ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত গুলাবৰ তাণ্ডৱ হ্ৰাসৰ সম্ভাৱনা ! - ওড়িশাত ঘূৰ্ণীবতাহ

ঘূৰ্ণীবতাহ গুলাবৰ ফলত ইতিমধ্যে কেইবাখনো ৰাজ্যত প্ৰবল বৃষ্টিপাত হৈছে ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি, অন্ধ্ৰ প্ৰদেশত ঘূৰ্ণীবতাহ গুলাবৰ গতিবেগ হ্ৰাস হৈ নিম্নচাপলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে ৷ যাৰ ফলত ইয়াৰ ক্ষতিৰ মাত্ৰা হ্ৰাস পাব ৷

অন্ধ্ৰ প্ৰদেশত গুলাবৰ প্ৰভাৱ হ্ৰাসৰ সম্ভাৱনা !

author img

By

Published : Sep 27, 2021, 10:49 AM IST

নেশ্যনেল ডেস্ক, 27 ছেপ্তেম্বৰ : উত্তৰ অন্ধ্ৰ প্ৰদেশ আৰু দাঁতি কাষৰীয়া দক্ষিণ ওড়িশাত ইতিমধ্যে প্ৰৱেশ কৰিছে ঘূৰ্ণীবতাহ গুলাব ৷ সোমবাৰে পুৱতি নিশা ২.৩০ বজাত উত্তৰ অন্ধ্ৰ প্ৰদেশত প্ৰৱেশ কৰা ঘূৰ্ণিবতাহ গুলাবৰ গতিবেগ হ্ৰাস হৈ নিম্নচাপৰ সৃষ্টি কৰে ৷ যাৰ ফলত গুলাবৰ গতি পশ্চিম, উত্তৰ-পশ্চিম দিশলৈ সলনি হোৱাৰ সম্ভাৱনা আছে ৷

  • The Cyclonic Storm ‘Gulab’ over north Andhra Pradesh and adjoining south Odisha, weakened into a Deep Depression at 0230 hrs IST of 27th Sep over north Andhra Pradesh. It is likely to continue to move west-northwestwards and weaken further into a Depression during next 06 hrs. pic.twitter.com/ctXWoQXLBJ

    — India Meteorological Department (@Indiametdept) September 26, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তদুপৰি পৰৱৰ্তী ৬ ঘণ্টাত ইয়াৰ গতি হ্ৰাস হৈ ইয়াৰ প্ৰভাৱ কিছু হ্ৰাস হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই টুইটযোগে সদৰী কৰিছে এই কথা ৷

ইয়াৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ঘূৰ্ণীবতাহৰ সতৰ্কতাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF)ৰ সঞ্চালক প্ৰধান সত্যনাৰায়ণ প্ৰধানে ওড়িশাত ১৩ টা আৰু অন্ধ্ৰ প্ৰদেশত পাঁচটা দল (২৪ টা অতিৰিক্ত) উদ্ধাৰকাৰী দল মোতায়েন কৰাৰ কথা উল্লেখ কৰে ৷

লগতে চাওক: বিশ্ব পৰ্যটন দিৱস 2021

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.