মেষ ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ আপুনি কষ্ট কৰিলেও ইয়াৰ ফল নাপাবও পাৰে ৷ চৰকাৰী কাম কাজত সফলতা লাভ ৷ শাৰীৰিক সমস্যাত ভুগিব পাৰে ৷
বৃষ ৰাশি: গণেশৰ কৃপাত আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে , আপুনি সফলতাৰ মুখ দেখিবই ৷ পিতৃৰ সহায়ৰ লাভ কৰিব ৷ ছাত্ৰ ছাত্ৰী সকলে সফলতাৰ বাবে কষ্ট কৰক ৷
মিথুন ৰাশি: গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফলতা অৰ্জন ৷ প্ৰতিবেশী আৰু বন্ধুৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা ৷ মতধাৰা সলনি হ'ব ৷ খৰচ বৃদ্ধি ৷
কৰ্কট ৰাশি: আজি আপুনি মানসিক আৰু শাৰিৰীক ভাবে দূৰ্বল অনুভব কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ'ব পাৰে ৷ মতবিৰোধৰ পৰা আঁতৰি থাকক ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাবলৈ কঠোৰ পৰিশ্ৰম কৰাটো উচিত ৷ বেয়া চিন্তাধাৰা মনলৈ আহিব নিদিব ৷
সিংহ ৰাশি: আত্মবিশ্বাস সম্পূৰ্ণৰূপে বৃদ্ধি পাব ৷ যিকোনো কামৰ বাবে অতি সহযে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক ময্যদা বৃদ্ধি ৷ মতবিৰোধৰ পৰা আঁতৰি থাকক ৷ শাৰীৰিক সমস্যাত ভুগিব পাৰে ৷
কন্যা ৰাশি: কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ সফল হʼব ৷ সন্ধিয়া সকলো অশান্তি দূৰ হ’ব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
তুলা ৰাশি: দিনটো প্ৰায় ভাল ৷ সফল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব ৷ ব্যক্তিগত জীৱন সুখৰ হ’ব ৷
বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব ৷ দিনটো আনন্দময় হ’ব ৷ প্ৰশংসা লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷
ধনু ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে আনন্দ লাভ কৰিব ৷ চিন্তাধাৰাবোৰ ভাল হʼব ৷ প্ৰশংসা লাভ ৷ দিনটো প্ৰায় ভাল হʼব ৷ ব্যস্ত কাৰ্যসূচিৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷
মকৰ ৰাশি: নিজৰ ওপৰত ভৰসা ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ গৌৰৱ অর্জন কৰিব ৷
কুম্ভ ৰাশি: দিনটো খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ সফল হʼব ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব ৷
মীন ৰাশি: আজি আপোনাৰ বাবে এটা পবিত্ৰ দিন ৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ'ব ৷ ঘৰত সুখ শান্তি বিৰাজ কৰিব ৷ আপোনাৰ সহকৰ্মীৰ সহযোগিতা সকলোক্ষেত্ৰতে লাভ কৰিব ৷ পিতৃৰ সহায় সহযোগিতা লাভ কৰিব ৷