ETV Bharat / bharat

Cyclone Biparjoy : গিৰ সোমনাথৰ ৬ টাকৈ ঘৰ ভাঙিলে ঘূৰ্ণীবতাহ বিপৰ্যয়ে - Cyclone Biparjoy in India

গুজৰাটত বিপৰ্যয়ৰ প্ৰভাৱ আৰম্ভ হৈছে । সাগৰৰ প্ৰচণ্ড ঢৌৰ ফলত ৬ টাকৈ ঘৰ খহি পৰে । গৃহহীন লোকসকলক সুৰক্ষিত স্থানত স্থানান্তৰ ।

Cyclone Biparjoy
গিৰ সোমনাথৰ ৬ টাকৈ ঘৰ ভাঙিলে ঘূৰ্ণীবতাহ বিপৰ্যয়ে
author img

By

Published : Jun 13, 2023, 4:43 PM IST

নেশ্যনেল ডেস্ক,১৩ জুন : দেশত আৰম্ভ হৈছে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰভাৱ । ভাৰতীয় উপকূলত ইতিমধ্যে খুন্দা মাৰিছে ঘূৰ্ণীবতাহ বিপৰ্যয়ে । জানিব পৰা মতে যোৱা নিশা গুজৰাটৰ গিৰ সোমনাথ জিলাৰ কোডিনাৰ মাধৱাদ গাঁৱত প্ৰচণ্ড সাগৰীয় ঢৌৰ ফলত ৬ টাকৈ ঘৰ ধ্বংসস্তুপত পৰিণত হয় । ধ্বংস হোৱা ঘৰকেইটাৰ বাসিন্দাক মন্দিৰ, প্ৰাথমিক বিদ্যালয় আৰু সামূহিক স্থানত আশ্ৰয় দিয়া হৈছে ।

ঘূৰ্ণীবতাহৰ বিধ্বংসী প্ৰভাৱ ইতিমধ্যে আৰম্ভ হৈছে । সাগৰীয় ঢৌৰ ফলত ভাগি যোৱা ঘৰকেইটাৰ পৰিয়ালসমূহ গৃহহীন হৈ পৰিছে । উল্লেখ্য যে অঞ্চলটোৰ লোকসকলে বহু বছৰ ধৰি স্থানান্তৰৰ বাবে অনুৰোধ কৰি আহিছিল কিন্তু অৱশেষত প্ৰকৃতিৰ ৰোষত পৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালসকলৰ মাজত ।

উল্লেখ্য যে মাধৱাদ গাঁও মাছমৰীয়া সম্প্ৰদায়ৰ এখন গাঁও । গাঁওখন উপকূলত অৱস্থিত সেয়েহে বাৰিষাৰ দিনবোৰতো সাগৰৰ পানী মানুহৰ ঘৰত প্ৰৱেশ কৰে । ঘূৰ্ণীবতাহৰ দৰে কঠিন পৰিস্থিতিত চৰকাৰী সহায় নোপোৱাৰ পাছতে গাঁওখনৰ ৰাইজে ক্ষোভিত হৈ পৰিছে । বহু বছৰ ধৰি তেওঁলোকে দাবী কৰি আহিছে যে চৰকাৰে তেওঁলোকক উপকূলীয় অঞ্চলৰ পৰা স্থায়ীভাৱে আন সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব লাগে । কিন্তু এতিয়ালৈকে তেওঁলোকৰ সমস্যাৰ কোনো সমাধান হোৱা নাই । যাৰ বাবে চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ বিৰুদ্ধে গাঁৱৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে ঘটনাৰ পাছতে তালুকা উন্নয়ন বিষয়া ৱাই এম সিঙে ক্ষতিৰ বুজ ল'বলৈ গাঁওখনত উপস্থিত হৈছে । বিষয়াগৰাকীয়ে কোৱা মতে সাগৰৰ ঢৌৰ বাবে ৬ টা ঘৰ খহি পৰিছে । ইয়াৰ উপৰিও, উপকূলীয় অঞ্চলত এতিয়াও ১০০ তকৈও অধিক ঘৰ আছে । যদি এই ঘৰবোৰত বাস কৰা লোকসকলক স্থানান্তৰ কৰাৰ পৰিস্থিতি হয়, তেন্তে প্ৰায় ১৫০০ ৰ পৰা ২০০০ লোকক মাধৱাদ গাঁৱৰ পৰা স্থানান্তৰ কৰিব লাগিব । বৰ্তমান, সাগৰীয় ঢৌৰ ফলত যিসকল লোকৰ ঘৰ খহি পৰিছে তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক :Cyclone Biparjoy : গুজৰাটত হাই এলাৰ্ট; সুৰক্ষিত স্থানলৈ প্ৰেৰণ উপকূলৰ বাসিন্দাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.