নিউজ ডেস্ক, 18 ডিচেম্বৰ : শেহতীয়াকৈ পাঁচ ৰাজ্যৰ নিৰ্বাচনত চাৰিখন ৰাজ্যত ধূলিসাৎ হোৱা পাচত বিমোৰত পৰিছে কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব ৷ ইফালে সমাগত লোকসভা নিৰ্বাচন, সেয়ে চাৰি ৰাজ্যত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণ মন্থন কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে আঁসোৱাহসমূহ দূৰ কৰিব বিচাৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷
সেয়ে ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানক লৈ 21 ডিচেম্বৰত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এখন বিশেষ বৈঠক আহ্বান কৰিছে দলটোৰ নেতৃত্বই ৷ কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠকতে আগন্তুক দিনৰ হ’ব লগা লোকসভা নিৰ্বাচনত দলটোৰ ৰণকৌশল সম্পৰ্কে আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
এ আই চি চি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগা বৈঠকত উপস্থিত থাকিব দলটোৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধীসহ আন কেইবাজনো দলৰ শীৰ্ষ নেতা ৷ উক্ত বৈঠকতে মধ্যপ্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু মিজোৰামত শেহতীয়াকৈ দলটোৰ পৰাজয়ৰ কাৰণ বিশ্লেষণ আৰু কিছু কামৰ সংশোধনৰ লগতে ‘24ত বিজেপিক পৰাভূত কৰিবলৈ হ’লে ৰাইজ মাজলৈ কি বাৰ্তা লৈ যোৱা হ’ব সেই সন্দৰ্ভত বৈঠকতে বিশ্লেষণ কৰাৰ সম্ভাৱনা আছে ৷
নিবনুৱাৰ সমস্যা আৰু মূল্যবৃদ্ধিকলৈও ৰাহুল গান্ধীয়ে পূবৰ পৰা পশ্চিমলৈ পুনৰ এক যাত্ৰা কৰাৰ সন্দৰ্ভতো চি ডব্লিউ চিৰ বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ আনহাতে, কংগ্ৰেছৰ চি ডব্লিউ চি বৈঠকৰ পূৰ্বে 19 ডিচেম্বৰত নতুন দিল্লীত I.N.D.I.A মিত্ৰজোঁটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব ৷ উক্ত বৈঠকতে আসন ভাগ বতৰা আৰু যুটীয়া ৰেলী সম্পৰ্কত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ সেয়ে দুয়োখন বৈঠকে কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷
লগতে পঢ়ক : 'উত্তৰ প্ৰদেশ জোড়ো যাত্ৰা'ৰ পুনৰীক্ষণ কৰিব ৰাহুল, প্ৰিয়ংকাই