ETV Bharat / bharat

নিভাৰ ঘূৰ্ণীবতাহ : পণ্ডিচেৰীক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰক ধন্যবাদ কিৰণ বেদীৰ

author img

By

Published : Nov 27, 2020, 1:41 PM IST

কেন্দ্ৰীয় চৰকাৰলৈ ধন্যবাদ জ্ঞাপন পণ্ডিচেৰীৰ লেফ্টেনেণ্ট গৱৰ্ণৰ কিৰণ বেদীৰ ৷ নিভাৰ ঘূৰ্ণীবতাহৰ মুখামুখি হ’বলৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক সমৰ্থন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দলৈ এখন পত্ৰ প্ৰেৰণ কৰে কিৰণ বেদীয়ে ৷

Cyclone Nivar: Kiran Bedi thanks Centre for support to Puducherry
নিভাৰ ঘূৰ্ণীবতাহ : পণ্ডিচেৰীক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰক ধন্যবাদ কিৰণ বেদীৰ

নিউজ ডেস্ক,27 নৱেম্বৰ : পণ্ডিচেৰীৰ লেফ্টেনেণ্ট গৱৰ্ণৰ কিৰণ বেদীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ নিভাৰ ঘূৰ্ণীবতাহৰ মুখামুখি হ’বলৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰক ধন্য়বাদ জ্ঞাপন কৰে কিৰণ বেদীয়ে ৷

পণ্ডিচেৰীৰ পৰা মাত্ৰ 34 কিলোমিটাৰ দূৰত্বত অৱস্থিত তামিলনাডুৰ মৰক্কানমত প্ৰৱেশ কৰা নিভাৰ ঘূৰ্ণীবতাহৰ পৰা হাত সাৰিবলৈ কেন্দ্ৰই কৰা সমৰ্থনক তেওঁ পত্ৰৰে ধন্যবাদ জ্ঞাপন কৰে ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্য়ৱস্থাপনা বিভাগৰ নীতি অনুসৰি, প্ৰশাসনে দুৰ্গম এলেকাৰ লোকসকলক এই ঘূৰ্ণীবতাহৰ প্ৰকোপৰ ৰক্ষা কৰিবলৈ,মাছ ধৰা নাওসমূহ সুৰক্ষিত কৰিবলৈ আৰু সুৰক্ষিত আশ্ৰয়স্থলী স্থাপনৰ বাবে সকলো সাৱধানতা অৱলম্বন কৰাত সহায় আগবঢ়াইছে ৷ পত্ৰযোগে কিৰণ বেদীয়ে এইদৰে উল্লেখ কৰে ৷

ইয়াৰোপৰি তেওঁ কয় যে,প্ৰশাসনিক এজেন্সীসমূহৰ বাবে পণ্ডিচেৰীত ঘূৰ্ণীবতাহৰ প্ৰভাৱ কমকৈ পৰা পৰিলক্ষিত হৈছে ৷

ইয়াৰ মাজতে তামিলনাডুত অহা নিভাৰ ঘূৰ্ণীবতাহে তিনি গৰাকী লোকৰ প্ৰাণ কাঢ়ি লোৱাৰ লগতে এই ঘূৰ্ণীবতাহৰ ফলত অন্য় তিনি গৰাকী লোক আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক : আৰৱ সাগৰত MiG-29K এয়াৰক্ৰাফ্ট দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.