ETV Bharat / bharat

কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছেঃ মোদী

author img

By

Published : Nov 29, 2020, 5:27 PM IST

Updated : Nov 29, 2020, 5:36 PM IST

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাহেকীয়া অনাতাঁৰ কাৰ্যসূচী ৭১ সংখ্যক 'মন কী বাত'ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। কেইবা দশক পূৰ্বে ভাৰতৰ পৰা চুৰি হোৱা দেৱী অন্নপূৰ্ণাৰ প্ৰাচীন প্ৰতিমা এতিয়া কানাডাৰ পৰা আনি থকা হৈছে বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছেঃ মোদী
কৰ'ণাসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছেঃ মোদী

নেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৭১ সংখ্যক 'মন কী বাত' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি ঐতিহাসিক সমল সংৰক্ষণ কৰাত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । তেওঁ কয় যে, 'COVID-19 মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ সময়ৰ সৈতে মোকাবিলা কৰাত সংস্কৃতিয়ে গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে ।' কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতো সকলোৱে অভিনৱ ধৰণেৰে বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰিলে । তেওঁ কয় যে, মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতো কেইদিনমান পূৰ্বে আমি বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰিলো । সংকটৰ সময়ত সংস্কৃতিৰ মূল্য আমি বুজিছো ।

প্ৰযুক্তিবিদ্যাৰ জৰিয়তে অভিনৱ ধৰণে এইবাৰ বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা দেখা গৈছে । সংস্কৃতিয়ে আবেগিকভাৱে মানুহৰ মনত কাম কৰাৰ শক্তি আনি দিয়ে । বৰ্তমান দেশৰ বহু সকলো সংগ্ৰাহালয় আৰু পুথিভঁৰাল ডিজিটেল ব্যৱস্থাৰ জৰিয়তে উন্নীত কৰাৰ প্ৰয়াস কৰি থকা হৈছে । এই প্ৰসংগত তেওঁ উল্লেখ কৰে যে, 'নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰাহালয় কৰ্তৃপক্ষই ১০টা ভাৰ্চুৱেল গেলাৰী আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে । আপুনি নিজৰ ঘৰৰ পৰা এই গেলাৰীসমূহৰ আমেজ ল'ব পাৰিব।'

লগতে তেওঁ কয় যে, 'নৰৱেৰ উত্তৰ দিশত স্বালবাৰ্ড নামৰ এটা দ্বীপ আছে । এই দ্বীপটোত আৰ্কটিক ৱৰ্ল্ড এচিভ নামৰ এক প্ৰজেক্ট স্থাপন কৰা হৈছে । ইয়াত অমূল্য ঐতিহাসিক ডাটাসমূহ এনেদৰে সংগ্ৰহ কৰা হৈছে যে, প্ৰাকৃতিক অথবা মানৱ নিৰ্মিত সংকটক প্ৰভাৱিত কৰিব পাৰে । এই পৰিযোজনাত অজন্তা গুহাৰ ঐতিহ্যকো ডিজিটেল ৰূপত সংৰক্ষণ কৰা হৈছে ।'

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেৱী অন্নপূৰ্ণাৰ প্ৰাচীন প্ৰতিমা ঘূৰাই অনা সন্দৰ্ভত কয় যে, 'মই আজি আপোনালোকক কেইটামান ভাল খবৰ দিব বিচাৰিছো । প্ৰত্যেক ভাৰতীয়ই এই বিষয়ে জানি সুখী হ'ব যে দেৱী অন্নপূৰ্ণাৰ প্ৰাচীন প্ৰতিমা কানাডাৰ ভাৰতলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হৈছে । প্ৰায় ১০০ বছৰ পূৰ্বে ১৯১৩ চনত বাৰানসীৰ এটি মন্দিৰৰ পৰা এই মূৰ্ত্তিভাগ চুৰি হৈছিল। বিদেশলৈ সৰবৰাহ কৰা হৈছিল । দেৱীৰ মূৰ্ত্তিভাগ উভতাই অনাত সহায় কৰা ব্যক্তিসকল আৰু কানাডাৰ চৰকাৰক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো । দেৱী অন্নপূৰ্ণাৰ মূৰ্ত্তি দেশলৈ উভতি অহাতো আমাৰ সকলোৰে বাবে আনন্দৰ বিষয় ।'

তেওঁ কয় যে, 'দেৱীৰ প্ৰতিমাৰ দৰে আমাৰ দেশৰ বহু ঐতিহাসিক স্মৃতি বহন কৰা মূল্যৱান অলংকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰৰ দৃষ্টি নিবদ্ধ হৈ আছে । এই চুৰি চক্ৰই মূল্যৱান অলংকাৰবোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত উচ্চ দৰত বিক্ৰী কৰে।' ভাৰত চৰকাৰে সম্প্ৰতি এই সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কেৱল সৰবৰাহ বন্ধ কৰাই নহয়, ভাৰতৰ ঐতিহাসিক সমল ঘূৰাই অনাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:মন কী বাতঃ কৃষকৰ কল্যাণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ

Last Updated : Nov 29, 2020, 5:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.