্তেজ অনুভৱ কৰি থাকিব । আজিৰ দিনটো এনেকুৱা সৰু-সুৰা অসুবিধা লাগিয়ে থাকিব, বাধা-বিপত্তি আহিয়ে থাকিব । যাৰ ফলত আপুনি কোনো কামত ভালকৈ আগবঢ়ি যাব নোৱাৰিব বা কোনো কামত মনোযোগো দিব নোৱাৰিব । আনকি আপোনাৰ চাৰিওফালে থকা মানুহেও আপোনাক সহযোগিতা নকৰিব । আজি গোটেই দিন বহু সমস্যাত ভুগিবলগীয়া হ’ব ! ধৈৰ্য ধৰি থাকক আৰু সতৰ্ক থাকক । তৰ্কালোচনা হয়তো এটা শিল্প হ’ব পাৰে, এই শিল্পত আপোনাৰ পাৰদৰ্শিতাক লৈ আপুনি হয়তো নিজক লৈ গৰ্ব কৰিব পাৰে, কিন্তু এতিয়া এই পাৰদৰ্শিতা দেখুওৱাৰ সময় নহয় । তুচ্ছ বিষয়ক লৈ আলোচনাই সংঘাতৰ সৃষ্টি কৰিব পাৰে, যি আপোনাক আঘাত দিব, যাৰ বাবে আপুনি অপমানিত বোধ কৰিব । সাৱধানে থাকক ! আৰাম কৰক, টোপনি মাৰক ।

কুম্ভ ৰাশি: এতিয়া সৰহ ভাগ নেতিবাচক চিন্তা আপোনাৰ মনৰ পৰা আঁতৰি যাব একেবাৰে । আজিৰ দিনটো যোৱা এপষেকৰ আটাইতকৈ আনন্দদায়ক দিন হৈ উঠিব আপোনাৰ বাবে । আপুনি হাঁহি-ফূৰ্তিৰে থাকিব, আনন্দ অনুভৱ কৰিব আৰু আপোনাৰ ইচ্ছা হ’ব বাহিৰত ওলাই গৈ মানুহক লগ ধৰা । এই উত্সাহ, ইতিবাচক মনোভাৱ আৰু সৌভাগ্য কঢ়িয়াই অনা গ্ৰহৰ অনুকূলতাত আপুনি ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে বা পৰিয়ালক লৈ সৰু-সুৰাকৈ প্ৰমোদ ভ্ৰমণতো যাব পাৰে । আপুনি ভাই-ভনী আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ সংগ উপভোগ কৰিব । আপুনি নিজৰ সুস্বাস্থ্যকো উপভোগ কৰি যাব । বিদেশৰ পৰা আপোনাৰ কোনো ভাই বা ভনী বা কোনো ঘনিষ্ঠ বন্ধু আপোনাৰ ঘৰত আহিব পাৰে । আনন্দ কৰক !

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া । কিন্তু ইয়াৰ অজুহাতত আপুনি সেই দৈনন্দিন অভ্যাসবোৰক আওকাণ নকৰিব, যিবোৰ আপুনি অলপতে গঢ়ি তুলিছে । গ্ৰহৰ অৱস্থান সামান্য উন্নত হৈছে, কিন্তু এতিয়াও সম্পূৰ্ণকৈ ভাল হোৱা নাই । বাহিৰত খাবলৈ নাযাব । স্বাস্থ্যকৰ খাদ্য ৰান্ধক আৰু নিজক শাৰীৰিকভাৱে সুস্থ ৰাখক । মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য । মানসিক শান্তি অটুট ৰাখিবলৈ মেল নাপাতিব বা বিতৰ্কিত কথা-বতৰাত অংশ নল’ব । নেতিবাচক প্ৰভাৱৰ পৰা দূৰত থাকক । ক্ৰোধ আৰু মন্থৰ পৰাও দূৰত থাকক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.