মেষ ৰাশি: সৌভাগ্যশীল দিন ৷ কোনো ব্যৱসায়িক সহযোগীক ধাৰ দিব লগা থাকিলে সেয়া পৰিশোধ কৰিব ৷ বৰ্দ্ধিত ব্যৱসায়ত ধন বিনিয়োগৰ প্ৰয়োজন আছে ৷ শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত বিনিয়োগ কৰি লাভাম্বিত হ’ব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সংগীৰ স্বাস্থ্যৰ চিন্তাই সময় আৰু মনটোক আৱৰি থাকিব ৷
বৃষ ৰাশি: বিভ্ৰান্তিকৰ দিন ৷ সন্তানৰ শিক্ষাগত সফলতাৰ বাবে আনন্দ লাভ কৰিব ৷ কেতিয়াবা বিৰক্তি অনুভৱ কৰিব ৷ তৰ্কত লিপ্ত হ’ব পাৰে ৷ শান্ত হৈ থাকিব ৷ গাৰ্হস্থ্য জীৱনত সুখ লাভ কৰিব ৷
মিথুন ৰাশি: শান্ত মস্তিষ্কৰে থাকক; নেতিবাচক, নিৰাশাবাদী চিন্তাধাৰাৰ পৰা আতঁৰত থাকক ৷ বিৰতি লওক আৰু স্বাস্থ্য তথা পুষ্টিৰ যত্ন লওক ৷ অন্যথা বেমাৰী স্বাস্থ্য, অমনোযোগিতা, অসাৱধানতাৰ বাবে দুৰ্ঘটনা, অনিদ্ৰা আদিৰ শংকা থাকে ৷ ব্যয় বৃদ্ধি, সতৰ্ক হওক ৷ নিজকে অধ্যয়ন, সৃজনশীল কাৰ্য, প্ৰসাধন আদিত ব্যস্ত থাকক ৷
কৰ্কট ৰাশি: ব্যস্ততা বৃদ্ধি ৷ সম্পৰ্ক উন্নত হ’ব ৷ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক ৷ আৰ্থিক আৰু পেচাদাৰী ক্ষেত্ৰত সকলো উন্নত হ’ব ৷ যত্নবান হওক ৷ ভ্ৰমণত শুভ ৷
সিংহ ৰাশি: ধন অৰ্জনৰ বাবে শুভ ৷ দিনটো আনন্দৰে কটাব ৷ নতুন কোনো কাম কৰাৰ পৰা বিৰত থাকক ৷ কোনো বিবাদ বা আইনী যুদ্ধৰ পৰা বিৰত থাকক ৷ নতুন প্ৰকল্প সম্পৰ্কে কোনো সমস্যাৰ উদ্ভৱ হ’ব পাৰে ৷
কন্যা ৰাশি: শান্ত হৈ থাকক ৷ সুখী অনুভৱ কৰিব ৷ সহজেই ধন অৰ্জন কৰিব, ব্যৱসায়ৰ বাবেও অতি ফলদায়ক দিন ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা পোৱা সহযোগীতাই কাম অধিক সহজ কৰি তুলিব ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷
তুলা ৰাশি: ক্লান্ত আৰু মানসিক অশান্তি হ’ব পাৰে ৷ দিনটো কঠিন হ’ব ৷ পৰিয়ালৰ সমস্যাসমূহ সমাধান কৰাৰ প্ৰচেষ্টা কৰক ৷ কোনো অপ্ৰীতিৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ সৃজনশীল কামত নিজকে জড়িত কৰি ৰাখক ৷
বৃশ্চিক ৰাশি: বহুদিনীয়া কোৰ্ট কেচ বা সম্পত্তিৰ বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷ ঘৰত চলি থকা বিৰক্তিকৰ সমস্যা বা কিছুমান উত্তৰহীন প্ৰশ্নৰো অন্ত পৰিব ৷ ব্যৱসায়ৰ বাবে শুভ দিন ৷ প্ৰতিদ্বন্দীৰ ওপৰত জয় সাব্যস্ত কৰিব ৷ ভাতৃ-ভগ্নীৰ লগত ইতিবাচক সম্পৰ্ক স্থাপন হ’ব ৷ কোনো কথাত আঘাত অনুভৱ কৰিব পাৰে, অপমান বোধ হ’ব পাৰে বা ধনৰ ক্ষতি হ’ব পাৰে ৷ সচেতন হওক ৷ যত্ন লওক ৷
ধনু ৰাশি: শিক্ষাৰ্থী, শিক্ষাবিদ আৰু পৰীক্ষাৰ প্ৰস্তুতি কৰি থকাসকলৰ বাবে উপযোগী দিন ৷ সুস্থ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই দিনটো সহায় কৰিব ৷ শ্ৰেষ্ঠতা প্ৰদান কৰক, ফলাফল আশাপ্ৰদ হ’ব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলে আৰ্থিক সফলতা লাভ কৰিব ৷ আবেলি শান্ত আৰু আৰাম অনুভৱ কৰিব ৷ পৰিয়াল বা বন্ধুৰ সৈতে দিনটো আনন্দৰে কটাওক ৷
মকৰ ৰাশি: দাৰ্শনিকতা, আধ্যাত্মিকতা আৰু পৰম শক্তিমান ভগৱানৰ প্ৰতি জিজ্ঞাসা বৃদ্ধি পাব ৷ বিনিয়োগত লাভ বৃদ্ধি ৷ সুখ লাভ কৰিব ৷
কুম্ভ ৰাশি: মিশ্ৰিত ফলাফল লাভ কৰিব ৷ লক্ষ্যত সফল হ’ব ৷ ব্যয় বৃদ্ধি ৷ পৰিয়ালৰ লোকৰ লগত বিবাদ হ’ব ৷ সমস্যাসমূহ দূৰ হ’ব ৷ প্ৰশংসা লাভ ৷
মীন ৰাশি: মানসিক ভাৱে দিনটো দুটা ভাগত বিভক্ত হ’ব ৷ বাণিজ্যিক বিষয়ত সৌভাগ্যশীল হ’ব ৷ বিদেশ ভ্ৰমণত যোৱা বন্ধু বা পৰিয়ালৰ লোকৰ পৰা উপহাৰ পাব পাৰে ৷ ব্যৱসায়ৰ লগত জড়িত চৰকাৰী বা আইনী বিষয়ৰ বাবে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰক ৷ যত্ন কৰাৰ পিছতো কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে ৷ আধ্যাত্মিকতা আৰু প্ৰাৰ্থনাৰ মাজেৰে শান্তি লাভ কৰিব ৷