মেষৰাশি: ভাগৰ আৰু এলাহ আজি আপোনাৰ ঘোৰ শত্ৰু ৷ যি আপোনাৰ শৰীৰ আৰু মনত প্ৰভাব পেলাব আৰু আপোনাক খঙাল কৰি তুলিব ৷ গতিকে যিবোৰ মানুহে কিছুমান অগতানুগতিক পৰিস্থিতিৰ সৃষ্টি কৰে তেনে মানুহৰ পৰা আতৰি থাকক ৷ কামসমূহ সঠিক সময়ত সমাপ্ত কৰিবলৈ চেষ্টা কৰক৷ ভ্ৰমণৰ যোগ আছে গতিকে কোনো তীৰ্থ যাত্ৰাত যাব পাৰে ৷
বৃষৰাশি: আজি দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক ৷ কাৰণ আজি আপুনি যথেষ্ঠ বাধাৰ সন্মুখীন হ’ব ৷ ভ্ৰমণৰ বাবে উচিত সময় নহয় ৷ নতুন কাম আৰম্ভ নকৰাই ভাল কাৰণ তাৰ বাবে আপুনি মনৰ পৰা সাজু হোৱা নাই ৷ শৰীৰৰ যত্ন লওক আৰু ঠিক সময়ত খোৱা আৰু টোপনি যাওক ৷ ধ্যান কৰক আৰু অলপ সময় অকলে থাকক, মনৰ অৱস্থাৰ উন্নতি হ’ব ৷
মিথুনৰাশি: আজি সমগ্ৰ দিনটো আপুনি ভাল খোৱা আৰু ভাল মানুহৰ মাজত থাকি আনন্দ কৰাৰ দিন৷ বন্ধু , সহযোগী বা সংগীৰ লগত ফুৰিবলৈ যাব পাৰে ৷ বজাৰ কৰা, প্ৰেম আৰু ৰাতিৰ আহাৰৰ বাবে বাহিৰলৈ গলে আনন্দ পাব ৷ গ্ৰহৰ প্ৰভাবত ভাল টোপনি আৰু শৰীৰৰ সুখ লাভ কৰিব ৷
কৰ্কটৰাশি: আপোনাৰ শত্ৰুৰ লগত জয়, মহিলা বন্ধুৰ লগ আৰু সন্মান বৃদ্ধিয়ে আপোনালৈ ভাল সময় কঢ়িয়াই আনিছে ৷ গণেশৰ কৃপাত আপুনি কৰা কষ্টৰ ভাল ফল লাভ কৰিব ৷ আজি আপোনাৰ বাবে এটা সম্ভাৱনাপূৰ্ণ দিন আৰু ঘৰত বা পৰিয়ালৰ লগত সময় কটোৱাৰ উত্তম সময় ৷ শৰীৰ সুস্থ থাকিব ৷
সিংহৰাশি: এটা শুভ দিন৷ গঠনমুলক কামৰ বাবে উত্তম সময় ৷ আপোনাৰ কল্পনাশক্তি বৃদ্ধি হ’ব আৰু আপুনি ভাল কিতাপ পঢ়া আৰু কবিতা লিখাত মনোনিবেশ কৰিলে সফল হ’ব ৷ হঠাৎ অন্তৰৰ অতি কাষৰ কোনো মানুহক লগ পাব আৰু তেওঁ আপোনাৰ বাবে অতি লাভজনক হ’ব ৷ দুৰৰ পৰা ভাল খবৰ পাব পাৰে ৷ শিক্ষাৰ ক্ষেত্ৰত খৰচ কৰিলে লাভাম্বিত হ’ব বন্ধুৰ ব্যবসায়ে আপোনালৈ লাভ কঢ়িয়াই আনিব ৷ সমাজৰ বাবে কিবা ভাল কাম কৰিব পাৰে নেকি চাওক যি আপোনক মানসিক সন্তুষ্টি প্ৰদান কৰিব ৷
কন্যাৰাশি: গোটেই দিনটো এলাহ ভাবে আপোনাৰ লগ নেৰিব৷ মূৰৰ বিষ, উদ্দিগ্নতা আদিত ভুগিব আৰু মাতৃৰ শৰীৰক লৈ চিন্তা আহিব ৷ প্ৰিয়জনৰ লগত সৰু কথাত তৰ্ক বিতৰ্কই আপোনাৰ মনক অসন্তুষ্টি প্ৰদান কৰিব ৷ পানীত থকা জীৱ আৰু আৰু অচিনাকি মহিলাৰ পৰা আতৰি থাকক ৷ আইনি কাগজ পত্ৰ বা মাটি সম্পত্তিৰ ক্ষেত্ৰত সাবধানে কাম হাতত লওক ৷
