ETV Bharat / bharat

Cyclone Mocha: আজি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল'ব মোচাই, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী - Mocha to intensify into severe cyclonic storm

ঘূৰ্ণীবতাহ মোচাই ১২ মে'ৰ সন্ধিয়াৰ ভিতৰত তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল'ব বুলি বতৰ বিজ্ঞান বিভাগে আশংকা ব্যক্ত কৰিছে (Cyclone Mocha effects)। ১৩ মে'ত ই চৰম পৰ্যায়ত উপনীত হ'ব । অৱশ্যে ১৪ মে'ৰ পৰা ইয়াৰ প্ৰভাৱ কিছু হ্ৰাস হ'ব বুলি আশা কৰা হৈছে ।

Cyclone Mocha to intensify into severe cyclonic storm by 12th May evening IMD
মোচাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী
author img

By

Published : May 12, 2023, 12:09 PM IST

নেশ্যনেল ডেস্ক, ১২ মে': ঘূৰ্ণীবতাহ মোচা বা মোখাক লৈ শংকিত দেশবাসী (Cyclone Mocha)। ইয়াৰ মাজতে দেশবাসীৰ বাবে আন এক উদ্বেগৰ খবৰ । ১২ মে'ৰ সন্ধিয়াৰ ভিতৰত এই তীব্ৰ ঘূৰ্ণীবতাহে ভয়ংকৰ ৰূপ ল'ব । ঘূৰ্ণীবতাহ পুনৰ ঘূৰি অহাৰ সম্ভাৱনা আছে আৰু ১২ মে'ৰ সন্ধিয়া মোচা কেন্দ্ৰীয় বংগোপসাগৰৰ ওপৰত অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল'ব । ১৩ মে'ত ই সৰ্বোচ্চ গতি ল'ব (Mocha to intensify into severe cyclonic storm)। এই ঘোষণা ভূৱনেশ্বৰৰ আইএমডিৰ জ্যেষ্ঠ বিজ্ঞানী সঞ্জীৱ দ্বিবেদীৰ । অৱশ্যে সমগ্ৰ পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ।

উল্লেখ্য যে কিছুদিন পূৰ্বৰে পৰা প্ৰচণ্ড ঘূৰ্ণীবতাহ মোচা বা মোখাক লৈ বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰি আহিছে । দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত এক নিম্ন চাপৰ সৃষ্টি হয় । এই নিম্ন চাপ ঘূৰ্ণীবতাহত পৰিণত হৈ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ উপকূলীয় অঞ্চলৰ ফালে আগবাঢ়িব বুলি আশা কৰা হৈছিল (IMD on Mocha)। এই ঘূৰ্ণীবতাহ ১১ মে'ৰ ভিতৰত উত্তৰ-উত্তৰ-পশ্চিম দিশে পূব-মধ্য বংগোপসাগৰৰ ফালে আৰু তাৰ পাছত উত্তৰ-উত্তৰ-পূব দিশে বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে বুলি কৈছিল বতৰ বিজ্ঞান বিভাগে ।

শেহতীয়াকৈ বতৰ বিজ্ঞান বিভাগে স্পষ্ট কৰি দিছে যে বংগোপসাগৰত ঘূৰ্ণীবতাহ মোচায়ে এক ভয়ংকৰ ৰূপ লৈছে । দক্ষিণ-পূব উপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহ যোৱা ৬ ঘণ্টাত ৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰে উত্তৰ-পশ্চিম দিশে গতি কৰি আছে । আইএমডিয়ে কোৱা মতে বংগোপসাগৰৰ ওপৰত গভীৰ চাপৰ ঘূৰ্ণীবতাহ মোচালৈ পৰিণত হৈছে । ইয়াৰ ফলত বাংলাদেশ আৰু ম্যানমাৰত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

ইফালে মোচাৰ বাবে আন্দামানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে বিষয়াসকলে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ১২ মে'ৰ সন্ধিয়াৰ পৰা ১৩ মে'লৈ মোচাৰ গতি বৃদ্ধি পাব আৰু ১৪ মে'ৰ পুৱাৰ পৰা ইয়াৰ শক্তি সামান্য দুৰ্বল হ'ব । এই ঘূৰ্ণীবতাহে কক্সবজাৰ আৰু কিয়াউকপিয়ুৰ মাজত দক্ষিণ-পূব বাংলাদেশ আৰু উত্তৰ ম্যানমাৰৰ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । প্ৰতি ঘণ্টাত ১২০-১৩০ কিলোমিটাৰ বেগত ই গতি কৰিব পাৰে বুলিও বিভাগটোৱে আশংকা কৰিছে ।

যাৰবাবে উপকূল অঞ্চলবোৰত ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে । মাছমৰীয়াসকলক সতৰ্ক কৰাৰ লগতে উপকূলীয় অঞ্চলৰ লোকসকলক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰো আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক :Cyclone Mocha : বাংলাদেশ-ম্যানমাৰ উপকূলৰ ফালে গতি কৰাৰ সম্ভাৱনা ঘূৰ্ণীবতাহ মোচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.