নেশ্যনেল ডেস্ক, ১৬ জুন : অন্ধ্ৰ প্ৰদেশ (Andhra Pradesh)ত চি পি আই (মাওবাদী) আৰু আৰক্ষীৰ সংঘৰ্ষত নিহত হ'ল ৬ জন মাওবাদী (Maoists) । বিশাখাপট্টনমৰ মাম্পাৰ থিগালামেট্টা বনাঞ্চলত এই সংঘৰ্ষ হৈছিল । বুধবাৰে বনাঞ্চলৰ পৰা মাওবাদীকেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।
জানিব পৰা মতে, আৰক্ষীয়ে উক্ত বনাঞ্চলত অভিযান চলাইছিল । এতিয়ালৈকে মহিলাসহ চি পি আই (মাওবাদী)ৰ ৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে । আৰক্ষীয়ে এ কে-১(AK-1), এছ এল আৰ-০১(SLR-01), কাৰ্বাইন-০১(Carbine-01), ৩০৩ ৰাইফল-০৩, তাপঞ্চা-০১ জব্দ কৰিছে বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিছে ।
লগতে পঢ়ক:পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল তাজমহল