তুলাৰাশি: শুভ দিন৷ ভাতৃ ভগ্নীৰ লগত সম্পৰ্কৰ উন্নতি হ’ব তীৰ্থ ভ্ৰমণৰ পৰিকল্পনা হ’ব ৷ ধনৰ ক্ষেত্ৰত শুভ দিন ৷ দুৰৰ পৰা ভাল খবৰ আহিব আৰু পইচা জমা ৰাখিব পাৰিব ৷ পৰিয়ালৰ বিষয়ত ভাতৃৰ লগত হোৱা আলোচনাই ভাল ফল দেখুৱাব ৷ কামৰ বাবে হঠাতে কৰবালৈ যাব লগা হ’ব পাৰে আৰু কামত সফলতাও লাভ কৰিব৷ সুস্থ শৰীৰ আৰু মনৰ বাবে আনন্দ লাভ কৰিব ৷
বৃশ্চিকৰাশি: পৰিয়ালৰ লগত কোনো বিষয়ত ভুল বুজাবুজি অথবা কণ্ডল হ’ব পাৰে ৷ আপোনাৰ ফালৰ পৰা ভুল বুজাবুজি আতৰ কৰিবলৈ চেষ্টা কৰক ৷ নহলে আপুনি নিজকে দোষী অনুভৱ কৰি থাকিব৷ অদৰকাৰি খৰচ আৰু দুঃসাহসিক কাৰ্যৰ পৰা আতৰি থাকক ৷ দিনটো অতি সাধাৰনভাবে পাৰ হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলে অতিকৈ কষ্ট কৰিহে ফল লাভ কৰিব ৷
ধনুৰাশি: ধনৰ আগমন ঘটিব আৰু আপোনাক দিয়া কাৰ্য সঠিক সময়ত পুৰা কৰিব পাৰিব ৷ ভ্ৰমণ বিশেষকে ভক্তিমূলক ভ্ৰমণ শুভ হ’ব ৷ ভাতৃৰ ঘৰ বা প্ৰিয়জনৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত ভাগ লব পাৰিব ৷ তেওঁলোকক লগ পায় আনন্দ অনুভৱ কৰিব আৰু বৈবাহিক জীৱন সুখৰ হ’ব ৷ ভাল খাদ্য আৰু সুন্দৰ মনে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ ভাল কাম কৰিবলৈ কোনো কথাতে পিছ হুহকি দি নাথাকিব ৷
মকৰৰাশি: সৰু সুৰা দুৰ্ঘটনা আৰু মানসিক অশান্তিয়ে আগুৰি থাকিব দিনটো ৷ আপোনাৰ সন্তান , পৰিয়াল আৰু সহকৰ্মীসকলৰ ওপৰত উঠা খঙে আপোনাৰ শৰীৰত প্ৰভাব পেলাব ৷ খৰচৰ মাত্ৰা বৃদ্ধি হ’ব আৰু নিজকে ধৰ্মীয় বা সামাজিকভাবে অসহায় অনুভব কৰিব ৷ ভ্ৰমণ কৰি থাকক, কষ্ট কৰি ভাল ফল ভোগ কৰক ৷
কুম্ভৰাশি: লক্ষ্মী গোসানি আজি আপোনাৰ ওপৰত সূৰ্পসন্ন আছে, সামাজিক অৱস্থাৰ উন্নতি হ’ব ৷ গ্ৰহৰ প্ৰভাৱত ব্যবসায়ত উন্নতি হ’ব আৰু মহিলা বন্ধুৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ নতুন সম্পৰ্ক হ’ব পাৰে আৰু দুয়ো ভ্ৰমণত যোৱাৰ যোগ আছে ৷ বিবাহ প্ৰাৰ্থীসকলৰ বিবাহৰ প্ৰস্থাৱ আহিব আৰু বৈবাহিক সম্বন্ধ উন্নতি হ’ব ৷
মীনৰাশি: আজিৰ দিনটো ব্যৱসায়ৰ কাৰণে অনুকূল । আপুনি কষ্ট কৰি কাম কৰিলে সফলতা পাব আৰু আপোনাৰ ঊৰ্ধ্বতনসকলেও আপোনাৰ কামত সন্তুষ্ট হ’ব । পদোন্নতিৰ যোগ আছে । ব্যৱসায়ীসকলে আজি কেৱল লাভবানেই নহ’ব, তেওঁলোকে নিজৰ ক্ষেত্ৰত উত্কৰ্ষও সাধন কৰিব । পিতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । আপোনাৰ ঘৰৰ পৰিৱেশ আজি আনন্দমুখৰ হ’ব । আপোনাৰ উদাৰতা বিভিন্ন দিশত বিয়পি পৰিব ।